--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াঘৰত উদুলি-মুদুলি পৰিৱেশ। বিয়াৰ কাম সম্পূৰ্ণ ৰীতি-নীতিৰে চলি আছে। বিধে-বিধে ব্যঞ্জন সাজু কৰিছে কইনাঘৰীয়াই। আলহী-অতিথি আহি খাইছে উদৰ পূৰাই।

বহু প্ৰতীক্ষিত বিয়াখন সম্পন্ন হোৱাৰ আনন্দত সকলোৰে মন উতলা। দৰা আৰু দৰাঘৰীয়াক আদৰিবলৈ জোৰদাৰ প্ৰস্তুতি কইনাঘৰীয়াৰ।  তাৰপাছতে ঘটিল এক অঘটন। দৰা নাহেহে নাহে। সময় উকলি গৈছে কিন্তু দৰা অহাৰ একো উমঘাম নাই। চিন্তাত কইনাঘৰীয়াৰ অন্ঠ-কণ্ঠ শুকাই যোৱাৰ উপক্ৰম হ’ল। কইনাঘৰীয়াই গম পালে যে দৰাক গ্ৰেপ্তাৰ কৰা হৈছে। 

খবৰটো আহি পোৱাৰ লগে লগে মূৰত আকাশী সৰগ ভাঙি পৰিল কইনাঘৰীয়াৰ। কইনাৰ পৰিয়ালৰ অনুসৰি বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰাই ছোৱালীগৰাকীৰ বিবাহৰ বাবে সাজু হৈছিল। ছোৱালীগৰাকী ধনী পৰিয়ালৰ পুত্ৰলৈ বিয়া দিব সকলোৰে মনত আনন্দৰ সীমা নাই।

দৰা গ্ৰেপ্তাৰ হোৱা খবৰটোহে কইনাঘৰীয়াই পালে কিন্তু গ্ৰেপ্তাৰৰ কাৰণ ফোনযোগে দিয়া হোৱা নাই। লগে লগে ছোৱালীজনীৰ পৰিয়ালটো ছোৱালীজনীৰ লগত ল’ৰাটোৰ ঘৰলৈ আহিল। কিন্তু তাত তেওঁলোকে যি কথা শুনিলে সেই কথা শুনি তেওঁলোক বেঁহুচ হোৱাৰ উপক্ৰম হ’ল। 


আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ৯ বছৰ ধৰি অঞ্চলটোৰ এগৰাকী যুৱতীৰ সৈতে দৰাৰ প্ৰেমৰ সম্পৰ্ক আছিল। বিবাহৰ প্ৰতিশ্ৰুতিৰে যুৱতীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল দৰাই। 

যুৱতীগৰাকীয়ে থানাত দৰাৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত বিয়াৰ দিনাই গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত দৰাক।

সমগ্ৰ ঘটনাক লৈ কইনাৰ পৰিয়ালে ক্ষোভিত হৈ পৰিছে। কইনাৰ মাতৃয়ে কয় যে “বক্স পালেং, আলমাৰী আৰু ল’ৰাটোৱে যৌতুক হিচাপে বিচৰা সকলো বস্তু কিনি লোৱা হ’ল। ইমানবোৰ ব্যৱস্থা কৰা হ’ল, আলহী-আত্মীয়ক ভোজভাত খুওৱা হ’ল। আমাৰ বহুত টকা খৰচ হ’ল। সন্মানো হেৰাল। আমি সেই যুৱকজনৰ শাস্তি বিচাৰো।'' 

ঘটনাটো হুগলীৰ বৈদ্যবাটিৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ