--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ নেতৃত্বক উচ্চ প্রশংসা কৰি ট্রাম্পে দুয়োখন দেশৰ সু-সম্পর্ক দীর্ঘস্থায়ী কৰাত গুৰুত্ব দিয়ে। তেওঁ কয় আমেৰিকা সম্পর্ক বহু পুৰণি আৰু দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ মাজেৰে এই সু-সম্পর্ক বৃদ্ধি হৈ আহিছে।

ডিজিটেল ডেস্ক: চীন আৰু আমেৰিকা বন্ধুহে হোৱা উচিত, শত্রু নহয়। এই মন্তব্য চীনা ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ। চীন ভ্রমণত থকা মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰে দ্বিপাক্ষিক বৈঠকৰ পাছতে জিনপিঙে কয় যে দুয়োখন দেশেই সহযোগিতাৰ দ্বাৰা লাভান্বিত হ'ব, কিন্তু শত্রুতা কৰিলে দুয়োখনেই ভুগিব লাগিব। 


বেইজিঙৰ 'গ্রেট হল অব্ দ্য পীপল'ত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত জিনপিঙে কয় যে সমগ্র বিশ্বৰে দৃষ্টি। এতিয়া আমাৰ এই বৈঠকৰ ওপৰত নিবদ্ধ হৈ আছে। যোৱা এটা শতিকাতো নেদেখা এটা ৰূপান্তৰ এতিয়া সমগ্র বিশ্বতে দেখা গৈছে। পৃথিৱীখন এক নতুন সন্ধিক্ষণত প্রৱেশ কৰিছে। তেওঁ লগতে কয় যে বেইজিং আৰু ৱাশিংটনে কৌশলগত শত্রুতা পৰিহাৰ কৰি দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ বাবে ফ্রেমৱৰ্ক প্ৰস্তুত কৰা উচিত। আমি একেলগে গোলকীয় সমস্যাসমূহৰ মুখামুখি হৈ বিশ্বক অধিক সুস্থিৰতা প্রদান কৰিব নোৱাৰোঁনে বুলিও তেওঁ প্রশ্ন কৰে। 


ইফালে, বৈঠকত মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কয় যে চীন-আমেৰিকা সম্পৰ্ক পূৰ্বৰ সময়ছোৱাতকৈ অধিক উন্নত হ'ব। দ্বিপাক্ষিক বৈঠকক ঐতিহাসিক আখ্যা দি ট্রাম্পে কয় যে বৰ্তমান বিশ্বজুৰি সৃষ্টি হোৱা বাণিজ্য, প্রযুক্তি খণ্ড আৰু আঞ্চলিক নিৰাপত্তাৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাৰ মাজতো দেশ দুখনৰ মাজৰ সম্পৰ্ক অধিক উন্নত হ'ব। 


চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ নেতৃত্বক উচ্চ প্রশংসা কৰি ট্রাম্পে দুয়োখন দেশৰ সু-সম্পর্ক দীর্ঘস্থায়ী কৰাত গুৰুত্ব দিয়ে। তেওঁ কয় আমেৰিকা সম্পর্ক বহু পুৰণি আৰু দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ মাজেৰে এই সু-সম্পর্ক বৃদ্ধি হৈ আহিছে। ইফালে, ট্রাম্পৰ লগত যোৱা মার্কিন বাণিজ্যিক নেতৃত্ব সন্দর্ভত কয় যে দেশ দুখনৰ মাজত গভীৰ অর্থনৈতিক সম্পর্ক গঢ়ি তোলাৰ বাবে তেওঁলোকে প্রচেষ্টা অব্যাহত ৰাখিছে। 


ইফালে, বৈঠকৰ মাজতে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পক সাৱধানবাণীও শুনালে চীনা ৰাষ্ট্ৰপতি জিনপিঙে। টাইৱানৰ ক্ষেত্ৰত যদি আমেৰিকাই কোনো নেতিবাচক সিদ্ধান্ত গ্রহণ কৰে তেন্তে চীন-আমেৰিকাৰ মাজত ভয়ংকৰ সংঘৰ্ষৰো সৃষ্টি হ'ব পাৰে। চীনৰ চৰকাৰী সংবাদ মাধ্যমে প্রকাশ কৰা মতেও দুই মুৰব্বীৰ বৈঠকত টাইৱানৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে। 


উল্লেখযোগ্য যে চীন ভ্রমণ কৰি সন্তুষ্টি লাভ কৰা ড'নাল্ড ট্রাম্পে অহা ২৪ ছেপ্টেম্বৰত আমেৰিকা ভ্ৰমণৰ বাবে আমন্ত্রণ জনালে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙক।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ