--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী  অনুৰাগ ঠাকুৰে বুধবাৰে  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰো  আৰু গ্ৰেফিটি ষ্টুডিঅ'ৰ দ্বাৰা নিৰ্মিত দুটা ছিজনৰ এনিমেটেড ধাৰাবাহিক কৃশ, তৃশ আৰু বালতিবয় (কেটিবি)-ভাৰত হ্যে হামৰ ট্ৰেইলাৰ মুকলি কৰে। এই ধাৰাবাহিকখনত ১৫০০ চনৰ পৰা ১৯৪৭ চনলৈকে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ কাহিনী সামৰি ১১ মিনিটৰ ৫২টা খণ্ড আছে৷ ধাৰাবাহিকখনৰ মুল এনিমেটেড চৰিত্ৰ হৈছে কৃশ, তৃশ আৰু বালতিহয়। গ্ৰেফিটি ষ্টুডিঅ’ৰ মুঞ্জল শ্ৰফ আৰু তিলকৰাজ শ্বেট্টীৰ সহ-প্ৰযোজনাত এই ধাৰাবাহিকখনৰ প্ৰযোজনা কৰিছে।

                                                    

ইয়াৰ সমান্তৰালকৈ এই ধাৰাবাহিকখনে যিসকল লোকৰ অৱদানে আধুনিক ভাৰতক গঢ় দিছে তেওঁলোকৰ কাহিনী আগবঢ়াই আনি যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ প্ৰয়াস কৰিছে। এই ধাৰাবাহিকখনে বিদেশী ভাষাকে ধৰি একাধিক ভাষাত মুক্তি পাব, যাৰ দ্বাৰা ভাষাৰ বাধা অতিক্ৰম কৰি এই সংগ্ৰামীসকলৰ কাহিনী সমগ্ৰ বিশ্বৰ দৰ্শকৰ মাজলৈ লৈ যাব।

মন্ত্ৰী ঠাকুৰে কয় যে দূৰদৰ্শন, নেটফ্লিক্স আৰু এমাজন প্ৰাইমে একে সময়তে এই এনিমেটেড ধাৰাবাহিকখন সম্প্ৰচাৰ হ’ব। এনে ধৰণৰ প্ৰচেষ্টা আগতে কেতিয়াও হাতত লোৱা নাই। বিদেশী উপনিবেশিকসকলৰ বিৰুদ্ধে সংগ্ৰামত মহিলা আৰু জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ অৱদান প্ৰদৰ্শন কৰাটোৱেই এই ধাৰাবাহিকখনৰ এক প্ৰধান কেন্দ্ৰবিন্দু।




তেওঁ ঘোষণা কৰে যে এই ধাৰাবাহিকখন পৰৱৰ্তী অধিৱেশনৰ সময়ত সকলো সাংসদক দেখুওৱা হ’ব।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ পঞ্চ পণক দোঁহাৰি তেওঁ ৰাইজক ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰিবলৈ আহ্বান জনাই কয় যে স্বাধীনতা সংগ্ৰামীসকলে নিজৰ প্ৰাণ আহুতি দিয়াৰ বিপৰীতে আজিৰ যুৱক-যুৱতীসকলেও এই দেশখনক অমৃতকালৰ পৰা লৈ যোৱাত অৰিহণা যোগাব লাগিব৷ এই স্বৰ্ণিম ক্ষণত সকলোৱে সম্পূৰ্ণ অৱদান আগবঢ়াব লাগিব।

তথ্য আৰু সম্প্ৰচাৰৰ বিভাগৰ সচিব অপূৰ্ব চন্দ্ৰই কয় যে সাধাৰণতে ভাৰতৰ জনসাধাৰণ আৰু বিশেষকৈ দেশৰ শিশুসকলক লক্ষ্য কৰি এখন এনিমেটেড ধাৰাবাহিক প্ৰথমবাৰৰ বাবে মুকলি কৰাটো মন্ত্ৰালয়ৰ বাবে এক গুৰুত্বপূৰ্ণ কাম। তেওঁ কয় যে প্ৰথমবাৰৰ বাবে এটা ব্যয় সংস্থা কেন্দ্ৰীয় যোগাযোগ ব্যুৰো ৰাজহ আহৰণৰ ক্ষেত্ৰত জড়িত হৈ পৰিছে।

মুঞ্জল শ্ৰোফে দৰ্শকক উদ্দেশ্যি কয় যে এই ধাৰাবাহিকখন নিৰ্মাণত হাজাৰৰো অধিক লোকে অৱদান আগবঢ়াইছে। তেওঁ লগতে কয় যে এটা সাধাৰণ এনিমেচন শ্ব'ত প্ৰায় ৪০টা পটভূমিৰ সৈতে ২৫ৰ পৰা ৩০টা চৰিত্ৰ থাকে যদিও ভাৰত হ্যে হামৰ এটা খণ্ডত গড়ে ৫০ৰ পৰা ১০০টা চৰিত্ৰ আৰু ৫০টা পটভূমি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক