--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াঘৰত উদুলি-মুদুলি পৰিৱেশ। বিয়াৰ কাম সম্পূৰ্ণ ৰীতি-নীতিৰে চলি আছে। বিধে-বিধে ব্যঞ্জন সাজু কৰিছে কইনাঘৰীয়াই। আলহী-অতিথি আহি খাইছে উদৰ পূৰাই।

বহু প্ৰতীক্ষিত বিয়াখন সম্পন্ন হোৱাৰ আনন্দত সকলোৰে মন উতলা। দৰা আৰু দৰাঘৰীয়াক আদৰিবলৈ জোৰদাৰ প্ৰস্তুতি কইনাঘৰীয়াৰ।  তাৰপাছতে ঘটিল এক অঘটন। দৰা নাহেহে নাহে। সময় উকলি গৈছে কিন্তু দৰা অহাৰ একো উমঘাম নাই। চিন্তাত কইনাঘৰীয়াৰ অন্ঠ-কণ্ঠ শুকাই যোৱাৰ উপক্ৰম হ’ল। কইনাঘৰীয়াই গম পালে যে দৰাক গ্ৰেপ্তাৰ কৰা হৈছে। 

খবৰটো আহি পোৱাৰ লগে লগে মূৰত আকাশী সৰগ ভাঙি পৰিল কইনাঘৰীয়াৰ। কইনাৰ পৰিয়ালৰ অনুসৰি বিগত বছৰৰ নৱেম্বৰ মাহৰ পৰাই ছোৱালীগৰাকীৰ বিবাহৰ বাবে সাজু হৈছিল। ছোৱালীগৰাকী ধনী পৰিয়ালৰ পুত্ৰলৈ বিয়া দিব সকলোৰে মনত আনন্দৰ সীমা নাই।

দৰা গ্ৰেপ্তাৰ হোৱা খবৰটোহে কইনাঘৰীয়াই পালে কিন্তু গ্ৰেপ্তাৰৰ কাৰণ ফোনযোগে দিয়া হোৱা নাই। লগে লগে ছোৱালীজনীৰ পৰিয়ালটো ছোৱালীজনীৰ লগত ল’ৰাটোৰ ঘৰলৈ আহিল। কিন্তু তাত তেওঁলোকে যি কথা শুনিলে সেই কথা শুনি তেওঁলোক বেঁহুচ হোৱাৰ উপক্ৰম হ’ল। 


আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ৯ বছৰ ধৰি অঞ্চলটোৰ এগৰাকী যুৱতীৰ সৈতে দৰাৰ প্ৰেমৰ সম্পৰ্ক আছিল। বিবাহৰ প্ৰতিশ্ৰুতিৰে যুৱতীগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল দৰাই। 

যুৱতীগৰাকীয়ে থানাত দৰাৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত বিয়াৰ দিনাই গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত দৰাক।

সমগ্ৰ ঘটনাক লৈ কইনাৰ পৰিয়ালে ক্ষোভিত হৈ পৰিছে। কইনাৰ মাতৃয়ে কয় যে “বক্স পালেং, আলমাৰী আৰু ল’ৰাটোৱে যৌতুক হিচাপে বিচৰা সকলো বস্তু কিনি লোৱা হ’ল। ইমানবোৰ ব্যৱস্থা কৰা হ’ল, আলহী-আত্মীয়ক ভোজভাত খুওৱা হ’ল। আমাৰ বহুত টকা খৰচ হ’ল। সন্মানো হেৰাল। আমি সেই যুৱকজনৰ শাস্তি বিচাৰো।'' 

ঘটনাটো হুগলীৰ বৈদ্যবাটিৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু