--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই মুহূৰ্তত বহু লোকে মুম্বাই বান্দ্ৰা অঞ্চলৰ ‘গেলাক্সি এপাৰ্টমেণ্ট’ৰ ওপৰত চকু ৰাখিছে। তাতেই থাকে অভিনেতা ছলমান খান। দেওবাৰে পুৱা প্ৰায় ৫ বজাত অভিনেতা গৰাকীৰ ঘৰৰ সন্মুখত চাৰিটা ৰাউণ্ড গুলীৰ শব্দ হয়। এজনে অভিনেতাৰ খিৰিকীৰ কাষৰ বেৰত খুন্দা মাৰে। তেতিয়াৰ পৰাই মুম্বাই পুলিচৰ তৎপৰতা। মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিধায়কলৈকে ছলমানৰ ঘৰ পৰিদৰ্শন কৰা হয়। 

সমগ্ৰ ঘটনাৰ দায়িত্ব মানি লৈছে বিষ্ণুই চক্ৰই। কেৱল এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰাই নহয়, ছ’চিয়েল মিডিয়াত পোষ্ট কৰি অভিনেতাজনক ভাবুকি প্ৰদান কৰে। এইবাৰ চিচিটিভিৰ ফুটেজত ফাদিল হৈছে অভিযুক্তৰ পৰিচয়। পিন্ধিছে ক’লা জেকেট, মূৰত টুপী, চাপদাৰী। নাম বিশাল ওৰফে কালু। 

বিশাল গুৰুগ্ৰামৰ বাসিন্দা। জেল খাটাৰ অভিযুক্ত। ২০২০ চনত প্ৰথমবাৰৰ বাবে আৰক্ষীৰ হাতত ধৰা পৰে তেওঁক। মটৰ চাইকেল চুৰিৰ অভিযোগত তিহাৰত কাৰাগাৰত বন্দী হৈছিল বিশাল। তেওঁ বিষ্ণুই গেঙৰ সদস্য। ইয়াৰ উপৰিও গোধৰা গেঙৰ সৈতেও কাম কৰি আছে ৰোহিতে। যোৱা বছৰ গুৰুগ্ৰামত দুজন বুকি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এইবাৰ এই ব্যক্তিজনে ছলমানৰ ঘৰত গুলীচালনা কৰি ৰাতিটোৰ ভিতৰতে লাইমলাইটত আহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ