--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতিবাদী কৃষকৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি ছ’চিয়েল মিডিয়াত নিজৰ মত ব্যক্ত কৰা কাৰ্যও এতিয়া নিয়ন্ত্ৰণাধীন হৈ পৰিছে৷ সংবিধানপ্ৰদত্ত বাক-স্বাধীনতাক নিয়ন্ত্ৰণ কৰা হৈছে অতি কৌশলেৰে৷ তাৰেই শেহতীয়া প্ৰতিফলন দেখা গৈছে সামাজিক মাধ্যমত৷ চলি থকা কৃষক বিদ্ৰোহক সমৰ্থন কৰা বাবেই এক্স, ফেচবুক আৰু ইনষ্টাগ্ৰামত বন্ধ হৈছে শতাধিক একাউণ্ট৷ 

আজি ২৩ দিনত ভৰি দিয়া কৃষক আন্দোলনৰ অন্যতম কাৰ্যসূচী হিচাপে অৰাজনৈতিক সংযুক্ত কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাৰ ‘দিল্লী চলো’ আহ্বানৰ এদিন পূৰ্বে মঙলবাৰে নিশা কেন্দ্ৰীয় চৰকাৰে কৃষক সংঘৰ নেতা আৰু কৃষকৰ স্বাৰ্থত বিভিন্ন খবৰ প্ৰচাৰ কৰা লোকৰ প্ৰায় ১০০টা একাউণ্ট  বন্ধ কৰি দিয়া হয়৷ ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত এই একাউণ্টসমূহ বন্ধ কৰা হয়৷

পঞ্জাব আৰু হাৰিয়ানাৰ মাজৰ শম্ভু, খানৌৰী আৰু ডাবৱালী সীমান্তত এছ কে এম নন-পলিটিকেলৰ জগজিৎ সিং দলেৱাল আৰু কে এম এমৰ সৰৱান সিং পান্ধেৰৰ নেতৃত্বত কৃষক সংঘই আইনগতভাৱে নিশ্চিত ন্যূনতম সমৰ্থন মূল্য, লখিমপুৰ খেৰী গোচৰত ন্যায় বিচাৰি মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ২০ দিনতকৈ অধিক সময় ধৰি কৃষকসকলে ঋণ ৰেহাইৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

১৩ ফেব্ৰুৱাৰীৰ পৰা কৃষকৰ প্ৰতিবাদ আৰম্ভ হোৱাৰ পাছত এইবাৰ তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৃষক আৰু তেওঁলোকৰ সমস্যা সম্পৰ্কীয় আপডেট দিয়া ছ’চিয়েল মিডিয়া একাউণ্টত নিষেধাজ্ঞা আৰোপ কৰিছে।

ইয়াৰ পূৰ্বেও ১২ ফেব্ৰুৱাৰীৰ নিশা তেওঁলোকৰ ‘দিল্লী চলো’ৰ পূৰ্বনিশা চৰকাৰে কৃষক সংঘৰ নেতাসকলৰ এক ডজনৰো অধিক ছ’চিয়েল মিডিয়া একাউণ্টৰ লগতে কৃষক সংঘ আৰু তেওঁলোকৰ সমৰ্থকসকলৰ চৰকাৰী পেজ ব্লক কৰিছিল।

একেদৰে ২১ ফেব্ৰুৱাৰীত দিল্লী চালো কলৰ পৰিপ্ৰেক্ষিতত পুনৰ কেইবাটাও ছ’চিয়েল মিডিয়া একাউণ্ট বিশেষকৈ এক্স, ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্লক কৰা হয়।

কৃষক সংঘৰ নেতাসকলে ইয়াক মোদী চৰকাৰৰ 'পদ্ধতি' বুলি অভিহিত কৰিছে যে যেতিয়াই দিল্লীলৈ প্ৰস্তুতি চলে, তেতিয়াই ছ’চিয়েল মিডিয়া একাউণ্টবোৰ বাৰে বাৰে ব্লক কৰা হয়। 

এক সাক্ষাৎকাৰত কৃষক সংঘৰ নেতা গুৰপ্ৰীতে কয় যে ৬ মাৰ্চৰ দিল্লী চলো আহ্বানৰ মাত্ৰ এদিন পূৰ্বে ৪ মাৰ্চত ভাৰতত কৃষক, কৃষক সংঘৰ নেতা আৰু প্ৰতিবাদক সমৰ্থন কৰা লোকসকলৰ প্ৰায় ১০০টা ছ’চিয়েল মিডিয়া একাউণ্ট নিশাটোৰ ভিতৰতে বন্ধ কৰি দিয়া হৈছিল৷

তেওঁ কয়, আজিলৈকে চৰকাৰে মোৰ তিনিটা এক্স একাউণ্টত নিষেধাজ্ঞা আৰোপ কৰিছে৷ এই বিষয়ত আমি উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত লৈছোঁ। আমাৰ আইনী দলটোৱে এই বিষয়ত কাম কৰি আছে। তেওঁলোকে কৃষকসকলকো কথা ক’বলৈ নিদিয়ে, এয়া সঠিক নে ভুল সেই বিতৰ্কটো দূৰৰে কথা। মূলতঃ চৰকাৰে কৃষকৰ প্ৰতিবাদক ভয় কৰে, সেয়েহে তেওঁলোকে ছ’চিয়েল মিডিয়া একাউণ্টত নিষেধাজ্ঞা আৰোপ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু