--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ পৰা লণ্ডনলৈ বাছ যাত্ৰা কৰাৰ কথা আপুনি বাৰু ভাবিব পাৰে নে? এক দীঘলীয়া বাছ যাত্ৰা কৰাৰ সপোন যদি আপুনি দেখি আছে তেন্তে এডভেঞ্চাৰ অভাৰলেণ্ড সংস্থাই আপোনাৰ বাবে আনিছে এক সুখবৰ৷ ১৮ খন দেশৰ মাজেৰে যাত্ৰা কৰি আপুনি লণ্ডনলৈ যাবৰ বাবে পাব সুযোগ। এই যাত্ৰা হ’ব ৭০ দিনীয়া। দিল্লীৰ গুৰু্গ্ৰামৰ এটা টুৰিষ্ট কোম্পানীয়ে দিল্লীৰ পৰা লণ্ডনলৈ বাছ যাত্ৰাৰ এক সেৱা নতুনকৈ আৰম্ভ কৰিছে। এই বিলাসী ভ্ৰমণৰ বাবে আপুনি ব্যয় কৰিব লাগিব ১৫ লাখ টকা৷ এই ব্যয়ত টিকট, ভিছা, বিভিন্ন দেশত থকাৰ ব্যয় আৰু অন্যান্য আনুষংগিক ব্যয় অন্তৰ্ভুক্ত থাকিব৷ বাছখন কিৰগিজস্তান, চীন, থাইলেণ্ড, ম্যানমাৰ, লাউছ, উজবেকিস্তান, ৰাছিয়া, নেডাৰলেণ্ড, বেলজিয়াম, ফ্ৰান্স ইত্যাদিৰ লগতে মুঠ ১৮ দেশৰ মাজেৰে বাছখনে যাত্ৰা কৰিব। ১৮ খন দেশত প্ৰায় ২০,০০ কিলোমিটাৰ পথ অতিক্ৰম কৰা হ'ব৷ বাছখনত মুঠ ২০ খন আসন থাকিব৷ প্ৰতিজন যাত্ৰীৰ বাবে এটা পৃথক কেবিন থাকিব৷ খোৱা, শুৱাকে ধৰি সকলো ধৰণৰ সুবিধা থাকিব৷ আপুনি ভিছা, পাছপোৰ্ট আৰু অন্যান্য নথিপত্ৰৰে এই বাছখনত যাত্ৰা কৰিব পাৰে৷যাত্ৰীসকলৰ লগতে থাকিব এগৰাকী চালক, এগৰাকী সহকাৰী চালক, এগৰাকী গাইড আৰু সহযোগী। বাছখনৰ নাম দিয়া হৈছে 'Bus To London'. এই বৰ্ষৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হব এই বাছ যাত্ৰা। আৰু পঢ়কঃ একতাৰ নিদৰ্শন! এটা শিৱ মন্দিৰৰ সম্পূৰ্ণ চোৱাচিতা কৰে মুছলিম পিতা-পুত্ৰই

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু