--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ ধৰ্ষণ আৰু হত্যা কাণ্ডৰ ভুক্তভোগীৰ নাম আৰু ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ঘটনাই সকলোকে সচকিত কৰি তুলিছে।

আৰ জি কাৰ গোচৰৰ ভুক্তভোগীৰ ছবি আৰু নাম আৰু মৃত চিকিৎসকৰ নাম আৰু পৰিচয় সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি আৰু বৈদ্যুতিন মন্ত্ৰালয়ে বুধবাৰে এক অধিসূচনা জাৰি কৰি সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু ইলেক্ট্ৰনিক মিডিয়াৰ পৰা মৃতকৰ নাম, ফটো আৰু ভিডিঅ’ ক্লিপিংকে ধৰি সকলো তথ্য শীঘ্ৰে আঁতৰোৱাৰ নিৰ্দেশ দিয়ে।
 
কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধিসূচনাত কোৱা হৈছে যে, "ভুক্তভোগীৰ নাম বা ছবি প্ৰকাশ কৰাটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰোধী।" ছ’চিয়েল মিডিয়া মেনেজমেণ্ট কোম্পানীসমূহক এনে স্পৰ্শকাতৰ তথ্য যাতে কোনো প্ৰকাৰে ৰাজহুৱা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কোৱা হৈছে। যদি তেওঁলোকে এই আদেশ মানি চলাত ব্যৰ্থ হয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ  কৰাৰ লগতে নিষেধাজ্ঞা জাৰি কৰা হ’ব পাৰে।

২০১৮ চনৰ নিপুন ছাক্সেনা গোচৰৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল,  উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে কোনো কাৰণতে ভুক্তভোগী বা তেওঁৰ পৰিয়ালৰ সদস্যৰ নাম আৰু ঠিকনা প্ৰকাশ কৰিব নোৱাৰিব। এই নিৰ্দেশনা আওকাণ কৰি ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আদি বিভিন্ন ছ’চিয়েল মিডিয়াত আৰ জি কাৰ কাণ্ডৰ ভুক্তভোগীৰ তথ্য মুকলি হোৱা  ঘটনাই ইতিমধ্যে বিতৰ্কৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত কলকাতা আৰক্ষীয়েও বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড! এটা বিস্কুট ফেক্টৰীসহ ৪টাকৈ বাসগৃহ ভস্মীভূত
আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা; কি তাৎপৰ্য এই দিনটোৰ?
সামগ্ৰীত 'অ' আৰ এছ' লিখাটো বন্ধ কৰিব লাগিব ফুড-বেভাৰেজ কোম্পানীয়ে, এফ এছ এছ এ আইৰ নিৰ্দেশ
যুঁজাৰু বিমানত ৬৫ হাজাৰ কোটি ব্যয় কৰিব ভাৰতে, থলুৱাভাৱে প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণত গুৰুত্ব কেন্দ্ৰীয় চৰকাৰৰ
জুবিনবিহীন এমাহ, আজি প্ৰাণৰ শিল্পীৰ সোণাপুৰৰ সমাধিস্থলত দুই শতাধিক শিল্পীৰ বাঁহীৰ সুৰত 'মায়াবিনী'ৰ মূৰ্ছনা
ধিঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লাভ কৰা ধন লৈ পলাল এগৰাকী মহিলা
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী