--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ ধৰ্ষণ আৰু হত্যা কাণ্ডৰ ভুক্তভোগীৰ নাম আৰু ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ঘটনাই সকলোকে সচকিত কৰি তুলিছে।

আৰ জি কাৰ গোচৰৰ ভুক্তভোগীৰ ছবি আৰু নাম আৰু মৃত চিকিৎসকৰ নাম আৰু পৰিচয় সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি আৰু বৈদ্যুতিন মন্ত্ৰালয়ে বুধবাৰে এক অধিসূচনা জাৰি কৰি সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু ইলেক্ট্ৰনিক মিডিয়াৰ পৰা মৃতকৰ নাম, ফটো আৰু ভিডিঅ’ ক্লিপিংকে ধৰি সকলো তথ্য শীঘ্ৰে আঁতৰোৱাৰ নিৰ্দেশ দিয়ে।
 
কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধিসূচনাত কোৱা হৈছে যে, "ভুক্তভোগীৰ নাম বা ছবি প্ৰকাশ কৰাটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰোধী।" ছ’চিয়েল মিডিয়া মেনেজমেণ্ট কোম্পানীসমূহক এনে স্পৰ্শকাতৰ তথ্য যাতে কোনো প্ৰকাৰে ৰাজহুৱা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কোৱা হৈছে। যদি তেওঁলোকে এই আদেশ মানি চলাত ব্যৰ্থ হয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ  কৰাৰ লগতে নিষেধাজ্ঞা জাৰি কৰা হ’ব পাৰে।

২০১৮ চনৰ নিপুন ছাক্সেনা গোচৰৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল,  উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে কোনো কাৰণতে ভুক্তভোগী বা তেওঁৰ পৰিয়ালৰ সদস্যৰ নাম আৰু ঠিকনা প্ৰকাশ কৰিব নোৱাৰিব। এই নিৰ্দেশনা আওকাণ কৰি ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদি বিভিন্ন ছ’চিয়েল মিডিয়াত আৰ জি কাৰ কাণ্ডৰ ভুক্তভোগীৰ তথ্য মুকলি হোৱা  ঘটনাই ইতিমধ্যে বিতৰ্কৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত কলকাতা আৰক্ষীয়েও বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন