--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰে নৱ প্ৰজন্মৰ মাজলৈ বিপদ মাতি আনিছে। তেওঁলোকৰ মানসিক চাপ বৃদ্ধি পাইছে আত্মবিশ্বাস কমি আহিছে। 

মানসিক চাপ আৰু হতাশাৰ দৰে মানসিক সমস্যাৰ বলি হৈ পৰিছে আজিৰ নৱ প্ৰজন্ম। ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰ এই সমস্যাবোৰৰ মূল। পঢ়া-শুনা, খেলা-ধূলা আৰু অন্য সৃষ্টিমূলক কামত ব্যস্ত হৈ থকাৰ বয়সত তেওঁলোকে দিনটোত ৫ৰ পৰা ৬ ঘণ্টা ছ’চিয়েল মিডিয়াত কটায় যাৰ বাবে এই সমস্যাবোৰ দেখা গৈছে।

আটাইতকৈ আচৰিত কথাটো হ’ল নৱ প্ৰজন্মৰ মানসিক চাপ আৰু হতাশাৰ কাৰণ পঢ়া-শুনা বা কেৰিয়াৰৰ হেঁচা নহয়, বৰঞ্চ ছ’চিয়েল মিডিয়াৰ বাবেহে। ২০২৪ চনৰ বিশ্ব সুখৰ প্ৰতিবেদন প্ৰকাশ পাইছে, য’ত প্ৰতি বছৰৰ দৰে এইবাৰো ফিনলেণ্ড শীৰ্ষত আছে, কিন্তু এই প্ৰতিবেদনত এইটোও প্ৰকাশ পাইছে যে আটাইতকৈ অসুখী হৈছে বৰ্তমানৰ নৱ প্ৰজন্ম। এইবাৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৩০ বছৰৰ তলৰ আমেৰিকাৰ লোকসকলৰ সুখ যথেষ্ট হ্ৰাস পাইছে। সেই ক্ষেত্ৰত ১৫-২৪ বছৰ বয়সৰ লোকৰ সংখ্যা বেছি।

কোৱা হয় যে, ‘মধ্যবয়সী সংকটৰ বাবে যুৱক-যুৱতীসকল অধিক অসুখী। বিশেষজ্ঞসকলে কয় যে ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰেই তেওঁলোকৰ অসুখৰ আটাইতকৈ ডাঙৰ কাৰণ। ছ’চিয়েল মিডিয়াই এই প্ৰজন্মৰ আত্মবিশ্বাস কমাইছে।
ছচিয়েল মিডিয়াত ভিন্ন বিষয় দেখিবলৈ পোৱা যায়। বেলেগ মানুহৰ উন্নতি, সুখ, হাঁহি, কান্দোন, বিয়াকে ধৰি নানা বিষয় ছ’চিয়েল মিডিয়াত প্ৰকাশ পায় আৰু এইবোৰ চাই চাই মানুহৰ মানসিক চাপ বাঢ়ে আৰু আত্মবিশ্বাসো কমি যায়। বেলেগৰ লগত নিজৰ জীৱনৰ তুলনা কৰি মানুহ মানসিক অশান্তিত ভুগিবলৈ লৈছে।

আমেৰিকান চাৰ্জন জেনেৰেল বিবেক মূৰ্তিয়ে কয়, ‘যুৱপ্ৰজন্মই দিনটোত প্ৰায় ৫ ঘণ্টা ছ’চিয়েল মিডিয়াত কটায় আৰু ইয়াৰ বাবে এক তৃতীয়াংশ যুৱপ্ৰজন্মই গভীৰ নিশালৈকে সাৰ পাই থাকে। আনকি ছ’চিয়েল মিডিয়াৰ বাবে আইন প্ৰণয়নৰ পৰামৰ্শও দিছে বিবেক মূৰ্তিয়ে।

ইয়াৰ বাহিৰেও টকাৰ অভাৱ আৰু ভৱিষ্যতৰ চিন্তাতো মানুহ অসুখী হৈ পৰিছে।



















FOLLOW US F
POPULAR
FEATURE
TRENDY
পেঙেৰীৰ ব্ৰহ্মাজানত শিক্ষাগুৰুৰ নিৰ্লজ্জ কাণ্ড , ওলাই আহিল কেইবাশতাধিক অৱিভাৱক
সমগ্ৰ গাজা দখলৰ পৰিকল্পনা নাই ইজৰাইলৰ
বক্সিং ফেডাৰেশ্যনৰ কৰ্মকৰ্তাক সমালোচনা লাভলীনাৰ
অসমৰ যুৱ চিত্রশিল্পীলৈ ৰাষ্ট্ৰীয় অকাদেমি বঁটা
দেশজুৰি ভেজাল ঔষধৰ বেহা চলোৱা চক্ৰ উৎখাত
ড’নাল্ড ট্ৰাম্পৰ ৫০% শুল্ক বোমাত ভাৰতক মুকলিকৈ সমৰ্থন, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ওপৰত বৃহৎ আক্ৰমণ
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
ফ্ৰীজত ৰখা আটা ‘বিহ’ হৈ পৰে নেকি? পুষ্টিবিদে কি কয় জানি লওক
বৃহৎ নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত এগৰাকী মহিলাক আটক ডিব্ৰুগড় আৰক্ষীৰ