--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যুদ্ধৰ ক’লীয়া ডাৱৰে ঢাকি ধৰিছে ইউক্ৰেইনৰ আকাশ। ৰাছিয়াই যিকোনো মুহূৰ্ততে দেশখন আক্ৰমণৰ আশংকা গাঢ় হৈ পৰিছে। ৰাছিয়া-ইউক্ৰেইন সীমান্তত ৰাছিয়াই প্ৰায় ১লাখ সৈন্য মোতায়েন কৰা বুলি প্ৰকাশ পাইছে। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ আশংকা গাঢ় হৈ পৰাৰ পৰিপ্ৰেক্ষিততে আমেৰিয়াই সেই দেশত থকা মাৰ্কিন নাগৰিকসকলক দেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ আহ্বান জনাইছে। আমেৰিকাৰ এই আহ্বানে অধিক বৃদ্ধি কৰিছে যুদ্ধৰ আশংকা। ইফালে শেহতীয়াকৈ ৰাছিয়াৰ সমৰ প্ৰস্তুতিৰ এক ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে। ছেটেলাইট আলোকচিত্ৰত স্পষ্ট ৰূপত ধৰা পৰিছে ইউক্ৰেইন সীমান্তত ৰাছিয়াৰ বিশাল সৈন্য সমাবেশ। মেক্সাৰে সংগ্ৰহ কৰা শেহতীয়া উপগ্ৰহীয় আলোকচিত্ৰত দেখা গৈছে যে, ক্ৰিমেয়া, বেলাৰুছ আৰু পশ্চিম ৰাছিয়াৰ পৰা সংগ্ৰহ কৰা আলোকচিত্ৰত ৰাছিয়াই নতুনকৈ সীমান্ত অঞ্চলত বৃহৎসংখ্যক সৈন্য মোতায়েন কৰিছে। ক্ৰেমেয়াৰ Oktyabrskoye airfieldৰ সমীপত বৃহৎসংখ্যক সৈন্য আৰু যুদ্ধাস্ত্ৰৰ উপস্থিতি ধৰা পৰে বিগত ১০ ফেব্ৰুৱাৰীতে। ছিমফেৰ’পুলৰ উত্তৰ অংশৰ এখন পৰিত্যক্ত বিমানক্ষেত্ৰত ৫৫০ৰো অধিক সৈন্যবাহিনীৰ শিবিৰ ধৰা পৰিছে ছেটেলাইট আলোকচিত্ৰত।আনহাতে নোভোজেৰন’য়েৰ নামৰ ঠাইখনতো সৈন্য আৰু যুদ্ধাস্ত্ৰৰ ব্যাপক সমাৱেশ দেখিবলৈ পোৱা গৈছে। আনহাতে বেলাৰুছতো সৈন্য বাহিনী, হেলিকপ্টাৰ আৰু যুদ্ধাস্ত্ৰ সাজু কৰি ৰাখিছে ৰাছিয়াই। গোমেলৰ সমীপৰ জেয়াব্ৰোভকা এয়াৰফিল্ডত এই নতুন সৈন্য সমাৱেশ দেখিবলৈ পোৱা গৈছে। এই অঞ্চলটোৰ পৰা ইউক্ৰেইন সীমান্তলৈ দূৰত্ব ২৫ কিলোমিটাৰৰো কম। ৰাছিয়াৰ এই সমৰ প্ৰস্তুতিয়ে বিশ্বত এতিয়া আন এক সংকট সৃষ্টি কৰা আশংকা গাঢ় কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ