--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা প্ৰায় ৫ বজাত অভিনেতা ছলমান খানৰ ঘৰৰ বাহিৰত চাৰিটা গুলীচালনা কৰে দুই অচিনাক্ত  এই ঘটনাত কঁপিছে মুম্বাই আৰক্ষী। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শ্বিণ্ডেৰ নিৰ্দেশ দিছে যাৱতীয় পদক্ষেপ। অৱশ্যে এই ঘটনাৰ আঁৰত কোন আছে সেই কথা জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

ইয়াৰ মাজতে ভাবুকি আহিল। সমগ্ৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিলে বিষ্ণোই গেঙে। কেৱল এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰাই নহয়, ছ’চিয়েল মিডিয়াত পোষ্ট কৰি অভিনেতাজনক ভাবুকি প্ৰদান কৰে।

যোৱা বছৰৰ পৰা অহৰহ মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে ছলমান খানক। লৰেন্স বিষ্ণয় এই গেঙৰ মুৰব্বী। ইয়াৰ পূৰ্বে তেওঁ ছলমানক হত্যা কৰাৰ ভাবুকি দিছিল। বৰ্তমান কাৰাগাৰত আছে গেংষ্টাৰ লৰেন্স বিষ্ণোই। এইবাৰ ছ’চিয়েল মিডিয়া পেজত ভাবুকি আনমোল বিষ্ণোইয়ে ভাবুকি প্ৰকাশ কৰে। 

তেওঁ লিখিছে, "আমাৰ ওপৰত হোৱা অত্যাচাৰৰ সমাধান আমি বিচাৰো। যদি আপুনি যুঁজখনত জপিয়াই পৰিব বিচাৰে তেন্তে পৰক। আজি যি হ’ল সেয়া আছিল ছলমান খানৰ আভাস মাথোঁ৷ যাতে আপুনি বুজি পায় আমি কিমান দূৰ যাব পাৰো। এইটো আছিল তোমাৰ শেষ সুযোগ। ইয়াৰ পিছত গুলীবোৰ আপোনাৰ ঘৰৰ বাহিৰলৈ নাযায়... দাউদ আৰু ছোটা শকীল নামৰ দুটা কুকুৰ যাক আপুনি ভগৱান বুলি গণ্য কৰে, মই ঘৰত দুটা কুকুৰ ৰাখিছো। মই বেছি কথা কোৱা মানুহ নহয়। জয় শ্ৰীৰাম।''

১৯৯৮ চনত ব্লেকবাক চোৰাং চিকাৰৰ গোচৰত ছলমানৰ নাম জড়িত হৈ পৰিছিল। ‘প্ৰতিশোধ ল’বলৈ’ ছলমানক হত্যা কৰাৰ ভাবুকি দিছিল লৰেন্স বিষ্ণোই গোটে। যোৱা বছৰ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই প্ৰকাশ কৰা মতে, কাৰাবন্দী গেংষ্টাৰ বিষ্ণোইয়ে ‘কাট লিষ্ট’ত স্থান দিয়া ১০জন লোকৰ ভিতৰত ছলমানৰ নাম প্ৰথম। তেতিয়াৰ পৰাই এই গেংষ্টাৰে বিভিন্ন ধৰণে ছলমানক ভয় খুৱাবলৈ চেষ্টা কৰিছে। এইবাৰ অভিনেতাজনৰ ঘৰত প্ৰায় আক্ৰমণ চলালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ