--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যুদ্ধৰ ক’লীয়া ডাৱৰে ঢাকি ধৰিছে ইউক্ৰেইনৰ আকাশ। ৰাছিয়াই যিকোনো মুহূৰ্ততে দেশখন আক্ৰমণৰ আশংকা গাঢ় হৈ পৰিছে। ৰাছিয়া-ইউক্ৰেইন সীমান্তত ৰাছিয়াই প্ৰায় ১লাখ সৈন্য মোতায়েন কৰা বুলি প্ৰকাশ পাইছে। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ আশংকা গাঢ় হৈ পৰাৰ পৰিপ্ৰেক্ষিততে আমেৰিয়াই সেই দেশত থকা মাৰ্কিন নাগৰিকসকলক দেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ আহ্বান জনাইছে। আমেৰিকাৰ এই আহ্বানে অধিক বৃদ্ধি কৰিছে যুদ্ধৰ আশংকা। ইফালে শেহতীয়াকৈ ৰাছিয়াৰ সমৰ প্ৰস্তুতিৰ এক ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে। ছেটেলাইট আলোকচিত্ৰত স্পষ্ট ৰূপত ধৰা পৰিছে ইউক্ৰেইন সীমান্তত ৰাছিয়াৰ বিশাল সৈন্য সমাবেশ। মেক্সাৰে সংগ্ৰহ কৰা শেহতীয়া উপগ্ৰহীয় আলোকচিত্ৰত দেখা গৈছে যে, ক্ৰিমেয়া, বেলাৰুছ আৰু পশ্চিম ৰাছিয়াৰ পৰা সংগ্ৰহ কৰা আলোকচিত্ৰত ৰাছিয়াই নতুনকৈ সীমান্ত অঞ্চলত বৃহৎসংখ্যক সৈন্য মোতায়েন কৰিছে। ক্ৰেমেয়াৰ Oktyabrskoye airfieldৰ সমীপত বৃহৎসংখ্যক সৈন্য আৰু যুদ্ধাস্ত্ৰৰ উপস্থিতি ধৰা পৰে বিগত ১০ ফেব্ৰুৱাৰীতে। ছিমফেৰ’পুলৰ উত্তৰ অংশৰ এখন পৰিত্যক্ত বিমানক্ষেত্ৰত ৫৫০ৰো অধিক সৈন্যবাহিনীৰ শিবিৰ ধৰা পৰিছে ছেটেলাইট আলোকচিত্ৰত।আনহাতে নোভোজেৰন’য়েৰ নামৰ ঠাইখনতো সৈন্য আৰু যুদ্ধাস্ত্ৰৰ ব্যাপক সমাৱেশ দেখিবলৈ পোৱা গৈছে। আনহাতে বেলাৰুছতো সৈন্য বাহিনী, হেলিকপ্টাৰ আৰু যুদ্ধাস্ত্ৰ সাজু কৰি ৰাখিছে ৰাছিয়াই। গোমেলৰ সমীপৰ জেয়াব্ৰোভকা এয়াৰফিল্ডত এই নতুন সৈন্য সমাৱেশ দেখিবলৈ পোৱা গৈছে। এই অঞ্চলটোৰ পৰা ইউক্ৰেইন সীমান্তলৈ দূৰত্ব ২৫ কিলোমিটাৰৰো কম। ৰাছিয়াৰ এই সমৰ প্ৰস্তুতিয়ে বিশ্বত এতিয়া আন এক সংকট সৃষ্টি কৰা আশংকা গাঢ় কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু