--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী  অনুৰাগ ঠাকুৰে বুধবাৰে  তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰো  আৰু গ্ৰেফিটি ষ্টুডিঅ'ৰ দ্বাৰা নিৰ্মিত দুটা ছিজনৰ এনিমেটেড ধাৰাবাহিক কৃশ, তৃশ আৰু বালতিবয় (কেটিবি)-ভাৰত হ্যে হামৰ ট্ৰেইলাৰ মুকলি কৰে। এই ধাৰাবাহিকখনত ১৫০০ চনৰ পৰা ১৯৪৭ চনলৈকে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ কাহিনী সামৰি ১১ মিনিটৰ ৫২টা খণ্ড আছে৷ ধাৰাবাহিকখনৰ মুল এনিমেটেড চৰিত্ৰ হৈছে কৃশ, তৃশ আৰু বালতিহয়। গ্ৰেফিটি ষ্টুডিঅ’ৰ মুঞ্জল শ্ৰফ আৰু তিলকৰাজ শ্বেট্টীৰ সহ-প্ৰযোজনাত এই ধাৰাবাহিকখনৰ প্ৰযোজনা কৰিছে।

                                                    

ইয়াৰ সমান্তৰালকৈ এই ধাৰাবাহিকখনে যিসকল লোকৰ অৱদানে আধুনিক ভাৰতক গঢ় দিছে তেওঁলোকৰ কাহিনী আগবঢ়াই আনি যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ প্ৰয়াস কৰিছে। এই ধাৰাবাহিকখনে বিদেশী ভাষাকে ধৰি একাধিক ভাষাত মুক্তি পাব, যাৰ দ্বাৰা ভাষাৰ বাধা অতিক্ৰম কৰি এই সংগ্ৰামীসকলৰ কাহিনী সমগ্ৰ বিশ্বৰ দৰ্শকৰ মাজলৈ লৈ যাব।

মন্ত্ৰী ঠাকুৰে কয় যে দূৰদৰ্শন, নেটফ্লিক্স আৰু এমাজন প্ৰাইমে একে সময়তে এই এনিমেটেড ধাৰাবাহিকখন সম্প্ৰচাৰ হ’ব। এনে ধৰণৰ প্ৰচেষ্টা আগতে কেতিয়াও হাতত লোৱা নাই। বিদেশী উপনিবেশিকসকলৰ বিৰুদ্ধে সংগ্ৰামত মহিলা আৰু জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ অৱদান প্ৰদৰ্শন কৰাটোৱেই এই ধাৰাবাহিকখনৰ এক প্ৰধান কেন্দ্ৰবিন্দু।




তেওঁ ঘোষণা কৰে যে এই ধাৰাবাহিকখন পৰৱৰ্তী অধিৱেশনৰ সময়ত সকলো সাংসদক দেখুওৱা হ’ব।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ পঞ্চ পণক দোঁহাৰি তেওঁ ৰাইজক ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰিবলৈ আহ্বান জনাই কয় যে স্বাধীনতা সংগ্ৰামীসকলে নিজৰ প্ৰাণ আহুতি দিয়াৰ বিপৰীতে আজিৰ যুৱক-যুৱতীসকলেও এই দেশখনক অমৃতকালৰ পৰা লৈ যোৱাত অৰিহণা যোগাব লাগিব৷ এই স্বৰ্ণিম ক্ষণত সকলোৱে সম্পূৰ্ণ অৱদান আগবঢ়াব লাগিব।

তথ্য আৰু সম্প্ৰচাৰৰ বিভাগৰ সচিব অপূৰ্ব চন্দ্ৰই কয় যে সাধাৰণতে ভাৰতৰ জনসাধাৰণ আৰু বিশেষকৈ দেশৰ শিশুসকলক লক্ষ্য কৰি এখন এনিমেটেড ধাৰাবাহিক প্ৰথমবাৰৰ বাবে মুকলি কৰাটো মন্ত্ৰালয়ৰ বাবে এক গুৰুত্বপূৰ্ণ কাম। তেওঁ কয় যে প্ৰথমবাৰৰ বাবে এটা ব্যয় সংস্থা কেন্দ্ৰীয় যোগাযোগ ব্যুৰো ৰাজহ আহৰণৰ ক্ষেত্ৰত জড়িত হৈ পৰিছে।

মুঞ্জল শ্ৰোফে দৰ্শকক উদ্দেশ্যি কয় যে এই ধাৰাবাহিকখন নিৰ্মাণত হাজাৰৰো অধিক লোকে অৱদান আগবঢ়াইছে। তেওঁ লগতে কয় যে এটা সাধাৰণ এনিমেচন শ্ব'ত প্ৰায় ৪০টা পটভূমিৰ সৈতে ২৫ৰ পৰা ৩০টা চৰিত্ৰ থাকে যদিও ভাৰত হ্যে হামৰ এটা খণ্ডত গড়ে ৫০ৰ পৰা ১০০টা চৰিত্ৰ আৰু ৫০টা পটভূমি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি