--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ছলমান খানে ৫৭ সংখ্যক জন্মদিন উদযাপন কৰিছিল য’ত বি-টাউনৰ বহু ডাঙৰ ব্যক্তি উপস্থিত আছিল। কিন্তু সকলোৰে মনত এটাই কৌতুহল যে ছলমান খানে নিজৰ নতুন বন্ধু তথা বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটক নিজৰ পাৰ্টিলৈ নিমন্ত্ৰণ কৰিবলৈ পাহৰিলে নেকি? 

শেহতীয়াকৈ ছুপাৰষ্টাৰ ছলমান খানে ৫৭ সংখ্যক জন্মদিন অতি আড়ম্বৰেৰে উদযাপন কৰে। জন্মদিনৰ অনুষ্ঠানত সংগীতা বিজলানিৰ পৰা শ্বাহৰুখ খানলৈকে পাৰ্টিৰ শোভা বঢ়াইছিল। কিন্তু ছলমানৰ পাৰ্টিত এগৰাকী অভিনেত্ৰী নিৰুদ্দেশ হৈছিল আৰু তেওঁ আছিল কংগনা ৰানাৱত। ছলমান খানক বন্ধু বুলি কোৱা কংগনা ৰানাৱত। বাৰু, এতিয়া ছচিয়েল মিডিয়াত এটা উৰাবাতৰি বিয়পি পৰিছে যে এইবাৰ ভাইজান কংগনাক নিজৰ পাৰ্টিলৈ নিমন্ত্ৰণ কৰা নাছিল। শেষবাৰৰ বাবে যেতিয়া কংগনাই ছলমান খানৰ ঈদ পাৰ্টিত উপস্থিত হৈছিল, তেতিয়া তেওঁ টুইট কৰি দাবী কৰিছিল যে এতিয়া তেওঁ নিজকে এই উদ্যোগত অকলশৰীয়া বুলি নকয়। 

একে সময়তে ছলমান খানৰ ঈদ পাৰ্টিৰ কথা কওঁতে কংগনা ৰানাৱটে এটা সাক্ষাৎকাৰত কয়- ‘বলীউডৰ পাৰ্টিলৈ নাযাওঁ এনে নহয়। য'ত যাব লাগে তাতেই যাওঁ। ছলমান মোৰ বহুত ভাল বন্ধু। পাৰ্টিলৈ মাতিলে মই গুচি গ'লোঁ। কিন্তু এইবাৰ যেন ছলমান খানে কংগনাক ফোন কৰিবলৈ পাহৰিলে। অৱশ্যে কংগনা নিজৰ আগন্তুক ছবি ‘ইমাৰ্জেন্সি’ৰ শ্বুটিঙত ব্যস্ত হোৱাৰ বাবেও এয়া সম্ভৱ নহ'ব পাৰে। সত্য কি সেয়া কেৱল ছলমান আৰু কংগনাইহে জানে। কংগনাৰ উপৰিও শ্বেহনাজ গিলেও ছলমানৰ ব্যস্ততাৰ বাবে পাৰ্টিত উপস্থিত থাকিব নোৱাৰিলে।

উল্লেখযোগ্য যে কংগনা ৰানাৱটে হিট হ'বলৈ বৰ্তমান বহুত কষ্ট কৰিছে। যিহেতু তেওঁৰ শেষৰ কেইখনমান ছবিয়ে বক্স অফিচত ভাল ফলাফল দেখুৱাব পৰা নাছিল। এতিয়া কংগনাৰ ‘ইমাৰ্জেন্সি’ৰ পৰা বহু আশা আছে য’ত তেওঁক প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত দেখা যাব। কংগনাই নিজেও এই ছবিখন পৰিচালনা কৰিছে। ২০২৩ চনৰ ২৫ জুনত ছবিগৃহত মুক্তি পাব ‘ইমাৰ্জেন্সি’। এই ছবিখনৰ বাহিৰেও কংগনাৰ সম্প্ৰতি ‘তেজস’ আৰু ‘সীতা’ নামৰ ডাঙৰ ডাঙৰ ছবিৰ কাম চলি আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু