--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইবছৰমানৰ পৰা যি ধৰণৰ ছবি তেওঁ কৰিছে, সেই ছবিয়ে বহুতৰে মনত কৌতুহল জগাই তুলিছে। বিভিন্ন মহলে প্ৰশ্ন উত্থাপন হৈছে, অক্ষয় কুমাৰে লাহে লাহে ৰাজনীতিত যোগদান কৰাৰ কথা ভাবিছে নেকি? শেহতীয়াকৈ এই প্ৰেক্ষাপটত উত্তৰ দিছে বলীউডৰ ‘খিলাদি কুমাৰ’ই।

এক সাক্ষাৎকাৰত অক্ষয়ক তেওঁৰ ব্যক্তিগত জীৱনৰ পৰা অভিনয় কেৰিয়াৰলৈকে কেইবাটাও প্ৰশ্ন কৰা হৈছিল। তাত ৰাজনীতিও আছিল। অক্ষয় ৰাজনীতিলৈ আহিবনে? এই প্ৰশ্নৰ উত্তৰত অভিনেতাগৰাকীয়ে কয়- ''ভৱিষ্যতে কি হ’ব মই নাজানো। কিন্তু বৰ্তমান মই ৰাজনীতিত যোগদান কৰা নাই।''

অক্ষয়ে অৱশ্যে দাবী কৰিছিল যে তেওঁৰ চলচ্চিত্ৰ নিৰ্বাচনৰ প্ৰত্যক্ষ ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই। অভিনেতাগৰাকীৰ মতে, "মই ছবি কৰিছো কাৰণ এই বিষয়সমূহ দৰ্শকৰ সন্মুখত অনাটো গুৰুত্বপূৰ্ণ।"

২০১৯ চনত অক্ষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সাক্ষাৎকাৰ লৈছিল। এই বিষয়ে সোধাত তেওঁ কয়, "কোনে এনে সাক্ষাৎকাৰ কৰিব নিবিচাৰিব? যদি আন কাৰোবাক অফাৰ দিয়া হ’লহেঁতেন তেন্তে তেওঁ মান্তি হ’লহেঁতেন। মই প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ লৈছিলো কাৰণ মোক সুযোগ দিয়া হৈছিল। মই আন কাৰো সাক্ষাৎকাৰ লোৱা নাছিলো।’’

ইয়াৰ লগতে অক্ষয়ে তেওঁৰ ছবিত বিজেপিৰ প্ৰচাৰ সন্দৰ্ভত কয়, "'টয়লেট: এক প্ৰেম কথা'ৰ সময়তো সকলোৱে তেনেকৈয়ে কৈছিল। কিন্তু তেওঁলোকে ‘পেডমেন’ৰ কথা নকয়। 'এয়াৰ লিফ্ট' ছবিখনো কৰিছো। সেয়াই হৈছে কংগ্ৰেছৰ যুগৰ ঘটনা। 'মিছন ৰাণীগঞ্জ' একেই।''






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু