--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশিষ্ট অভিনেতা আশিস বিদ্যাৰ্থীয়ে বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। কলকাতাত এক অন্তৰংগ অনুষ্ঠানত অসমৰ ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৬০ বছৰীয়া আশিস বিদ্যাৰ্থী। আশিসৰ প্ৰথম পত্নীৰ নাম ৰাজোশী বৰুৱা। তেওঁ কলকাতাৰ জীয়ৰী। বিবাহৰ পাছত ৰাজোশী বৰুৱা ৰাজোশী বিদ্যাৰ্থী হয়। তেওঁলোকৰ এটা ২৩ বছৰীয়া পুত্ৰ সন্তান আছে। অভিনেতাগৰাকীৰ দ্বিতীয় বিবাহৰ দিনাই তেওঁৰ প্ৰথম পত্নীয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত দুটা ৰহস্যময় পোষ্ট কৰে।

ইনষ্টাগ্ৰামত পিলু বিদ্যাৰ্থী নামেৰে আছে ৰাজোশী। প্ৰথম পোষ্টটোত তেওঁ লিখিছে “অতিৰিক্ত চিন্তা আৰু সন্দেহ এতিয়াই আপোনাৰ মনটোৰ পৰা ওলাই যাওক। বিভ্ৰান্তিৰ ঠাই স্পষ্টতাই লওক। শান্তি আৰু সৌম্যই আপোনাৰ জীৱন ভৰাই তোলক। আপুনি যথেষ্ট দিন ধৰি শক্তিশালী হৈ আছে, এই সময় আপুনি আশীৰ্বাদ পোৱাৰ৷ আপুনি ইয়াৰ যোগ্য।”

তেওঁ দ্বিতীয়টো পোষ্টত লিখিছে “আপোনাৰ বাবে সঠিকজনে আপুনি তেওঁক কি বুজাব বিচাৰিছে তাকে লৈ কেতিয়াও প্ৰশ্ন নকৰে। তেওঁ সেইটো কাম কেতিয়াও নকৰে যিটো কামে আপোনাক আঘাত দিব বুলি জানে। সেইটো মনত ৰাখিবা।”

পোষ্টটো কিহৰ বাবে আছিল সেয়া বুজাই নিদিলেও ৰাজোশী বিদ্যাৰ্থীৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীছৰ এই স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিল। বহুতে অনুমান কৰিলে যে পোষ্টবোৰৰ বিষয়বস্তু আৰু সময়লৈ চাই সেয়া আশিস বিদ্যাৰ্থীৰ দ্বিতীয় বিবাহ সম্পৰ্কীয় পোষ্ট আছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে