--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঘৰুৱা ক্ৰিকেটত ইতিহাস সৃষ্টি কৰিলে জয়দেৱ উনাড়কাটে। ৰঞ্জীৰ ট্ৰফীত দিল্লীৰ বিৰুদ্ধে উনাড়কাটৰ দল সৌৰাষ্ট্ৰই খেলা মেচখনত ২ অভাৰত পাঁচটা উইকেট দখল কৰিলে মিডিয়াম ফাষ্টবলাৰগৰাকীয়ে।

জয়দেৱ উনাড়কাটৰ এই প্ৰদৰ্শনৰ দ্বাৰাই দিল্লীক পৰাস্ত কৰে সৌৰাষ্ট্ৰই। মেচখনৰ প্ৰথম অভাৰতে হেট্ৰিক অৰ্জন কৰে বলাৰগৰাকীয়ে। তাতেই এটা নতুন অভিলেখৰ সৃষ্টি হয়। ৰঞ্জীৰ ৮৮ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এজন বলাৰে প্ৰথম অভাৰত হেট্ৰিক অৰ্জন কৰে।

মেচখনত দুটা অভাৰতে ৫ টা উইকেট দখল কৰে উনাড়কাটে। ফলস্বৰূপে দিল্লীয়ে মাত্ৰ ১০ ৰাণত সাতটা উইকেট হেৰুৱায়। অৱশ্যে তৰুণ তাৰকা হৃত্বিকৰ ৬৪ ৰাণৰ ইনিংছটোৰ আধাৰত ১৩৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় দিল্লীয়ে।

উনাদকাটে তেওঁৰ প্ৰথম অভাৰৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম বলত তিনিটা উইকেট দখল কৰে। ধ্ৰুৱ শোৰে, বৈভৱ ৰাৱাল আৰু দিল্লীৰ অধিনায়ক যশ ধুলে উনাড়কাটৰ বলত পেভিলিয়নলৈ উভতি যায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে কৰ্ণাটকৰ বিনয় কুমাৰৰ ৰঞ্জীত হেট্ৰিক লোৱাৰ অভিলেখ আছে। উনাড়কাটে প্ৰথম অভাৰত হেট্ৰিক লৈ ৰঞ্জীৰ ইতিহাসত সোণালী আখৰত তেওঁৰ নাম খোদিত কৰি ৰাখিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ