--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ভিণ্ড জিলাৰ খিপৌনা গাঁৱত নিজৰ প্ৰেমিকাক লগ কৰিবলৈ যোৱা যুৱক অমিত কাটাৰেক ছোৱালীজনীৰ পৰিয়ালে ধৰি নৃশংসভাৱে প্ৰহাৰ কৰে। পেট্ৰ’ল আৰু জলকীয়াৰ গুড়িৰে তেওঁৰ ওপৰত অত্যাচাৰ কৰে। গোটেই ৰাতি যুৱকজনক মাৰপিট কৰা হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩ অভিযুক্তক। লগতে পৰিয়ালটোৱে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা।খিপৌনা গাঁৱৰ বাসিন্দা ৰামকিশোৰ কাটাৰেৰ পুত্ৰ ২১ বছৰীয়া অমিত কাটাৰে বিএ অধ্যয়ন কৰি আছিল, ভিণ্ড চহৰৰ শাস্ত্ৰী নগৰত বাস কৰিছিল তেওঁ। যুৱকজন ৰাখীবন্ধন উৎসৱত নিজৰ ঘৰলৈ আহিছিল।বুধবাৰে সন্ধিয়া ৪.১৫ বজাত অমিত ভিন্দলৈ যাম বুলি দুই বন্ধুৰ সৈতে বাইকেৰে ঘৰৰ পৰা ওলাই যায়। তথ্য অনুসৰি যুৱকজনে ভিণ্ডলৈ নাহি নিশা প্ৰায় ১০ বজাত খাদিত গাঁৱৰ কালিচৰণ শৰ্মাৰ ঘৰত উপস্থিত হয়।তেওঁৰ এজন বন্ধুৰ সৈতে অমিত ভিতৰলৈ যায়, আনহাতে আনজন বাহিৰত থিয় হৈ থাকে। ৰাতি প্ৰায় ১ বজাত কালিচৰণ শৰ্মাৰ পুত্ৰ কমলেশ শৰ্মা সাৰ পোৱাত অচিনাকি মানুহৰ লগত জীয়েকক দেখা পাই খঙত ভাতৃ গিৰীশ শৰ্মা আৰু অম্বৰীশ শৰ্মাক ফোন কৰি যুৱকজনক ৰছীৰে বান্ধি প্ৰহাৰ কৰিবলৈ ধৰে। এই সময়ছোৱাত যুৱকজনৰ গুপ্তাংগত জলকীয়া গুড়ি আৰু পেট্ৰ’ল ঢালি দিয়া হয়।

বৃহস্পতিবাৰে পুৱা ৩.৫৫ বজাত অমিতৰ পিতৃ ৰামকীশোৰ কাটাৰেই ফোন আহিছিল বুলি কয়। ফোন কৰাজনে কয় যে ‘অমিত ৰাতি আমাৰ ঘৰলৈ আহিছে। পৰিয়ালৰ লোকে ধৰি মাৰপিট কৰি আছে। আহি তেওঁক উদ্ধাৰ কৰক।’
 
তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। আৰক্ষী অধীক্ষক ডাঃ অসিত যাদৱে জনোৱা মতে, মৃতকৰ পিতৃৰ প্ৰতিবেদনত খাৰিদৰ নিবাসী কালিচৰণ শৰ্মা, গিৰীশ শৰ্মা আৰু অম্বৰীশ শৰ্মাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ উপৰিও তিনিওজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰা হৈছে।

পিতৃয়ে কয় আৰক্ষীক জনোৱামতে ‘গাঁৱৰ বৃজেশ শৰ্মা আৰু মনীষৰ সৈতে খীপৌনা গাঁৱত উপস্থিত হোৱাত মোৰ ল’ৰা অমিতক ঘৰৰ ভিতৰৰ আলমাৰীৰ ওচৰত ৰছীৰে বান্ধি থোৱা হৈছিল।অমিতে বচাবলৈ অনুৰোধ কৰি আছিল, কিন্তু অভিযুক্তই তেওঁক ইমানেই মাৰপিট কৰি আছিল যে কিছু সময়ৰ ভিতৰতে মোৰ চকুৰ সন্মুখতে তেওঁৰ মৃত্যু হ’ল আৰু মই তেওঁক বচাব নোৱাৰিলোঁ।’

জিলা চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত সন্ধিয়া ৫ বজাত প্ৰথমে জিলা চিকিৎসালয়ৰ বাহিৰৰ অঞ্চলটো অৱৰোধ কৰে আত্মীয়ই। ২০ মিনিট আবদ্ধ হৈ থাকিল অঞ্চলটো। ইয়াত এ এছ পি সঞ্জীৱ পাঠকৰ পৰামৰ্শৰ মতে তেওঁৰ আত্মীয়ই মৃতদেহটোৰ সৈতে ইন্দিৰা গান্ধীৰ চৌহদত উপস্থিত হৈ গ্ৱালিয়ৰ-ইটাৱা ঘাইপথ অৱৰোধ কৰে। এই অৱৰোধ প্ৰায় এঘণ্টা ধৰি চলিছিল, আত্মীয়ই দাবী জনাইছে যে গাঁৱৰ সৰ্পঞ্চ বিনোদ যাদৱকো অভিযুক্ত কৰি ল’ব লাগে। কাৰণ সৰ্পঞ্চৰ প্ৰৰোচনাতেই অভিযুক্তই অমিতক প্ৰহাৰ কৰি হত্যা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ