--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ভিণ্ড জিলাৰ খিপৌনা গাঁৱত নিজৰ প্ৰেমিকাক লগ কৰিবলৈ যোৱা যুৱক অমিত কাটাৰেক ছোৱালীজনীৰ পৰিয়ালে ধৰি নৃশংসভাৱে প্ৰহাৰ কৰে। পেট্ৰ’ল আৰু জলকীয়াৰ গুড়িৰে তেওঁৰ ওপৰত অত্যাচাৰ কৰে। গোটেই ৰাতি যুৱকজনক মাৰপিট কৰা হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩ অভিযুক্তক। লগতে পৰিয়ালটোৱে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা।খিপৌনা গাঁৱৰ বাসিন্দা ৰামকিশোৰ কাটাৰেৰ পুত্ৰ ২১ বছৰীয়া অমিত কাটাৰে বিএ অধ্যয়ন কৰি আছিল, ভিণ্ড চহৰৰ শাস্ত্ৰী নগৰত বাস কৰিছিল তেওঁ। যুৱকজন ৰাখীবন্ধন উৎসৱত নিজৰ ঘৰলৈ আহিছিল।বুধবাৰে সন্ধিয়া ৪.১৫ বজাত অমিত ভিন্দলৈ যাম বুলি দুই বন্ধুৰ সৈতে বাইকেৰে ঘৰৰ পৰা ওলাই যায়। তথ্য অনুসৰি যুৱকজনে ভিণ্ডলৈ নাহি নিশা প্ৰায় ১০ বজাত খাদিত গাঁৱৰ কালিচৰণ শৰ্মাৰ ঘৰত উপস্থিত হয়।তেওঁৰ এজন বন্ধুৰ সৈতে অমিত ভিতৰলৈ যায়, আনহাতে আনজন বাহিৰত থিয় হৈ থাকে। ৰাতি প্ৰায় ১ বজাত কালিচৰণ শৰ্মাৰ পুত্ৰ কমলেশ শৰ্মা সাৰ পোৱাত অচিনাকি মানুহৰ লগত জীয়েকক দেখা পাই খঙত ভাতৃ গিৰীশ শৰ্মা আৰু অম্বৰীশ শৰ্মাক ফোন কৰি যুৱকজনক ৰছীৰে বান্ধি প্ৰহাৰ কৰিবলৈ ধৰে। এই সময়ছোৱাত যুৱকজনৰ গুপ্তাংগত জলকীয়া গুড়ি আৰু পেট্ৰ’ল ঢালি দিয়া হয়।

বৃহস্পতিবাৰে পুৱা ৩.৫৫ বজাত অমিতৰ পিতৃ ৰামকীশোৰ কাটাৰেই ফোন আহিছিল বুলি কয়। ফোন কৰাজনে কয় যে ‘অমিত ৰাতি আমাৰ ঘৰলৈ আহিছে। পৰিয়ালৰ লোকে ধৰি মাৰপিট কৰি আছে। আহি তেওঁক উদ্ধাৰ কৰক।’
 
তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। আৰক্ষী অধীক্ষক ডাঃ অসিত যাদৱে জনোৱা মতে, মৃতকৰ পিতৃৰ প্ৰতিবেদনত খাৰিদৰ নিবাসী কালিচৰণ শৰ্মা, গিৰীশ শৰ্মা আৰু অম্বৰীশ শৰ্মাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ উপৰিও তিনিওজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰা হৈছে।

পিতৃয়ে কয় আৰক্ষীক জনোৱামতে ‘গাঁৱৰ বৃজেশ শৰ্মা আৰু মনীষৰ সৈতে খীপৌনা গাঁৱত উপস্থিত হোৱাত মোৰ ল’ৰা অমিতক ঘৰৰ ভিতৰৰ আলমাৰীৰ ওচৰত ৰছীৰে বান্ধি থোৱা হৈছিল।অমিতে বচাবলৈ অনুৰোধ কৰি আছিল, কিন্তু অভিযুক্তই তেওঁক ইমানেই মাৰপিট কৰি আছিল যে কিছু সময়ৰ ভিতৰতে মোৰ চকুৰ সন্মুখতে তেওঁৰ মৃত্যু হ’ল আৰু মই তেওঁক বচাব নোৱাৰিলোঁ।’

জিলা চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ অন্তত সন্ধিয়া ৫ বজাত প্ৰথমে জিলা চিকিৎসালয়ৰ বাহিৰৰ অঞ্চলটো অৱৰোধ কৰে আত্মীয়ই। ২০ মিনিট আবদ্ধ হৈ থাকিল অঞ্চলটো। ইয়াত এ এছ পি সঞ্জীৱ পাঠকৰ পৰামৰ্শৰ মতে তেওঁৰ আত্মীয়ই মৃতদেহটোৰ সৈতে ইন্দিৰা গান্ধীৰ চৌহদত উপস্থিত হৈ গ্ৱালিয়ৰ-ইটাৱা ঘাইপথ অৱৰোধ কৰে। এই অৱৰোধ প্ৰায় এঘণ্টা ধৰি চলিছিল, আত্মীয়ই দাবী জনাইছে যে গাঁৱৰ সৰ্পঞ্চ বিনোদ যাদৱকো অভিযুক্ত কৰি ল’ব লাগে। কাৰণ সৰ্পঞ্চৰ প্ৰৰোচনাতেই অভিযুক্তই অমিতক প্ৰহাৰ কৰি হত্যা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
সুদক্ষ অভিনেতা গনেশ হাজৰিকা আৰু নাই; শ্বিলঙত এটি পথ দুৰ্ঘটনাত মৃত্যু
নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড! এটা বিস্কুট ফেক্টৰীসহ ৪টাকৈ বাসগৃহ ভস্মীভূত
আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা; কি তাৎপৰ্য এই দিনটোৰ?
সামগ্ৰীত 'অ' আৰ এছ' লিখাটো বন্ধ কৰিব লাগিব ফুড-বেভাৰেজ কোম্পানীয়ে, এফ এছ এছ এ আইৰ নিৰ্দেশ
যুঁজাৰু বিমানত ৬৫ হাজাৰ কোটি ব্যয় কৰিব ভাৰতে, থলুৱাভাৱে প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণত গুৰুত্ব কেন্দ্ৰীয় চৰকাৰৰ
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি