--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ছলমান খানে ৫৭ সংখ্যক জন্মদিন উদযাপন কৰিছিল য’ত বি-টাউনৰ বহু ডাঙৰ ব্যক্তি উপস্থিত আছিল। কিন্তু সকলোৰে মনত এটাই কৌতুহল যে ছলমান খানে নিজৰ নতুন বন্ধু তথা বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটক নিজৰ পাৰ্টিলৈ নিমন্ত্ৰণ কৰিবলৈ পাহৰিলে নেকি? 

শেহতীয়াকৈ ছুপাৰষ্টাৰ ছলমান খানে ৫৭ সংখ্যক জন্মদিন অতি আড়ম্বৰেৰে উদযাপন কৰে। জন্মদিনৰ অনুষ্ঠানত সংগীতা বিজলানিৰ পৰা শ্বাহৰুখ খানলৈকে পাৰ্টিৰ শোভা বঢ়াইছিল। কিন্তু ছলমানৰ পাৰ্টিত এগৰাকী অভিনেত্ৰী নিৰুদ্দেশ হৈছিল আৰু তেওঁ আছিল কংগনা ৰানাৱত। ছলমান খানক বন্ধু বুলি কোৱা কংগনা ৰানাৱত। বাৰু, এতিয়া ছচিয়েল মিডিয়াত এটা উৰাবাতৰি বিয়পি পৰিছে যে এইবাৰ ভাইজান কংগনাক নিজৰ পাৰ্টিলৈ নিমন্ত্ৰণ কৰা নাছিল। শেষবাৰৰ বাবে যেতিয়া কংগনাই ছলমান খানৰ ঈদ পাৰ্টিত উপস্থিত হৈছিল, তেতিয়া তেওঁ টুইট কৰি দাবী কৰিছিল যে এতিয়া তেওঁ নিজকে এই উদ্যোগত অকলশৰীয়া বুলি নকয়। 

একে সময়তে ছলমান খানৰ ঈদ পাৰ্টিৰ কথা কওঁতে কংগনা ৰানাৱটে এটা সাক্ষাৎকাৰত কয়- ‘বলীউডৰ পাৰ্টিলৈ নাযাওঁ এনে নহয়। য'ত যাব লাগে তাতেই যাওঁ। ছলমান মোৰ বহুত ভাল বন্ধু। পাৰ্টিলৈ মাতিলে মই গুচি গ'লোঁ। কিন্তু এইবাৰ যেন ছলমান খানে কংগনাক ফোন কৰিবলৈ পাহৰিলে। অৱশ্যে কংগনা নিজৰ আগন্তুক ছবি ‘ইমাৰ্জেন্সি’ৰ শ্বুটিঙত ব্যস্ত হোৱাৰ বাবেও এয়া সম্ভৱ নহ'ব পাৰে। সত্য কি সেয়া কেৱল ছলমান আৰু কংগনাইহে জানে। কংগনাৰ উপৰিও শ্বেহনাজ গিলেও ছলমানৰ ব্যস্ততাৰ বাবে পাৰ্টিত উপস্থিত থাকিব নোৱাৰিলে।

উল্লেখযোগ্য যে কংগনা ৰানাৱটে হিট হ'বলৈ বৰ্তমান বহুত কষ্ট কৰিছে। যিহেতু তেওঁৰ শেষৰ কেইখনমান ছবিয়ে বক্স অফিচত ভাল ফলাফল দেখুৱাব পৰা নাছিল। এতিয়া কংগনাৰ ‘ইমাৰ্জেন্সি’ৰ পৰা বহু আশা আছে য’ত তেওঁক প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত দেখা যাব। কংগনাই নিজেও এই ছবিখন পৰিচালনা কৰিছে। ২০২৩ চনৰ ২৫ জুনত ছবিগৃহত মুক্তি পাব ‘ইমাৰ্জেন্সি’। এই ছবিখনৰ বাহিৰেও কংগনাৰ সম্প্ৰতি ‘তেজস’ আৰু ‘সীতা’ নামৰ ডাঙৰ ডাঙৰ ছবিৰ কাম চলি আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক