--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জীৱনশৈলীৰ বিভিন্ন পৰিৱৰ্তনে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। বিশেষকৈ কিশোৰীসকলৰ ক্ষেত্ৰত শেহতীয়াকৈ বিভিন্ন হৰম’নৰ সমস্যা বৃদ্ধি পোৱা দেখা গৈছে, তাৰে ভিতৰত পিচিঅ’এছ অন্যতম। সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি বলীউডৰ তাৰকালৈকে বহুতেই এই ৰোগত আক্ৰান্ত হৈছে। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক অধ্যয়ন অনুসৰি প্ৰতি পাঁচগৰাকী কিশোৰীৰ ভিতৰত এগৰাকী এই ৰোগত আক্ৰান্ত হয়।

 ‘পলিচিষ্টিক অভাৰী চিণ্ড্ৰম’ক এটা শব্দত ‘পিচিঅ’এছ’ বুলি কোৱা হয়। দৈনন্দিন জীৱনশৈলীৰ পৰিৱৰ্তনে শৰীৰৰ হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰে। যদি মেদবহুলতাৰ দৰে সমস্যা আছে, তেন্তে সেই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। আনহাতে, পুষ্টিবিদসকলৰ মতে পিচিঅ’এছ ৰোগীৰ বাবে প্ৰ’টিন আৰু কম কাৰ্বহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজন। কেৱল সেয়াই নহয়, বিপাকীয় সমস্যা বা ঋতুস্ৰাৱৰ সমস্যা থাকিলেও আৰু ওজন কমাব বিচাৰিলেও এই খাদ্যই ফলপ্ৰসূ। গতিকে ঔষধৰ ওপৰত নিৰ্ভৰ নকৰাকৈ প্ৰথমে খাদ্য তালিকাত প্ৰ’টিন যোগ কৰিলে এই সমস্যাৰ পৰা বহুখিনি মুক্তি পাব পাৰি। কণী সৰ্বোত্তম প্ৰটিন। গতিকে নিঃসংকোচে কণী খাব।

 ১)প্ৰ’টিনসমৃদ্ধ খাদ্য খোৱাৰ ফলত পেট ভৰি থাকে। প্ৰ’টিনে ভোকৰ অনুভূতি বা বাৰে বাৰে খাদ্য খোৱাৰ ইচ্ছাকো নিয়ন্ত্ৰণ কৰে।

২)প্ৰ’টিন হজম হ’বলৈ বহু সময় লাগে। যাৰ বাবে তেজত চেনিৰ ভাৰসাম্য বজাই ৰখাত সহায়ক হয়।

৩) প্ৰ’টিনে ‘গ্লুকাগন’ নামৰ হৰম’নৰ নিঃসৰণ নিয়ন্ত্ৰণ কৰে। এই হৰম’নে শৰীৰত প্ৰাকৃতিক ইনচুলিন হিচাপে কাম কৰে। যেতিয়া তেজত চেনিৰ মাত্ৰা হঠাতে কমি যায়, তেতিয়া এই হৰম’নে ইয়াক পূৰ্বৰ মাত্ৰালৈ ঘূৰাই অনাত সহায় কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু