--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিয়াৰ পাছত ফুৰিবলৈ যোৱা এই দম্পতীয়ে দার্জিলিং জিলাৰ ছিটঙৰ এটা ব্যক্তিগত ৰিজ’ৰ্টত থকাৰ ব্যৱস্থা কৰিছিল। তাত সন্ধিয়া দুয়ো বাৰ্বিকিউ কৰি থাকোঁতেই হঠাতে জুই তীব্ৰভাৱে জ্বলি উঠে। চকুৰ পলকতে নিকিতাৰ কাপোৰত জুই লাগে আৰু তেওঁ গুৰুতৰভাৱে দগ্ধ হয়।

ডিজিটেল ডেস্ক: দার্জিলিং জিলাৰ ছিটঙত হানীমুনৰ সময়ত বাৰ্বিকিউৰ জুইত গুৰুতৰভাৱে দগ্ধ হোৱা নৱবিবাহিতা নিকিতা সাহাৰ মৃত্যু ঘটিছে। প্ৰায় দুমাহ ধৰি জীৱন-মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে। এই মৰ্মান্তিক ঘটনাই নৱদম্পতীৰ আনন্দৰ ক্ষণবোৰ শোকলৈ পৰিণত কৰিলে। ১৩ ছেপ্টেম্বৰত ছিটঙৰ এটা ব্যক্তিগত হ’মষ্টেত এই দুৰ্ঘটনা সংঘটিত হৈছিল, য’ত বাৰ্বিকিউ কৰি থকা অৱস্থাত হঠাতে জুই নিকিতাৰ শৰীৰত লাগিছিল।


নিকিতা তেওঁৰ স্বামী সমীৰ দাসৰ সৈতে পাহাৰীয়া অঞ্চললৈ ফুৰিবলৈ গৈছিল। সমীৰ দাস চোপৰাৰ বাসিন্দা আৰু দুয়োৰে বিয়া প্ৰায় দুমাহ আগতেহে হৈছিল। বিয়াৰ পাছত ফুৰিবলৈ যোৱা এই দম্পতীয়ে দার্জিলিং জিলাৰ ছিটঙৰ এটা ব্যক্তিগত ৰিজ’ৰ্টত থকাৰ ব্যৱস্থা কৰিছিল। তাত সন্ধিয়া দুয়ো বাৰ্বিকিউ কৰি থাকোঁতেই হঠাতে জুই তীব্ৰভাৱে জ্বলি উঠে। চকুৰ পলকতে নিকিতাৰ কাপোৰত জুই লাগে আৰু তেওঁ গুৰুতৰভাৱে দগ্ধ হয়।


দুৰ্ঘটনাৰ পাছত হ’মষ্টেৰ কৰ্মচাৰী আৰু তাত উপস্থিত লোকসকলে জুই নুমুৱাবলৈ চেষ্টা কৰে। ততাতৈয়াকৈ আহত নিকিতাক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়। প্ৰথম অৱস্থাত তেওঁক শিলিগুৰিত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে অৱস্থা সংকটজনক হোৱাত পাছত তেওঁক কলকাতালৈ স্থানান্তৰিত কৰা হয়। যোৱা কেইদিনমানত তেওঁৰ অৱস্থা অধিক অৱনতি ঘটে আৰু তাৰ পাছতে বৃহস্পতিবাৰে তেওঁৰ মৃত্যু হয়।


এই ঘটনাৰ পাছতে হ’মষ্টেত বাৰ্বিকিউৰ সময়ত জুই জ্বলোৱাৰ ব্যৱস্থা, দাহ্য পদাৰ্থৰ উপস্থিতি আৰু পৰ্যটকৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিছে। পৰ্যটনস্থলীসমূহৰ ব্যক্তিগত ৰিজ’ৰ্ট আৰু হ’মষ্টেত বাৰ্বিকিউৰ দৰে কাৰ্যকলাপৰ সময়ত নিৰাপত্তা ব্যৱস্থা কিমান জৰুৰী, সেই কথা এই ঘটনাই পুনৰবাৰ দাঙি ধৰিছে।


অগ্নিনিৰ্বাপক সঁজুলি, নিৰাপদ দূৰত্বত দাহ্য সামগ্ৰী ৰখা আৰু প্ৰশিক্ষিত কৰ্মচাৰীৰ উপস্থিতিৰ দৰে ব্যৱস্থাই এনে দুৰ্ঘটনা ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।


নিকিতাৰ স্বামী সমীৰে হ’মষ্টে পৰিচালনা কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ দাবী যে বাৰ্বিকিউ গ্ৰীলৰ ওচৰতে তেলৰ ড্ৰাম ৰখা হৈছিল আৰু জুইত দাহ্য তেল ঢালি দিয়াৰ পাছত জুই দপদপকৈ জ্বলি উঠে, যাৰ ফলত তেওঁৰ পত্নী জুইৰ কবলত পৰে। অৱশ্যে হ’মষ্টেৰ মালিক পক্ষই এই অভিযোগ অস্বীকাৰ কৰিছে।


মালিক পক্ষৰ মতে, জুইত এগৰাকী অচিনাক্ত ব্যক্তিয়ে তৰল পদাৰ্থ ঢালি দিছিল, যি হ’মষ্টেৰ কৰ্মচাৰী নাছিল। ঘটনাটোক লৈ দুয়ো পক্ষৰ দাবীত বিপৰীত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। এই ঘটনাত সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হানীমুনত বাৰ্বিকিউৰ জুইত দগ্ধ নৱবিবাহিতা; দুমাহ জীৱন-মৃত্যুৰে যুঁজি অৱশেষত শেষ নিঃশ্বাস ত্যাগ
অসমৰ পৰা হেৰাই যাবলৈ ধৰিছে ‘গঙা চিলনী’
ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে জাপানে ব্যৱহাৰ কৰিব ভাৰতৰ ফায়াৰিং ৰেঞ্জ, দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য
ভাৰতৰ সেউজ শক্তিত ৭০০ কোটি ডলাৰ বিনিয়োগ কৰিব এমাজনে
উখল মাখল নলবাৰী; তেৰদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ২৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ
কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিত কৰ্মচাৰীয়ে লাভ নকৰে পেঞ্চনকে ধৰি অন্যান্য অৱসৰকালীন সা-সুবিধা: গুৱাহাটী উচ্চ ন্যায়ালয়
আজি মুম্বাইত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট; দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
২০০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ লক্ষ্যৰে নির্মাণ হ’ব ভাৰত-ছিংগাপুৰ বিদ্যুৎ পৰিবাহী কৰিড’ৰ
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত
চুৰিৰ উদ্দেশ্যে ঘৰত সোমাই পতি-পত্নীক হত্যা; ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাই কঁপাইছে কনৌজ