--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰৰ পিছত বছৰ বাগৰি গৈছে। কিন্তু আজিও যেন ন্যায়  লাভ কৰা নাই বিলকিছ বানোই। আদালতে ১১ জন  ধৰ্ষণকাৰীক শাস্তি বিহিছিল যদিও ৰাজনৈতিক পাক চক্ৰত পৰি সেই আটাইকেইজন অপৰাধীয়েই এতিয়া মুকলি আকাশৰ তলত।  বিলকিছ বানোৱে ধৰ্ষণকাৰীসকলক মুকলি কৰি দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে।

উল্লেখ্য বিলকিছৰ  এঘাৰজন ধৰ্ষণকাৰীক ১৫ আগষ্টত মুক্তি দিয়া হৈছিল। গুজৰাট চৰকাৰে উক্ত  ১১ জনৰ শাস্তি ৰেহাইৰ সপক্ষে শীৰ্ষ আদালতত যুক্তি দৰ্শাই কৈছিল যে তেওঁলোকে কাৰাগাৰত "ভাল" আচৰণ কৰিছিল। সেইবাবেই তেওঁলোকক মুক্তি দিব পাৰি। উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত গুজৰাট চৰকাৰৰ পৰামৰ্শদাতাই কৈছিল  যে ১১ জন দোষীয়ে ১৪ বছৰ কাৰাগাৰত কটাইছে। ইয়াৰ উপৰিও তেওঁলোকে কাৰাগাৰৰ ভিতৰত ভাল আচৰণ কৰিছে। গতিকে তেওঁলোকক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

পাঁচ মাহৰ গৰ্ভৱতী বিলকিছক ২০০২ চনত গুজৰাটত হোৱা সংঘৰ্ষৰ  সময়ত   ১১ জন পুৰুষে দলবদ্ধভাবে  ধৰ্ষণ কৰিছিল। তেওঁৰ কন্যাকে  ধৰি বিলকিছৰ পৰিয়ালৰ সাতজন সদস্যক ধৰ্ষণকাৰীৰ অনুগত লোকে   হত্যা  কৰিছিল।

গুজৰাট চৰকাৰৰ আবেদনৰ ভিত্তিত ১৫ আগষ্টত কাৰাগাৰত "ভাল আচৰণ" কৰাৰ ভিত্তিত দোষী সাব্যস্ত হোৱা বিলকিছৰ এঘাৰজন ধৰ্ষণকাৰীক মুক্তি দিয়া হৈছিল। ধৰ্ষণকাৰীসকলক মুক্তি দিয়াকলৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। 

এইবাৰ আদালতৰ ৰায়ক প্ৰত্যহ্বান জনাই বিলকিছে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। আদালতে এই সন্দৰ্ভত ধৰ্ষণৰ বলি হোৱা বিলকিছৰ পক্ষত ৰায় দিয়ে নে নাই সেয়া সময়ত স্পষ্ট হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু