--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰলতা মানুহৰ প্ৰধান অলংকাৰ। সহজ-সৰল, বিনয়ী মানুহে সহজতে মানুহৰ হৃদয়ত স্থান দখল কৰে। শেহতীয়াকৈ এখন ফটো ভাইৰেল হৈছে। সেই ফটো সুধা মূৰ্তিৰ। সুধা মূৰ্তি হৈছে 'Infosys'ৰ সংস্থাপক। বিশ্বখ্যাত নাৰায়ণ মূৰ্তি তেওঁৰ স্বামী। সুধা মূৰ্তিৰ জোঁৱাই ঋষি সুনক ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী।
Sudha Murthy offering 'pongala' at the Attukal Bhagavathy Temple in Thiruvananthapuram. Credit: Special arrangement
সুধা মূৰ্তি বহু প্ৰতিভাসম্পন্ন মহিলা আৰু বিশ্বৰ শক্তিশালী নাৰীসকলৰ ভিতৰত অন্যতম হিচাপে পৰিচিত। কিন্তু সুধা মূৰ্তি যিটোৰ বাবে আটাইতকৈ বেছি পৰিচিত সেয়া হ’ল তেওঁৰ নম্ৰতা আৰু বিনয়। বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ফটোখনত তেওঁক খালী ভৰিৰে মজিয়াত বহি সাধাৰণ মহিলাৰ দৰে কিবা ৰান্ধি থকা গেখা গৈছে। কেৰালাৰ তিৰুৱন্তপুৰৰ আট্টুকাল ভাগৱতী মন্দিৰত বহু মহিলাৰ মাজত মন্দিৰৰ চৌপাশতে মাটিত বহি 'পোংগালা' নামৰ এটা ধৰ্মীয় উৎসৱৰ বাবে প্ৰসাদ তৈয়াৰ কৰি আছিল সুধা মূৰ্তিয়ে। 
Sudha Murty's picture of preparing pongala has gone viral
সেই সময়ত আন মহিলাসকলে তেওঁক চিনিয়ে নাপালে। পাছত মালয়ালম অভিনেত্ৰী চিপ্পী ৰেঞ্জিথ আৰু কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে তেওঁৰ সৈতে ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰাৰ পাছত বিষয়টো ভাইৰেল হৈ পৰে। 
Image
সুধা মূৰ্তি প্ৰায় ৩ হাজাৰ কোটি টকা সম্পত্তিৰ গৰাকী। 'পদ্মশ্ৰী','পদ্মভূষণ' সন্মানেৰে জীৱন মহীয়ান হোৱা সুধা মূৰ্তি এগৰাকী শিক্ষাবিদ, লিখক, চিন্তাবিদো। এনে এগৰাকী মহিলাৰ এই সৰলতা আৰু বিনয়ে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। আকাশ চুয়ো যাৰ ভৰি সদায় মাটিত থাকে তেনে মানুহৰ প্ৰতি মানুহৰ সদায় বিশেষ সন্মান থাকে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত