--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ ফুটবলাৰসকলৰ ভিতৰত অন্যতম নেইমাৰ। নেইমাৰ এইবাৰ প্ৰেমত পৰিছে!  বিভিন্ন সময়ত বিভিন্ন যুৱতীৰ  পৰা লাভ কৰা প্ৰেমৰ প্ৰস্তাৱৰ প্ৰতি মুঠেও গুৰুত্ব দিয়া নাছিল নেইমাৰে।   ব্ৰুনা মাৰ্কেজিন, লাৰিছা মাচেডো মাচাডো, থাইলেণ্ড আয়লা, কেৰোলিনা ডানলাছ, বাৰবাৰা ইভান্স, লাৰিছা অলিভিয়েৰা... কিমানে যে প্ৰেম নিবেদন কৰা নাছিল নেইমাৰক। কিন্তু কাৰো প্ৰতিয়েই যেন গুৰুত্ব দিয়া নাছিল নেইমাৰে।   ছোৱালী বুলিলেই এক প্ৰকাৰৰ এলাৰ্জী থকা নেইমাৰে এইবাৰ এক নতুন শিহৰণ বিচাৰি পাইছে। 

জেছিকা তুৰিনি নামৰ এগৰাকী ধুনীয়া যুৱতীয়ে  নেইমাৰৰ হৃদয়ৰ  দুৱাৰত টোকৰ মাৰিছে! ব্ৰাজিলৰ সংবাদ মাধ্যমৰ মতে নেইমাৰ হয়তো এইবাৰ  প্ৰেমত পৰিছে। তেওঁৰ নতুন প্ৰেমিকা জেচিকা তুৰিনি এগৰাকী মডেল আৰু ডিজিটেল জগতত সুপৰিচিত যুৱতী।  ২০১৪ চনত তেওঁ সৌন্দৰ্য প্ৰতিযোগিতা মিছ এস্পিৰিটো চেণ্টোত বিজয়ীৰ মুকুট পিন্ধিছিল। 

কাটাৰ বিশ্বকাপৰ সময়ত জেছিকা তুৰিনিয়ে ফুটবল জগতৰ দৃষ্টি আকৰ্ষণ কৰিছিল। গেলেৰীত তেওঁক ব্ৰাজিলক সমৰ্থন কৰা দেখা গৈছিল। ব্ৰাজিলৰ খেলৰ সময়ত তেওঁ নিয়মীয়াকৈ তেওঁৰ মোবাইল ফোনেৰে   খেলপথাৰৰ বিভিন্ন অনুষ্ঠানৰ ভিডিঅ' প্ৰস্তুত কৰিছিল। ইয়াৰ উপৰি  নেইমাৰৰ গ'লৰ পিছত তেওঁক ব্ৰাজিলৰ জাৰ্চী পিন্ধি  চিবিএফৰ লোগো চুম্বন কৰা দেখা গৈছিল।

খবৰ অনুসৰি নেইমাৰে পুৰণি বছৰটোক বিদায় জনোৱাৰ বাবে আৰু নতুন বছৰ উদযাপন কৰিবলৈ এটা পাৰ্টিৰ আয়োজন কৰিছিল। বিশ্ব বিখ্যা তাৰকাসকলক তালৈ  আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁলোকৰ ভিতৰত আছিল ব্ৰাজিলিয়ান মডেল জেচিকা তুৰিনিও।৩০ বছৰীয়া মডেলগৰাকীয়ে ব্ৰাজিলৰ চাও পাওলোত বাস কৰে। মডেলিঙৰ উপৰি জেছিকা তুৰিনিয়ে ভাল   চাৰ্ফিং কৰে। নেইমাৰে অৱশ্যে তেওঁৰ প্ৰেমকলৈ এতিয়ালৈকে মুখ খোলা নাই। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক