--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেৱল কেমেৰাৰ সন্মুখতে নহয় বাস্তৱ জীৱনতো সুনীল শ্বেট্টী নায়কতকৈ কম নহয়। বছৰ বছৰ আগতে সুনীল শ্বেট্টীয়ে ১২৮ গৰাকী যৌনকৰ্মীক ঘৰলৈ নিবলৈ সহায় কৰিছিল যদিও বছৰ বছৰ ধৰি বিশ্বই এই বিষয়ে অৱগত নাছিল।

হয়, সুনীল শ্বেট্টী ডাঙৰ পৰ্দাত নায়ক যদিও বাস্তৱ জীৱনতো তেওঁৰ কাৰ্যকলাপ ছুপাৰহিৰোতকৈ কম নহয়। বছৰ বছৰ আগতে সুনীল শ্বেট্টীয়ে কৰি গ'ল এক মহান কাম। এগৰাকী বা দুগৰাকী নহয় ১২৮ গৰাকী মহিলাক বেশ্যাবৃত্তিৰ পৰা ৰক্ষা কৰি ঘৰলৈ লৈ যোৱাত সহায় কৰিছিল তাৰকা গৰাকীয়ে । আচৰিত কথাটো হ’ল অভিনেতাজনে ইমান মহৎ কাম কৰিও বছৰ বছৰ ধৰি কাকো এই বিষয়ে জানিবলৈ নিদিলে।

আচলতে ঘটনা ১৯৯৬ চনৰে । কামঠিপুৰাৰ প্ৰায় ৪৫০ গৰাকী যৌনকৰ্মীক বেশ্যাবৃত্তিৰ পৰা উচ্ছেদ কৰা হৈছিল। এই সকলৰ ভিতৰত ১২৮ গৰাকী মহিলাৰ নেপালৰ আছিল যদিও নেপাল চৰকাৰে সেই মহিলাসকলক ভৰণ পোষণৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিছিল। খবৰ অনুসৰি তেতিয়াৰ বলীউডৰ অভিনেতা সুনীল শ্বেট্টী তেওঁলোকক সহায়ৰ হাত আগবঢ়ায় দিছিল আৰু তেওঁ সেই ১২৮ গৰাকী ছোৱালীক নিজৰ ধনেৰে বিমানৰ টিকট লৈ নেপাললৈ লৈ যোৱাই নহয়, এই কথাও যত্ন লৈছিল।যে সকলোৱে তেওঁলোকৰ ঘৰত উপস্থিত হ’ব লাগে।

খবৰ অনুসৰি সুনীল শ্বেট্টীয়ে কাৰো লগত এই বিষয়ে কথা পাতিব বিচৰা নাছিল কাৰণ তেওঁ অনুভৱ কৰিছিল যে যদি এই কথাটো চৰ্চালৈ আহে তেন্তে সেই  মহিলাসকল বা যুৱতীসকলৰ বাবে অসুবিধা হ’ব।

সুনীল শ্বেট্টীয়ে এটা সাক্ষাৎকাৰত এই ভাল আৰু সমাজ সংস্কাৰমূলক কামৰ সম্পূৰ্ণ কৃতিত্ব ল’বলৈ অস্বীকাৰ কৰিছিল। অভিনেতাজনে কয় যে তেওঁৰ বাহিৰেও বহু লোকৰ কঠোৰ পৰিশ্ৰম আছিল। বলীউড হাংগামাক দিয়া এক সাক্ষাৎকাৰত এই ঘটনাৰ কথা উল্লেখ কৰি অভিনেতাগৰাকীয়ে কৈছিল যে এই ঘটনাৰ ওপৰত এখন সম্পূৰ্ণ ছবি নিৰ্মাণ কৰিব পৰা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক