--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মঙলবাৰে গুৰুগ্ৰাম প্ৰশাসনে পাঞ্জাবী কণ্ঠশিল্পী দালেৰ মেহেন্দীৰ ফাৰ্ম হাউচ ছীল কৰে। গুৰুগ্ৰামৰ সোহনাৰ দমদামা হ্ৰদৰ সমীপত নিৰ্মিত ৩টা ফাৰ্ম হাউচ প্ৰশাসনে ছীল কৰিছে, ইয়াৰে এটা দলেৰ মেহেণ্ডীৰ। টাউন এণ্ড কান্ট্ৰী প্লেনিং বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, এই তিনিটা ফাৰ্ম হাউছ অবৈধভাৱে নিৰ্মাণ কৰা হৈছে। তিনিওটাকে হ্ৰদটোৰ জলাশয় এলেকাত (য’ৰ পৰা হ্ৰদটোত পানীৰ উপলব্ধতা থাকে) নিৰ্মাণ কৰা হৈছে।

গুৰুগ্ৰাম জিলা টাউন প্লেনাৰ অমিত মাধোলিয়াই জনোৱা মতে, এই ফাৰ্ম হাউছসমূহ হ্ৰদটোৰ জলাশয় এলেকাত অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল। কোনো অনুমতি অবিহনে আৰাভাল্লী ৰেঞ্জত বিকশিত কৰা হৈছিল। অবৈধ নিৰ্মাণৰ বাবে ছীল কৰা হৈছে। অৱশ্যে এই ফাৰ্ম হাউচবোৰ ভাঙি পেলোৱা হ’ব নে কেৱল জৰিমনা ভৰিব লাগিব সেই কথা অমিতে কোৱা নাই।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ মানি চলি আৰক্ষী বাহিনীৰ সহযোগত তিনিওটা ফাৰ্ম হাউছৰ বিৰুদ্ধে ভাঙি-কম-চিলিং অভিযান চলাইছিল। এন জি টিয়ে এই নিৰ্দেশ দিছিল ছোনিয়া ঘোষ বনাম হাৰিয়ানা ৰাজ্য (Sonya Gosh vs State of Haryana) গোচৰত। এই নিৰ্দেশ অনুসৰি ডি টি পি মাধোলিয়াই এ টি পি সুমিত মালিক, দীনেশ সিং, ৰোহন আৰু শুভমৰ দলৰ সৈতে ফাৰ্ম হাউচসমূহ ছীল কৰে। এই সময়ত সোহনা লাচিৰামৰ নাইব তহচিলদাৰো কৰ্তব্য দণ্ডাধীশ হিচাপে উপস্থিত থাকে। এই কামৰ বাবে প্ৰশাসনিক দলৰ লগতে সদৰ সোহনা থানাৰ দলকো নিয়োজিত কৰা হৈছিল।

এজন জ্যেষ্ঠ বিষয়াৰ মতে, এই তিনিটা ফাৰ্ম হাউচৰ ভিতৰত এটা পাঞ্জাবী গায়ক দালেৰ মেহেন্দীৰ। এই ফাৰ্ম হাউচটো প্ৰায় ১.৫ একৰ মাটিত নিৰ্মাণ কৰা হৈছে, য’ত দালেৰ নিয়মিতভাৱে আহি থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক