--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা প্ৰায় ৫ বজাত অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত চাৰিটা গুলীচালনা কৰে দুই অচিনাক্ত  এই ঘটনাত কঁপিছে মুম্বাই আৰক্ষী। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শ্বিণ্ডেৰ নিৰ্দেশ দিছে যাৱতীয় পদক্ষেপ। অৱশ্যে এই ঘটনাৰ আঁৰত কোন আছে সেই কথা জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

ইয়াৰ মাজতে ভাবুকি আহিল। সমগ্ৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিলে বিষ্ণোই গেঙে। কেৱল এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰাই নহয়, ছ’চিয়েল মিডিয়াত পোষ্ট কৰি অভিনেতাজনক ভাবুকি প্ৰদান কৰে।

যোৱা বছৰৰ পৰা অহৰহ মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে ছলমান খানক। লৰেন্স বিষ্ণয় এই গেঙৰ মুৰব্বী। ইয়াৰ পূৰ্বে তেওঁ ছলমানক হত্যা কৰাৰ ভাবুকি দিছিল। বৰ্তমান কাৰাগাৰত আছে গেংষ্টাৰ লৰেন্স বিষ্ণোই। এইবাৰ ছ’চিয়েল মিডিয়া পেজত ভাবুকি আনমোল বিষ্ণোইয়ে ভাবুকি প্ৰকাশ কৰে। 

তেওঁ লিখিছে, "আমাৰ ওপৰত হোৱা অত্যাচাৰৰ সমাধান আমি বিচাৰো। যদি আপুনি যুঁজখনত জপিয়াই পৰিব বিচাৰে তেন্তে পৰক। আজি যি হ’ল সেয়া আছিল ছলমান খানৰ আভাস মাথোঁ৷ যাতে আপুনি বুজি পায় আমি কিমান দূৰ যাব পাৰো। এইটো আছিল তোমাৰ শেষ সুযোগ। ইয়াৰ পিছত গুলীবোৰ আপোনাৰ ঘৰৰ বাহিৰলৈ নাযায়... দাউদ আৰু ছোটা শকীল নামৰ দুটা কুকুৰ যাক আপুনি ভগৱান বুলি গণ্য কৰে, মই ঘৰত দুটা কুকুৰ ৰাখিছো। মই বেছি কথা কোৱা মানুহ নহয়। জয় শ্ৰীৰাম।''

১৯৯৮ চনত ব্লেকবাক চোৰাং চিকাৰৰ গোচৰত ছলমানৰ নাম জড়িত হৈ পৰিছিল। ‘প্ৰতিশোধ ল’বলৈ’ ছলমানক হত্যা কৰাৰ ভাবুকি দিছিল লৰেন্স বিষ্ণোই গোটে। যোৱা বছৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই প্ৰকাশ কৰা মতে, কাৰাবন্দী গেংষ্টাৰ বিষ্ণোইয়ে ‘কাট লিষ্ট’ত স্থান দিয়া ১০জন লোকৰ ভিতৰত ছলমানৰ নাম প্ৰথম। তেতিয়াৰ পৰাই এই গেংষ্টাৰে বিভিন্ন ধৰণে ছলমানক ভয় খুৱাবলৈ চেষ্টা কৰিছে। এইবাৰ অভিনেতাজনৰ ঘৰত প্ৰায় আক্ৰমণ চলালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু