--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মঙলবাৰে গুৰুগ্ৰাম প্ৰশাসনে পাঞ্জাবী কণ্ঠশিল্পী দালেৰ মেহেন্দীৰ ফাৰ্ম হাউচ ছীল কৰে। গুৰুগ্ৰামৰ সোহনাৰ দমদামা হ্ৰদৰ সমীপত নিৰ্মিত ৩টা ফাৰ্ম হাউচ প্ৰশাসনে ছীল কৰিছে, ইয়াৰে এটা দলেৰ মেহেণ্ডীৰ। টাউন এণ্ড কান্ট্ৰী প্লেনিং বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, এই তিনিটা ফাৰ্ম হাউছ অবৈধভাৱে নিৰ্মাণ কৰা হৈছে। তিনিওটাকে হ্ৰদটোৰ জলাশয় এলেকাত (য’ৰ পৰা হ্ৰদটোত পানীৰ উপলব্ধতা থাকে) নিৰ্মাণ কৰা হৈছে।

গুৰুগ্ৰাম জিলা টাউন প্লেনাৰ অমিত মাধোলিয়াই জনোৱা মতে, এই ফাৰ্ম হাউছসমূহ হ্ৰদটোৰ জলাশয় এলেকাত অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল। কোনো অনুমতি অবিহনে আৰাভাল্লী ৰেঞ্জত বিকশিত কৰা হৈছিল। অবৈধ নিৰ্মাণৰ বাবে ছীল কৰা হৈছে। অৱশ্যে এই ফাৰ্ম হাউচবোৰ ভাঙি পেলোৱা হ’ব নে কেৱল জৰিমনা ভৰিব লাগিব সেই কথা অমিতে কোৱা নাই।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ মানি চলি আৰক্ষী বাহিনীৰ সহযোগত তিনিওটা ফাৰ্ম হাউছৰ বিৰুদ্ধে ভাঙি-কম-চিলিং অভিযান চলাইছিল। এন জি টিয়ে এই নিৰ্দেশ দিছিল ছোনিয়া ঘোষ বনাম হাৰিয়ানা ৰাজ্য (Sonya Gosh vs State of Haryana) গোচৰত। এই নিৰ্দেশ অনুসৰি ডি টি পি মাধোলিয়াই এ টি পি সুমিত মালিক, দীনেশ সিং, ৰোহন আৰু শুভমৰ দলৰ সৈতে ফাৰ্ম হাউচসমূহ ছীল কৰে। এই সময়ত সোহনা লাচিৰামৰ নাইব তহচিলদাৰো কৰ্তব্য দণ্ডাধীশ হিচাপে উপস্থিত থাকে। এই কামৰ বাবে প্ৰশাসনিক দলৰ লগতে সদৰ সোহনা থানাৰ দলকো নিয়োজিত কৰা হৈছিল।

এজন জ্যেষ্ঠ বিষয়াৰ মতে, এই তিনিটা ফাৰ্ম হাউচৰ ভিতৰত এটা পাঞ্জাবী গায়ক দালেৰ মেহেন্দীৰ। এই ফাৰ্ম হাউচটো প্ৰায় ১.৫ একৰ মাটিত নিৰ্মাণ কৰা হৈছে, য’ত দালেৰ নিয়মিতভাৱে আহি থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু