--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদিও দেৱভূমি উত্তৰাখণ্ড সৌন্দৰ্য্যৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। কিন্তু আজিও কিছুমান গাঁও আছে য’ত বহুতো সুন্দৰ উপত্যকা আছে যদিও পকী পথ, চিকিৎসালয় আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নাই। আৰু যিবোৰ আছে সেইবোৰো গাঁৱৰ পৰা কেইবা কিলোমিটাৰ দূৰত্বত আছে। 

চিকিৎসালয়তো দূৰৰে কথা, বহু গাঁৱত খোজকাঢ়িবলৈও নাই ৰাস্তা। আৰু তাত থকা ৰাস্তাবোৰো কিবা কাৰণত বন্ধ হৈ থাকে। যাৰ বাবে গাঁৱৰ ৰাইজে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। কোটাবাঘৰ জলনা গাঁৱতো দেখা গ’ল একেধৰণৰ ঘটনা ৷


আচলতে বিষয়টো কোটাবাঘ জিলাৰ অন্তৰ্গত জলনা গাঁৱৰ। ১৮ দিনৰ বাবে বন্ধ দেৱীপুৰা-সৌৰ পথ। যাৰ বাবে জলনা গাঁৱৰ বাসিন্দা বীৰ সিং ৰাৱটৰ কন্যা জ্যোতিয়ে ভৰিত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে চিকিৎসালয়লৈ অনাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। দেৱীপুৰা-সৌৰ পথ বন্ধ হোৱাৰ বাবে বীৰ সিং ৰাৱটে নিজৰ কন্যাক পিঠিত লৈ ২২ কিলোমিটাৰ খোজ কাঢ়ি কোটাবাঘ চহৰলৈ যায়। ইয়াৰ পিছত চিকিৎসালয়ত উপস্থিত হৈ জীয়েকক চিকিৎসাৰ বাবে ভৰ্তি কৰে ৷

১৮ দিনৰ বাবে বন্ধ দেৱীপুৰা-সৌৰ পথ। এই পথটোৱেই হৈছে অঞ্চলটোৰ ২৫খন গাঁওক জিলা মুখ্য কাৰ্যালয়ৰ সৈতে সংযোগ কৰা একমাত্ৰ সংযোগ পথ। পথটো বন্ধ হোৱাৰ বাবেই এই গাঁৱৰ ৰাইজে সৰ্বাধিক সমস্যাৰ সন্মুখীন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন