--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশিষ্ট অভিনেতা আশিস বিদ্যাৰ্থীয়ে বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। কলকাতাত এক অন্তৰংগ অনুষ্ঠানত অসমৰ ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৬০ বছৰীয়া আশিস বিদ্যাৰ্থী। আশিসৰ প্ৰথম পত্নীৰ নাম ৰাজোশী বৰুৱা। তেওঁ কলকাতাৰ জীয়ৰী। বিবাহৰ পাছত ৰাজোশী বৰুৱা ৰাজোশী বিদ্যাৰ্থী হয়। তেওঁলোকৰ এটা ২৩ বছৰীয়া পুত্ৰ সন্তান আছে। অভিনেতাগৰাকীৰ দ্বিতীয় বিবাহৰ দিনাই তেওঁৰ প্ৰথম পত্নীয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত দুটা ৰহস্যময় পোষ্ট কৰে।

ইনষ্টাগ্ৰামত পিলু বিদ্যাৰ্থী নামেৰে আছে ৰাজোশী। প্ৰথম পোষ্টটোত তেওঁ লিখিছে “অতিৰিক্ত চিন্তা আৰু সন্দেহ এতিয়াই আপোনাৰ মনটোৰ পৰা ওলাই যাওক। বিভ্ৰান্তিৰ ঠাই স্পষ্টতাই লওক। শান্তি আৰু সৌম্যই আপোনাৰ জীৱন ভৰাই তোলক। আপুনি যথেষ্ট দিন ধৰি শক্তিশালী হৈ আছে, এই সময় আপুনি আশীৰ্বাদ পোৱাৰ৷ আপুনি ইয়াৰ যোগ্য।”

তেওঁ দ্বিতীয়টো পোষ্টত লিখিছে “আপোনাৰ বাবে সঠিকজনে আপুনি তেওঁক কি বুজাব বিচাৰিছে তাকে লৈ কেতিয়াও প্ৰশ্ন নকৰে। তেওঁ সেইটো কাম কেতিয়াও নকৰে যিটো কামে আপোনাক আঘাত দিব বুলি জানে। সেইটো মনত ৰাখিবা।”

পোষ্টটো কিহৰ বাবে আছিল সেয়া বুজাই নিদিলেও ৰাজোশী বিদ্যাৰ্থীৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীছৰ এই স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিল। বহুতে অনুমান কৰিলে যে পোষ্টবোৰৰ বিষয়বস্তু আৰু সময়লৈ চাই সেয়া আশিস বিদ্যাৰ্থীৰ দ্বিতীয় বিবাহ সম্পৰ্কীয় পোষ্ট আছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?