--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জীৱনশৈলীৰ বিভিন্ন পৰিৱৰ্তনে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। বিশেষকৈ কিশোৰীসকলৰ ক্ষেত্ৰত শেহতীয়াকৈ বিভিন্ন হৰম’নৰ সমস্যা বৃদ্ধি পোৱা দেখা গৈছে, তাৰে ভিতৰত পিচিঅ’এছ অন্যতম। সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি বলীউডৰ তাৰকালৈকে বহুতেই এই ৰোগত আক্ৰান্ত হৈছে। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক অধ্যয়ন অনুসৰি প্ৰতি পাঁচগৰাকী কিশোৰীৰ ভিতৰত এগৰাকী এই ৰোগত আক্ৰান্ত হয়।

 ‘পলিচিষ্টিক অভাৰী চিণ্ড্ৰম’ক এটা শব্দত ‘পিচিঅ’এছ’ বুলি কোৱা হয়। দৈনন্দিন জীৱনশৈলীৰ পৰিৱৰ্তনে শৰীৰৰ হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰে। যদি মেদবহুলতাৰ দৰে সমস্যা আছে, তেন্তে সেই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। আনহাতে, পুষ্টিবিদসকলৰ মতে পিচিঅ’এছ ৰোগীৰ বাবে প্ৰ’টিন আৰু কম কাৰ্বহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজন। কেৱল সেয়াই নহয়, বিপাকীয় সমস্যা বা ঋতুস্ৰাৱৰ সমস্যা থাকিলেও আৰু ওজন কমাব বিচাৰিলেও এই খাদ্যই ফলপ্ৰসূ। গতিকে ঔষধৰ ওপৰত নিৰ্ভৰ নকৰাকৈ প্ৰথমে খাদ্য তালিকাত প্ৰ’টিন যোগ কৰিলে এই সমস্যাৰ পৰা বহুখিনি মুক্তি পাব পাৰি। কণী সৰ্বোত্তম প্ৰটিন। গতিকে নিঃসংকোচে কণী খাব।

 ১)প্ৰ’টিনসমৃদ্ধ খাদ্য খোৱাৰ ফলত পেট ভৰি থাকে। প্ৰ’টিনে ভোকৰ অনুভূতি বা বাৰে বাৰে খাদ্য খোৱাৰ ইচ্ছাকো নিয়ন্ত্ৰণ কৰে।

২)প্ৰ’টিন হজম হ’বলৈ বহু সময় লাগে। যাৰ বাবে তেজত চেনিৰ ভাৰসাম্য বজাই ৰখাত সহায়ক হয়।

৩) প্ৰ’টিনে ‘গ্লুকাগন’ নামৰ হৰম’নৰ নিঃসৰণ নিয়ন্ত্ৰণ কৰে। এই হৰম’নে শৰীৰত প্ৰাকৃতিক ইনচুলিন হিচাপে কাম কৰে। যেতিয়া তেজত চেনিৰ মাত্ৰা হঠাতে কমি যায়, তেতিয়া এই হৰম’নে ইয়াক পূৰ্বৰ মাত্ৰালৈ ঘূৰাই অনাত সহায় কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক