--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ নেতৃত্বক উচ্চ প্রশংসা কৰি ট্রাম্পে দুয়োখন দেশৰ সু-সম্পর্ক দীর্ঘস্থায়ী কৰাত গুৰুত্ব দিয়ে। তেওঁ কয় আমেৰিকা সম্পর্ক বহু পুৰণি আৰু দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ মাজেৰে এই সু-সম্পর্ক বৃদ্ধি হৈ আহিছে।

ডিজিটেল ডেস্ক: চীন আৰু আমেৰিকা বন্ধুহে হোৱা উচিত, শত্রু নহয়। এই মন্তব্য চীনা ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ। চীন ভ্রমণত থকা মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰে দ্বিপাক্ষিক বৈঠকৰ পাছতে জিনপিঙে কয় যে দুয়োখন দেশেই সহযোগিতাৰ দ্বাৰা লাভান্বিত হ'ব, কিন্তু শত্রুতা কৰিলে দুয়োখনেই ভুগিব লাগিব। 


বেইজিঙৰ 'গ্রেট হল অব্ দ্য পীপল'ত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত জিনপিঙে কয় যে সমগ্র বিশ্বৰে দৃষ্টি। এতিয়া আমাৰ এই বৈঠকৰ ওপৰত নিবদ্ধ হৈ আছে। যোৱা এটা শতিকাতো নেদেখা এটা ৰূপান্তৰ এতিয়া সমগ্র বিশ্বতে দেখা গৈছে। পৃথিৱীখন এক নতুন সন্ধিক্ষণত প্রৱেশ কৰিছে। তেওঁ লগতে কয় যে বেইজিং আৰু ৱাশিংটনে কৌশলগত শত্রুতা পৰিহাৰ কৰি দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ বাবে ফ্রেমৱৰ্ক প্ৰস্তুত কৰা উচিত। আমি একেলগে গোলকীয় সমস্যাসমূহৰ মুখামুখি হৈ বিশ্বক অধিক সুস্থিৰতা প্রদান কৰিব নোৱাৰোঁনে বুলিও তেওঁ প্রশ্ন কৰে। 


ইফালে, বৈঠকত মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কয় যে চীন-আমেৰিকা সম্পৰ্ক পূৰ্বৰ সময়ছোৱাতকৈ অধিক উন্নত হ'ব। দ্বিপাক্ষিক বৈঠকক ঐতিহাসিক আখ্যা দি ট্রাম্পে কয় যে বৰ্তমান বিশ্বজুৰি সৃষ্টি হোৱা বাণিজ্য, প্রযুক্তি খণ্ড আৰু আঞ্চলিক নিৰাপত্তাৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাৰ মাজতো দেশ দুখনৰ মাজৰ সম্পৰ্ক অধিক উন্নত হ'ব। 


চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ নেতৃত্বক উচ্চ প্রশংসা কৰি ট্রাম্পে দুয়োখন দেশৰ সু-সম্পর্ক দীর্ঘস্থায়ী কৰাত গুৰুত্ব দিয়ে। তেওঁ কয় আমেৰিকা সম্পর্ক বহু পুৰণি আৰু দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ মাজেৰে এই সু-সম্পর্ক বৃদ্ধি হৈ আহিছে। ইফালে, ট্রাম্পৰ লগত যোৱা মার্কিন বাণিজ্যিক নেতৃত্ব সন্দর্ভত কয় যে দেশ দুখনৰ মাজত গভীৰ অর্থনৈতিক সম্পর্ক গঢ়ি তোলাৰ বাবে তেওঁলোকে প্রচেষ্টা অব্যাহত ৰাখিছে। 


ইফালে, বৈঠকৰ মাজতে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পক সাৱধানবাণীও শুনালে চীনা ৰাষ্ট্ৰপতি জিনপিঙে। টাইৱানৰ ক্ষেত্ৰত যদি আমেৰিকাই কোনো নেতিবাচক সিদ্ধান্ত গ্রহণ কৰে তেন্তে চীন-আমেৰিকাৰ মাজত ভয়ংকৰ সংঘৰ্ষৰো সৃষ্টি হ'ব পাৰে। চীনৰ চৰকাৰী সংবাদ মাধ্যমে প্রকাশ কৰা মতেও দুই মুৰব্বীৰ বৈঠকত টাইৱানৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে। 


উল্লেখযোগ্য যে চীন ভ্রমণ কৰি সন্তুষ্টি লাভ কৰা ড'নাল্ড ট্রাম্পে অহা ২৪ ছেপ্টেম্বৰত আমেৰিকা ভ্ৰমণৰ বাবে আমন্ত্রণ জনালে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙক।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু