--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ পৰা লণ্ডনলৈ বাছ যাত্ৰা কৰাৰ কথা আপুনি বাৰু ভাবিব পাৰে নে? এক দীঘলীয়া বাছ যাত্ৰা কৰাৰ সপোন যদি আপুনি দেখি আছে তেন্তে এডভেঞ্চাৰ অভাৰলেণ্ড সংস্থাই আপোনাৰ বাবে আনিছে এক সুখবৰ৷ ১৮ খন দেশৰ মাজেৰে যাত্ৰা কৰি আপুনি লণ্ডনলৈ যাবৰ বাবে পাব সুযোগ। এই যাত্ৰা হ’ব ৭০ দিনীয়া। দিল্লীৰ গুৰু্গ্ৰামৰ এটা টুৰিষ্ট কোম্পানীয়ে দিল্লীৰ পৰা লণ্ডনলৈ বাছ যাত্ৰাৰ এক সেৱা নতুনকৈ আৰম্ভ কৰিছে। এই বিলাসী ভ্ৰমণৰ বাবে আপুনি ব্যয় কৰিব লাগিব ১৫ লাখ টকা৷ এই ব্যয়ত টিকট, ভিছা, বিভিন্ন দেশত থকাৰ ব্যয় আৰু অন্যান্য আনুষংগিক ব্যয় অন্তৰ্ভুক্ত থাকিব৷ বাছখন কিৰগিজস্তান, চীন, থাইলেণ্ড, ম্যানমাৰ, লাউছ, উজবেকিস্তান, ৰাছিয়া, নেডাৰলেণ্ড, বেলজিয়াম, ফ্ৰান্স ইত্যাদিৰ লগতে মুঠ ১৮ দেশৰ মাজেৰে বাছখনে যাত্ৰা কৰিব। ১৮ খন দেশত প্ৰায় ২০,০০ কিলোমিটাৰ পথ অতিক্ৰম কৰা হ'ব৷ বাছখনত মুঠ ২০ খন আসন থাকিব৷ প্ৰতিজন যাত্ৰীৰ বাবে এটা পৃথক কেবিন থাকিব৷ খোৱা, শুৱাকে ধৰি সকলো ধৰণৰ সুবিধা থাকিব৷ আপুনি ভিছা, পাছপোৰ্ট আৰু অন্যান্য নথিপত্ৰৰে এই বাছখনত যাত্ৰা কৰিব পাৰে৷যাত্ৰীসকলৰ লগতে থাকিব এগৰাকী চালক, এগৰাকী সহকাৰী চালক, এগৰাকী গাইড আৰু সহযোগী। বাছখনৰ নাম দিয়া হৈছে 'Bus To London'. এই বৰ্ষৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হব এই বাছ যাত্ৰা। আৰু পঢ়কঃ একতাৰ নিদৰ্শন! এটা শিৱ মন্দিৰৰ সম্পূৰ্ণ চোৱাচিতা কৰে মুছলিম পিতা-পুত্ৰই

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ