--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিকোনো ব্যক্তিৰ বাবে সম্পৰ্ক বা বিবাহিত জীৱনত সোমোৱাটো যিমান কঠিন, সেই সম্পৰ্ক ৰক্ষা কৰাটো অধিক কঠিন। জীৱন সংগীৰ মাজত মৃদু তৰ্ক হোৱাটো সাধাৰণ কথা, যদি প্ৰেম প্ৰবল হয় তেন্তে খং নোহোৱা হ’বলৈ বেছি সময় নালাগে। ২০১২ চনৰ অক্টোবৰ মাহত ছেইফ আলী খান আৰু কৰীণা কাপুৰৰ বিবাহ হৈছিল, ১০ বছৰৰ পাছতো তেওঁলোকৰ সম্পৰ্ক শক্তিশালী হৈ আছে। আপুনিও যদি ছেইফ-কৰীণাৰ দৰে শক্তিশালী সম্পৰ্ক হোৱাটো বিচাৰে তেন্তে এই কথাবোৰ মানি চলক।

১) যোগাযোগঃ যদি আপুনি মৃত্যুৰ আগলৈকে আপোনাৰ জীৱনসংগীৰ সৈতে সম্পৰ্ক বজাই ৰাখিব বিচাৰে, তেন্তে আপোনালোক দুয়োৰে মাজত যোগাযোগ থকাটো অতি গুৰুত্বপূৰ্ণ। প্ৰায়ে কামত ব্যস্ত থকাৰ বাবে মানুহে যোগাযোগ কৰিব নোৱাৰে, যাৰ বাবে ভুল বুজাবুজি আৰম্ভ হয়। আপোনাৰ পতি বা পত্নীয়ে কেতিয়াও অনুভৱ কৰা উচিত নহয় যে আপুনি তেওঁৰ লগত কথা পাতিবলৈ আৰু আগ্ৰহী নহয়।

২) কেয়াৰ কৰাঃ যেতিয়া আপুনি কাৰোবাৰ লগত থাকে তেতিয়া তেওঁৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে চিন্তা কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ পৰা বুজা যায় যে আপুনি তেওঁৰ কিমান যত্ন লয়। যেনে সময়মতে খাদ্য খোৱা বা নোখোৱাক লৈ খেয়াল ৰখা, অসুস্থ হ’লে চিকিৎসকৰ ওচৰলৈ লৈ যোৱা, ঔষধৰ কথা সোঁৱৰাই দিয়া আৰু প্ৰয়োজনত নিজৰ স্তৰৰ বাহিৰত সহায় কৰা। এনে পৰিস্থিতিত আপোনাৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি চলিব।

৩) কোৱালিটী টাইম স্পেণ্ডঃ দৈনন্দিন জীৱন বা কৰ্মক্ষেত্ৰত যিমানেই ব্যস্ত নহওক কিয়, ইজনে সিজনৰ বাবে কোৱালিটী টাইম উলিয়াই লোৱাটো নিশ্চিত কৰক। সপ্তাহৰ ছুটীত হয় ঘৰত একেলগে আজৰি সময় কটাব লাগে, নহয় বজাৰলৈ বা ক’ৰবাত ওলাই যাব লাগে। বছৰত এবাৰ ছুটীৰ বাবে ক’ৰবালৈ যাব লাগে। ইয়াৰ দ্বাৰা আপোনাৰ প্ৰিয়জন আপোনাৰ ওচৰ চাপিব।

৪) স্পেচিয়েল অনুভৱ কৰাবঃ যিকোনো সম্পৰ্কত সংগীক কোৱাটো অতি প্ৰয়োজনীয় যে আপুনি তেওঁৰ বাবে কিমান গুৰুত্বপূৰ্ণ, ইয়াৰ বাবে আপুনি তেওঁৰ জন্মদিন বিশেষভাৱে উদযাপন কৰিব লাগিব। বিবাহ বাৰ্ষিকীৰ দিনা অফিচৰ পৰা বিৰতি লওক আৰু ক’ৰবাত ওলাই গৈ তেওঁৰ সৈতে এক স্মৰণীয় মুহূৰ্ত কটাওক। এনে পৰিস্থিতিত আপোনাৰ সম্পৰ্কত কেতিয়াও ফাঁট নেমেলে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক