--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সদ্যঘোষিত ইউপিএছচিৰ ফলাফলত নয়ডাত অধ্যয়ন কৰা ৱাৰ্দাহ খানে ১৮সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁৰ মতে সফলতাৰ বাবে অবিৰতভাৱে পঢ়া-শুনা কৰাটো প্ৰয়োজনীয়, কোনো কোনো দিনত পঢ়াৰ সময় কম হ’ব পাৰে আৰু কিছুমান দিনত বেছি হ’ব পাৰে, কিন্তু অবিৰতভাৱে অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয়। মূলতঃ প্ৰয়াগৰাজৰ ৱাৰ্দাহ খানে নয়দাৰ ছেক্টৰ-৮২ৰ বিবেক বিহাৰত আত্মীয়ৰ সৈতে থাকি ইউপিএছচিৰ বাবে প্ৰস্তুতি চলাইছিল। প্ৰথম প্ৰচেষ্টাত উত্তীৰ্ণ হ’ব নোৱাৰিলেও দ্বিতীয় প্ৰচেষ্টাত অল ইণ্ডিয়া ১৮সংখ্যক ৰেংক দখল কৰে।

ৱাৰ্ডাহ খানে কয় যে তেওঁ ছ’চিয়েল মিডিয়া ইতিবাচকভাৱে ব্যৱহাৰ কৰি ইউপিএছচিৰ বাবে প্ৰস্তুতি চলাইছিল। প্ৰথমে প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল, তাৰ পাছত মেইনছ আৰু ইন্টাৰভিউতো ভাল নম্বৰ পাইছিল। তেওঁ কয় যে তেওঁৰ অগ্ৰাধিকাৰ হৈছে বিদেশ সেৱাত যোগদান কৰা। প্ৰশিক্ষণ লোৱাৰ পাছত তেওঁ এনে কাম কৰিব যাতে দেশৰ ভাবমূৰ্তি পৃথিৱীত অধিক উজ্জ্বল হৈ উঠে।

দৈনিক ৮ৰ পৰা ৯ ঘণ্টা পঢ়া-শুনা কৰি এই পদত অৰ্জন কৰা বুলি ৱাৰ্দাহে জনায়। ইউপিএছচি পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত তেওঁৰ পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধৱীৰ যথেষ্ট সমৰ্থন আছিল, যিয়ে তেওঁক মাজে মাজে প্ৰেৰণা দি আছিল। তেওঁ প্ৰয়াগৰাজৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰিছে। দিল্লী বিশ্ববিদ্যালয়ৰ খালছা কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি কেইমাহমান কৰ্পৰেটত কাম কৰাৰ পাছত তেওঁ অসামৰিক সেৱাত যোগদান কৰাৰ সিদ্ধান্ত লয় আৰু দ্বিতীয় প্ৰচেষ্টাত তেওঁ অল ইণ্ডিয়া ৰেংক ১৮ দখল কৰে।

ৱাৰ্ডাহ খানৰ মতে অবিৰতভাৱে পঢ়া-শুনা কৰাটো অতি প্ৰয়োজনীয়। তেওঁ কয় যে আজিৰ সময়ত ছ’চিয়েল মিডিয়া এনে এক মঞ্চ যাৰ জৰিয়তে যিকোনো বিষয়ৰ ওপৰত অতি সহজে প্ৰস্তুতি কৰিব পৰা যায়। তেওঁ কয়, ছ'চিয়েল মিডিয়াৰ নেতিবাচক আৰু ইতিবাচক দুয়োটা দিশ আছে। আমি ছ'চিয়েল মিডিয়াৰ পৰা আমাৰ কাম আগুৱাই যোৱা উচিত। মই প্ৰতিদিনে ৮ৰ পৰা ৯ ঘণ্টা পঢ়াৰ টাইম টেবুল বনাইছিলোঁ, পুৱাৰ বাতৰি কাকতৰ পঢ়াৰ পৰা আৰম্ভ কৰি সকলো টাইম টেবুলমতে কৰিছিলোঁ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ