--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰে নৱ প্ৰজন্মৰ মাজলৈ বিপদ মাতি আনিছে। তেওঁলোকৰ মানসিক চাপ বৃদ্ধি পাইছে আত্মবিশ্বাস কমি আহিছে। 

মানসিক চাপ আৰু হতাশাৰ দৰে মানসিক সমস্যাৰ বলি হৈ পৰিছে আজিৰ নৱ প্ৰজন্ম। ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰ এই সমস্যাবোৰৰ মূল। পঢ়া-শুনা, খেলা-ধূলা আৰু অন্য সৃষ্টিমূলক কামত ব্যস্ত হৈ থকাৰ বয়সত তেওঁলোকে দিনটোত ৫ৰ পৰা ৬ ঘণ্টা ছ’চিয়েল মিডিয়াত কটায় যাৰ বাবে এই সমস্যাবোৰ দেখা গৈছে।

আটাইতকৈ আচৰিত কথাটো হ’ল নৱ প্ৰজন্মৰ মানসিক চাপ আৰু হতাশাৰ কাৰণ পঢ়া-শুনা বা কেৰিয়াৰৰ হেঁচা নহয়, বৰঞ্চ ছ’চিয়েল মিডিয়াৰ বাবেহে। ২০২৪ চনৰ বিশ্ব সুখৰ প্ৰতিবেদন প্ৰকাশ পাইছে, য’ত প্ৰতি বছৰৰ দৰে এইবাৰো ফিনলেণ্ড শীৰ্ষত আছে, কিন্তু এই প্ৰতিবেদনত এইটোও প্ৰকাশ পাইছে যে আটাইতকৈ অসুখী হৈছে বৰ্তমানৰ নৱ প্ৰজন্ম। এইবাৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৩০ বছৰৰ তলৰ আমেৰিকাৰ লোকসকলৰ সুখ যথেষ্ট হ্ৰাস পাইছে। সেই ক্ষেত্ৰত ১৫-২৪ বছৰ বয়সৰ লোকৰ সংখ্যা বেছি।

কোৱা হয় যে, ‘মধ্যবয়সী সংকটৰ বাবে যুৱক-যুৱতীসকল অধিক অসুখী। বিশেষজ্ঞসকলে কয় যে ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰেই তেওঁলোকৰ অসুখৰ আটাইতকৈ ডাঙৰ কাৰণ। ছ’চিয়েল মিডিয়াই এই প্ৰজন্মৰ আত্মবিশ্বাস কমাইছে।
ছচিয়েল মিডিয়াত ভিন্ন বিষয় দেখিবলৈ পোৱা যায়। বেলেগ মানুহৰ উন্নতি, সুখ, হাঁহি, কান্দোন, বিয়াকে ধৰি নানা বিষয় ছ’চিয়েল মিডিয়াত প্ৰকাশ পায় আৰু এইবোৰ চাই চাই মানুহৰ মানসিক চাপ বাঢ়ে আৰু আত্মবিশ্বাসো কমি যায়। বেলেগৰ লগত নিজৰ জীৱনৰ তুলনা কৰি মানুহ মানসিক অশান্তিত ভুগিবলৈ লৈছে।

আমেৰিকান চাৰ্জন জেনেৰেল বিবেক মূৰ্তিয়ে কয়, ‘যুৱপ্ৰজন্মই দিনটোত প্ৰায় ৫ ঘণ্টা ছ’চিয়েল মিডিয়াত কটায় আৰু ইয়াৰ বাবে এক তৃতীয়াংশ যুৱপ্ৰজন্মই গভীৰ নিশালৈকে সাৰ পাই থাকে। আনকি ছ’চিয়েল মিডিয়াৰ বাবে আইন প্ৰণয়নৰ পৰামৰ্শও দিছে বিবেক মূৰ্তিয়ে।

ইয়াৰ বাহিৰেও টকাৰ অভাৱ আৰু ভৱিষ্যতৰ চিন্তাতো মানুহ অসুখী হৈ পৰিছে।




















FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ