--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতীয় ৰিজার্ভ বেংকৰ শেহতীয়া তথ্য অনুসৰি ইৰান-আমেৰিকা যুদ্ধ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে ভাৰতৰ বিদেশী মুদ্রাৰ ভঁৰাল প্রায় ৩৮৫০ কোটি ডলাৰ (৩৮
  • ৫ বিলিয়ন মার্কিন ডলাৰ) সংকুচিত হৈছে।

ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যৰ অগ্নিগর্ভা পৰিস্থিতিয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰতীয় অর্থনীতিত নেতিবাচক প্রভাব পেলাইছে। আমেৰিকাই ইৰানত আক্ৰমণ কৰাৰ পাছতে ইৰানে হৰমুজ প্রণালীৰে অত্যাৱশ্যকীয় সামগ্ৰী পৰিবাহী জাহাজ পাৰ হোৱাত বাধা আৰোপ কৰে। যিয়েই কার্যতঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰতীয় অর্থনীতিকো কোঙা কৰি পেলাইছে। ইয়াৰ পৰিণতিত এফালে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে আৰু আনফালে দেশৰ বিদেশী মুদ্রাৰ ভঁৰাল ক্ৰমাৎ হ্রাস হৈ আহিছে। 


ভাৰতীয় ৰিজার্ভ বেংকৰ শেহতীয়া তথ্য অনুসৰি ইৰান-আমেৰিকা যুদ্ধ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে ভাৰতৰ বিদেশী মুদ্রাৰ ভঁৰাল প্রায় ৩৮৫০ কোটি ডলাৰ (৩৮.৫ বিলিয়ন মার্কিন ডলাৰ) সংকুচিত হৈছে। হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত ভাৰতসহ এছিয়াৰ কেইবাখনো দেশলৈ খাৰুৱা তেলৰ যোগান বন্ধ হৈ আছে। যাৰ ফলত ইন্ধনৰ দাম দ্রুতগতিত বৃদ্ধি হৈছে। পৰিণতিত দেশৰ বিদেশী মুদ্রাৰ বজাৰ অস্থিৰ হৈ পৰিছে আৰু ক্ৰমাৎ সংকুচিত হৈছে। 


যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে যোৱা ফেব্ৰুৱাৰীত ভাৰতৰ বৈদেশিক মুদ্রাৰ ভঁৰাল সর্বকালৰ সৰ্বোচ্চ ৭২৮৫০ কোটি ডলাৰ (৭২৮.৫ বিলিয়ন মার্কিন ডলাৰ) হৈছিলগৈ। কিন্তু বর্তমান এই পৰিমাণ ৬৯০০০ কোটি ডলাৰ (৬৯০ বিলিয়ন ডলাৰ) লৈ হ্রাস পালে। অৱশ্যে ৮ মে'ত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্রাৰ ভঁৰাললৈ কিছু আশাৰ ৰেঙনি ঘূৰি আহে। সপ্তাহটোত ভাৰতৰ বৈদেশিক মুদ্রাৰ ভৰাল ৬২৯.৫ কোটি ডলাৰ (৬.২৯৫ বিলিয়ন ডলাৰ) বৃদ্ধিৰে ৬৯০০০ কোটি ডলাৰ (৬৯০.৯৮৮ বিলিয়ন ডলাৰ) হয়গৈ। 


ইফালে, ডলাৰৰ বিপৰীতে টকাৰ মূল্যয়ো নিতৌ অভিলেখ গঢ়িছে। নিতৌ নিম্নগামী হৈছে টকাৰ মূল্য। প্রথমবাৰৰ বাবে ডলাৰৰ বিপৰীতে অলপতে টকাৰ মূল্য ৯৬.১৪ টকা হ'লগৈ। যুদ্ধ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে টকাৰ মূল্য ৫ শতাংশ হ্রাস পালে। 


উল্লেখযোগ্য যে খাৰুৱা তেল ক্রয় কৰা ইলেকট্রনিক সামগ্রী, মেচিন আমদানি আৰু বিদেশত ধন বিনিয়োগত মার্কিন ডলাৰৰ প্রয়োজন হয়। ডলাৰৰ মূল্য যিমানেই বাঢ়ে, টকাৰ মূল্যও হ্রাস পায়। এনে সময়তে ৰিজার্ভ বেংক অব্ ইণ্ডিয়াই টকাৰ মূল্যৰ অধিক পতন ৰোধৰ বাবে বিদেশী মুদ্রাৰ ভঁৰালৰ পৰা ডলাৰ বিক্ৰী কৰিব লগা হয়। এনেবোৰ কাৰণতে ভাৰতৰ বিদেশী মুদ্রাৰ ভৰাল লক্ষণীয়ভাৱে হ্রাস পাইছে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ