--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰলতা মানুহৰ প্ৰধান অলংকাৰ। সহজ-সৰল, বিনয়ী মানুহে সহজতে মানুহৰ হৃদয়ত স্থান দখল কৰে। শেহতীয়াকৈ এখন ফটো ভাইৰেল হৈছে। সেই ফটো সুধা মূৰ্তিৰ। সুধা মূৰ্তি হৈছে 'Infosys'ৰ সংস্থাপক। বিশ্বখ্যাত নাৰায়ণ মূৰ্তি তেওঁৰ স্বামী। সুধা মূৰ্তিৰ জোঁৱাই ঋষি সুনক ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী।
Sudha Murthy offering 'pongala' at the Attukal Bhagavathy Temple in Thiruvananthapuram. Credit: Special arrangement
সুধা মূৰ্তি বহু প্ৰতিভাসম্পন্ন মহিলা আৰু বিশ্বৰ শক্তিশালী নাৰীসকলৰ ভিতৰত অন্যতম হিচাপে পৰিচিত। কিন্তু সুধা মূৰ্তি যিটোৰ বাবে আটাইতকৈ বেছি পৰিচিত সেয়া হ’ল তেওঁৰ নম্ৰতা আৰু বিনয়। বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ফটোখনত তেওঁক খালী ভৰিৰে মজিয়াত বহি সাধাৰণ মহিলাৰ দৰে কিবা ৰান্ধি থকা গেখা গৈছে। কেৰালাৰ তিৰুৱন্তপুৰৰ আট্টুকাল ভাগৱতী মন্দিৰত বহু মহিলাৰ মাজত মন্দিৰৰ চৌপাশতে মাটিত বহি 'পোংগালা' নামৰ এটা ধৰ্মীয় উৎসৱৰ বাবে প্ৰসাদ তৈয়াৰ কৰি আছিল সুধা মূৰ্তিয়ে। 
Sudha Murty's picture of preparing pongala has gone viral
সেই সময়ত আন মহিলাসকলে তেওঁক চিনিয়ে নাপালে। পাছত মালয়ালম অভিনেত্ৰী চিপ্পী ৰেঞ্জিথ আৰু কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে তেওঁৰ সৈতে ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰাৰ পাছত বিষয়টো ভাইৰেল হৈ পৰে। 
Image
সুধা মূৰ্তি প্ৰায় ৩ হাজাৰ কোটি টকা সম্পত্তিৰ গৰাকী। 'পদ্মশ্ৰী','পদ্মভূষণ' সন্মানেৰে জীৱন মহীয়ান হোৱা সুধা মূৰ্তি এগৰাকী শিক্ষাবিদ, লিখক, চিন্তাবিদো। এনে এগৰাকী মহিলাৰ এই সৰলতা আৰু বিনয়ে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। আকাশ চুয়ো যাৰ ভৰি সদায় মাটিত থাকে তেনে মানুহৰ প্ৰতি মানুহৰ সদায় বিশেষ সন্মান থাকে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ