--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ ফুটবলাৰসকলৰ ভিতৰত অন্যতম নেইমাৰ। নেইমাৰ এইবাৰ প্ৰেমত পৰিছে!  বিভিন্ন সময়ত বিভিন্ন যুৱতীৰ  পৰা লাভ কৰা প্ৰেমৰ প্ৰস্তাৱৰ প্ৰতি মুঠেও গুৰুত্ব দিয়া নাছিল নেইমাৰে।   ব্ৰুনা মাৰ্কেজিন, লাৰিছা মাচেডো মাচাডো, থাইলেণ্ড আয়লা, কেৰোলিনা ডানলাছ, বাৰবাৰা ইভান্স, লাৰিছা অলিভিয়েৰা... কিমানে যে প্ৰেম নিবেদন কৰা নাছিল নেইমাৰক। কিন্তু কাৰো প্ৰতিয়েই যেন গুৰুত্ব দিয়া নাছিল নেইমাৰে।   ছোৱালী বুলিলেই এক প্ৰকাৰৰ এলাৰ্জী থকা নেইমাৰে এইবাৰ এক নতুন শিহৰণ বিচাৰি পাইছে। 

জেছিকা তুৰিনি নামৰ এগৰাকী ধুনীয়া যুৱতীয়ে  নেইমাৰৰ হৃদয়ৰ  দুৱাৰত টোকৰ মাৰিছে! ব্ৰাজিলৰ সংবাদ মাধ্যমৰ মতে নেইমাৰ হয়তো এইবাৰ  প্ৰেমত পৰিছে। তেওঁৰ নতুন প্ৰেমিকা জেচিকা তুৰিনি এগৰাকী মডেল আৰু ডিজিটেল জগতত সুপৰিচিত যুৱতী।  ২০১৪ চনত তেওঁ সৌন্দৰ্য প্ৰতিযোগিতা মিছ এস্পিৰিটো চেণ্টোত বিজয়ীৰ মুকুট পিন্ধিছিল। 

কাটাৰ বিশ্বকাপৰ সময়ত জেছিকা তুৰিনিয়ে ফুটবল জগতৰ দৃষ্টি আকৰ্ষণ কৰিছিল। গেলেৰীত তেওঁক ব্ৰাজিলক সমৰ্থন কৰা দেখা গৈছিল। ব্ৰাজিলৰ খেলৰ সময়ত তেওঁ নিয়মীয়াকৈ তেওঁৰ মোবাইল ফোনেৰে   খেলপথাৰৰ বিভিন্ন অনুষ্ঠানৰ ভিডিঅ' প্ৰস্তুত কৰিছিল। ইয়াৰ উপৰি  নেইমাৰৰ গ'লৰ পিছত তেওঁক ব্ৰাজিলৰ জাৰ্চী পিন্ধি  চিবিএফৰ লোগো চুম্বন কৰা দেখা গৈছিল।

খবৰ অনুসৰি নেইমাৰে পুৰণি বছৰটোক বিদায় জনোৱাৰ বাবে আৰু নতুন বছৰ উদযাপন কৰিবলৈ এটা পাৰ্টিৰ আয়োজন কৰিছিল। বিশ্ব বিখ্যা তাৰকাসকলক তালৈ  আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁলোকৰ ভিতৰত আছিল ব্ৰাজিলিয়ান মডেল জেচিকা তুৰিনিও।৩০ বছৰীয়া মডেলগৰাকীয়ে ব্ৰাজিলৰ চাও পাওলোত বাস কৰে। মডেলিঙৰ উপৰি জেছিকা তুৰিনিয়ে ভাল   চাৰ্ফিং কৰে। নেইমাৰে অৱশ্যে তেওঁৰ প্ৰেমকলৈ এতিয়ালৈকে মুখ খোলা নাই। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু