--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতীয় ৰিজার্ভ বেংকৰ শেহতীয়া তথ্য অনুসৰি ইৰান-আমেৰিকা যুদ্ধ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে ভাৰতৰ বিদেশী মুদ্রাৰ ভঁৰাল প্রায় ৩৮৫০ কোটি ডলাৰ (৩৮
  • ৫ বিলিয়ন মার্কিন ডলাৰ) সংকুচিত হৈছে।

ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যৰ অগ্নিগর্ভা পৰিস্থিতিয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰতীয় অর্থনীতিত নেতিবাচক প্রভাব পেলাইছে। আমেৰিকাই ইৰানত আক্ৰমণ কৰাৰ পাছতে ইৰানে হৰমুজ প্রণালীৰে অত্যাৱশ্যকীয় সামগ্ৰী পৰিবাহী জাহাজ পাৰ হোৱাত বাধা আৰোপ কৰে। যিয়েই কার্যতঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰতীয় অর্থনীতিকো কোঙা কৰি পেলাইছে। ইয়াৰ পৰিণতিত এফালে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে আৰু আনফালে দেশৰ বিদেশী মুদ্রাৰ ভঁৰাল ক্ৰমাৎ হ্রাস হৈ আহিছে। 


ভাৰতীয় ৰিজার্ভ বেংকৰ শেহতীয়া তথ্য অনুসৰি ইৰান-আমেৰিকা যুদ্ধ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে ভাৰতৰ বিদেশী মুদ্রাৰ ভঁৰাল প্রায় ৩৮৫০ কোটি ডলাৰ (৩৮.৫ বিলিয়ন মার্কিন ডলাৰ) সংকুচিত হৈছে। হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত ভাৰতসহ এছিয়াৰ কেইবাখনো দেশলৈ খাৰুৱা তেলৰ যোগান বন্ধ হৈ আছে। যাৰ ফলত ইন্ধনৰ দাম দ্রুতগতিত বৃদ্ধি হৈছে। পৰিণতিত দেশৰ বিদেশী মুদ্রাৰ বজাৰ অস্থিৰ হৈ পৰিছে আৰু ক্ৰমাৎ সংকুচিত হৈছে। 


যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে যোৱা ফেব্ৰুৱাৰীত ভাৰতৰ বৈদেশিক মুদ্রাৰ ভঁৰাল সর্বকালৰ সৰ্বোচ্চ ৭২৮৫০ কোটি ডলাৰ (৭২৮.৫ বিলিয়ন মার্কিন ডলাৰ) হৈছিলগৈ। কিন্তু বর্তমান এই পৰিমাণ ৬৯০০০ কোটি ডলাৰ (৬৯০ বিলিয়ন ডলাৰ) লৈ হ্রাস পালে। অৱশ্যে ৮ মে'ত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্রাৰ ভঁৰাললৈ কিছু আশাৰ ৰেঙনি ঘূৰি আহে। সপ্তাহটোত ভাৰতৰ বৈদেশিক মুদ্রাৰ ভৰাল ৬২৯.৫ কোটি ডলাৰ (৬.২৯৫ বিলিয়ন ডলাৰ) বৃদ্ধিৰে ৬৯০০০ কোটি ডলাৰ (৬৯০.৯৮৮ বিলিয়ন ডলাৰ) হয়গৈ। 


ইফালে, ডলাৰৰ বিপৰীতে টকাৰ মূল্যয়ো নিতৌ অভিলেখ গঢ়িছে। নিতৌ নিম্নগামী হৈছে টকাৰ মূল্য। প্রথমবাৰৰ বাবে ডলাৰৰ বিপৰীতে অলপতে টকাৰ মূল্য ৯৬.১৪ টকা হ'লগৈ। যুদ্ধ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে টকাৰ মূল্য ৫ শতাংশ হ্রাস পালে। 


উল্লেখযোগ্য যে খাৰুৱা তেল ক্রয় কৰা ইলেকট্রনিক সামগ্রী, মেচিন আমদানি আৰু বিদেশত ধন বিনিয়োগত মার্কিন ডলাৰৰ প্রয়োজন হয়। ডলাৰৰ মূল্য যিমানেই বাঢ়ে, টকাৰ মূল্যও হ্রাস পায়। এনে সময়তে ৰিজার্ভ বেংক অব্ ইণ্ডিয়াই টকাৰ মূল্যৰ অধিক পতন ৰোধৰ বাবে বিদেশী মুদ্রাৰ ভঁৰালৰ পৰা ডলাৰ বিক্ৰী কৰিব লগা হয়। এনেবোৰ কাৰণতে ভাৰতৰ বিদেশী মুদ্রাৰ ভৰাল লক্ষণীয়ভাৱে হ্রাস পাইছে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু