--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা কেইবছৰমানৰ পৰা যি ধৰণৰ ছবি তেওঁ কৰিছে, সেই ছবিয়ে বহুতৰে মনত কৌতুহল জগাই তুলিছে। বিভিন্ন মহলে প্ৰশ্ন উত্থাপন হৈছে, অক্ষয় কুমাৰে লাহে লাহে ৰাজনীতিত যোগদান কৰাৰ কথা ভাবিছে নেকি? শেহতীয়াকৈ এই প্ৰেক্ষাপটত উত্তৰ দিছে বলীউডৰ ‘খিলাদি কুমাৰ’ই।

এক সাক্ষাৎকাৰত অক্ষয়ক তেওঁৰ ব্যক্তিগত জীৱনৰ পৰা অভিনয় কেৰিয়াৰলৈকে কেইবাটাও প্ৰশ্ন কৰা হৈছিল। তাত ৰাজনীতিও আছিল। অক্ষয় ৰাজনীতিলৈ আহিবনে? এই প্ৰশ্নৰ উত্তৰত অভিনেতাগৰাকীয়ে কয়- ''ভৱিষ্যতে কি হ’ব মই নাজানো। কিন্তু বৰ্তমান মই ৰাজনীতিত যোগদান কৰা নাই।''

অক্ষয়ে অৱশ্যে দাবী কৰিছিল যে তেওঁৰ চলচ্চিত্ৰ নিৰ্বাচনৰ প্ৰত্যক্ষ ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নাই। অভিনেতাগৰাকীৰ মতে, "মই ছবি কৰিছো কাৰণ এই বিষয়সমূহ দৰ্শকৰ সন্মুখত অনাটো গুৰুত্বপূৰ্ণ।"

২০১৯ চনত অক্ষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সাক্ষাৎকাৰ লৈছিল। এই বিষয়ে সোধাত তেওঁ কয়, "কোনে এনে সাক্ষাৎকাৰ কৰিব নিবিচাৰিব? যদি আন কাৰোবাক অফাৰ দিয়া হ’লহেঁতেন তেন্তে তেওঁ মান্তি হ’লহেঁতেন। মই প্ৰধানমন্ত্ৰীৰ সাক্ষাৎকাৰ লৈছিলো কাৰণ মোক সুযোগ দিয়া হৈছিল। মই আন কাৰো সাক্ষাৎকাৰ লোৱা নাছিলো।’’

ইয়াৰ লগতে অক্ষয়ে তেওঁৰ ছবিত বিজেপিৰ প্ৰচাৰ সন্দৰ্ভত কয়, "'টয়লেট: এক প্ৰেম কথা'ৰ সময়তো সকলোৱে তেনেকৈয়ে কৈছিল। কিন্তু তেওঁলোকে ‘পেডমেন’ৰ কথা নকয়। 'এয়াৰ লিফ্ট' ছবিখনো কৰিছো। সেয়াই হৈছে কংগ্ৰেছৰ যুগৰ ঘটনা। 'মিছন ৰাণীগঞ্জ' একেই।''






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক