--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'তাৰক মেহতা কা উলতা চশমা' ছিৰিয়েলৰ জেঠালাল চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰা অভিনেতা দিলীপ যোশীয়ে আজি ৫৫ সংখ্যক জন্মদিন পালন কৰিছে। দিলীপ যোশীয়ে ছলমান খানৰ সৈতে তেওঁৰ প্ৰথমখন ছবিত কাম কৰিছিল যদিও তেওঁ মাচুল হিচাপে মাত্ৰ ৫০ টকাহে পাইছিল। 

১৯৮৯ চনত ছলমান খান আৰু ভাগ্যশ্ৰীৰ ‘মেইনে প্যাৰ কিয়া’ ছবিৰে বলীউডত অভিষেক ঘটোৱা দিলীপ যোশীয়ে ছবিখনত ৰামুৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁক ৫০ টকা মাচুল দিয়া হৈছিল।

আজি তেওঁ কোটি কোটি মূল্যৰ সম্পত্তিৰ মালিক। কেৰিয়াৰত বহু সংগ্ৰাম কৰা অভিনেতাগৰাকীয়ে আজি এনে এটা পৰ্যায় পাইছেগৈ যে এটা খণ্ডৰ শ্বুটিঙৰ বাবে প্ৰায় ডেৰ লাখ টকা লয়। তেওঁ হৈছে 'তাৰক মেহতা কা উলতা চশমা'ৰ সৰ্বাধিক দৰমহা পোৱা অভিনেতা।

দিলীপ যোশীৰ কেৰিয়াৰ লাহে লাহে আগবাঢ়িছিল। মেইন প্যাৰ কিয়াৰ পিছত হামৰাজ, দিল ভি হে হিন্দুস্তানী, খিলাড়ী ৪২০ আদি ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীয়ে টিভিতো কাম কৰিছিল যদিও বিশেষ একো নহ’ল। তাৰপাছত ২০০৬ বৰ্ষৰ পাছত বহুদিন অভিনেতাজনে কোনো কাম কৰা নাছিল।

দিলীপ যোশীয়ে তেওঁৰ বহু সাক্ষাৎকাৰত কৈছে যে ২০০৮ চনত যেতিয়া তেওঁ 'তাৰক মেহতা কা উলতা চশমা'ৰ অফাৰ পাইছিল, তেতিয়া তেওঁ জেঠালাল আৰু বাপুজীৰ চৰিত্ৰৰ মাজৰ পৰা এটা বাছনি কৰাৰ সুযোগ পাইছিল। তেওঁ জেঠালালক বাছি লৈছিল আৰু আজি তেওঁ টিভি উদ্যোগৰ সেই তাৰকা। যাৰ সফলতাৰ চৰ্চা সকলোতে হয়। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?