--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'তাৰক মেহতা কা উলতা চশমা' ছিৰিয়েলৰ জেঠালাল চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰা অভিনেতা দিলীপ যোশীয়ে আজি ৫৫ সংখ্যক জন্মদিন পালন কৰিছে। দিলীপ যোশীয়ে ছলমান খানৰ সৈতে তেওঁৰ প্ৰথমখন ছবিত কাম কৰিছিল যদিও তেওঁ মাচুল হিচাপে মাত্ৰ ৫০ টকাহে পাইছিল। 

১৯৮৯ চনত ছলমান খান আৰু ভাগ্যশ্ৰীৰ ‘মেইনে প্যাৰ কিয়া’ ছবিৰে বলীউডত অভিষেক ঘটোৱা দিলীপ যোশীয়ে ছবিখনত ৰামুৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁক ৫০ টকা মাচুল দিয়া হৈছিল।

আজি তেওঁ কোটি কোটি মূল্যৰ সম্পত্তিৰ মালিক। কেৰিয়াৰত বহু সংগ্ৰাম কৰা অভিনেতাগৰাকীয়ে আজি এনে এটা পৰ্যায় পাইছেগৈ যে এটা খণ্ডৰ শ্বুটিঙৰ বাবে প্ৰায় ডেৰ লাখ টকা লয়। তেওঁ হৈছে 'তাৰক মেহতা কা উলতা চশমা'ৰ সৰ্বাধিক দৰমহা পোৱা অভিনেতা।

দিলীপ যোশীৰ কেৰিয়াৰ লাহে লাহে আগবাঢ়িছিল। মেইন প্যাৰ কিয়াৰ পিছত হামৰাজ, দিল ভি হে হিন্দুস্তানী, খিলাড়ী ৪২০ আদি ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীয়ে টিভিতো কাম কৰিছিল যদিও বিশেষ একো নহ’ল। তাৰপাছত ২০০৬ বৰ্ষৰ পাছত বহুদিন অভিনেতাজনে কোনো কাম কৰা নাছিল।

দিলীপ যোশীয়ে তেওঁৰ বহু সাক্ষাৎকাৰত কৈছে যে ২০০৮ চনত যেতিয়া তেওঁ 'তাৰক মেহতা কা উলতা চশমা'ৰ অফাৰ পাইছিল, তেতিয়া তেওঁ জেঠালাল আৰু বাপুজীৰ চৰিত্ৰৰ মাজৰ পৰা এটা বাছনি কৰাৰ সুযোগ পাইছিল। তেওঁ জেঠালালক বাছি লৈছিল আৰু আজি তেওঁ টিভি উদ্যোগৰ সেই তাৰকা। যাৰ সফলতাৰ চৰ্চা সকলোতে হয়। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে