--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰৰ পিছত বছৰ বাগৰি গৈছে। কিন্তু আজিও যেন ন্যায়  লাভ কৰা নাই বিলকিছ বানোই। আদালতে ১১ জন  ধৰ্ষণকাৰীক শাস্তি বিহিছিল যদিও ৰাজনৈতিক পাক চক্ৰত পৰি সেই আটাইকেইজন অপৰাধীয়েই এতিয়া মুকলি আকাশৰ তলত।  বিলকিছ বানোৱে ধৰ্ষণকাৰীসকলক মুকলি কৰি দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে।

উল্লেখ্য বিলকিছৰ  এঘাৰজন ধৰ্ষণকাৰীক ১৫ আগষ্টত মুক্তি দিয়া হৈছিল। গুজৰাট চৰকাৰে উক্ত  ১১ জনৰ শাস্তি ৰেহাইৰ সপক্ষে শীৰ্ষ আদালতত যুক্তি দৰ্শাই কৈছিল যে তেওঁলোকে কাৰাগাৰত "ভাল" আচৰণ কৰিছিল। সেইবাবেই তেওঁলোকক মুক্তি দিব পাৰি। উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত গুজৰাট চৰকাৰৰ পৰামৰ্শদাতাই কৈছিল  যে ১১ জন দোষীয়ে ১৪ বছৰ কাৰাগাৰত কটাইছে। ইয়াৰ উপৰিও তেওঁলোকে কাৰাগাৰৰ ভিতৰত ভাল আচৰণ কৰিছে। গতিকে তেওঁলোকক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

পাঁচ মাহৰ গৰ্ভৱতী বিলকিছক ২০০২ চনত গুজৰাটত হোৱা সংঘৰ্ষৰ  সময়ত   ১১ জন পুৰুষে দলবদ্ধভাবে  ধৰ্ষণ কৰিছিল। তেওঁৰ কন্যাকে  ধৰি বিলকিছৰ পৰিয়ালৰ সাতজন সদস্যক ধৰ্ষণকাৰীৰ অনুগত লোকে   হত্যা  কৰিছিল।

গুজৰাট চৰকাৰৰ আবেদনৰ ভিত্তিত ১৫ আগষ্টত কাৰাগাৰত "ভাল আচৰণ" কৰাৰ ভিত্তিত দোষী সাব্যস্ত হোৱা বিলকিছৰ এঘাৰজন ধৰ্ষণকাৰীক মুক্তি দিয়া হৈছিল। ধৰ্ষণকাৰীসকলক মুক্তি দিয়াকলৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। 

এইবাৰ আদালতৰ ৰায়ক প্ৰত্যহ্বান জনাই বিলকিছে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। আদালতে এই সন্দৰ্ভত ধৰ্ষণৰ বলি হোৱা বিলকিছৰ পক্ষত ৰায় দিয়ে নে নাই সেয়া সময়ত স্পষ্ট হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক