--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঘৰুৱা ক্ৰিকেটত ইতিহাস সৃষ্টি কৰিলে জয়দেৱ উনাড়কাটে। ৰঞ্জীৰ ট্ৰফীত দিল্লীৰ বিৰুদ্ধে উনাড়কাটৰ দল সৌৰাষ্ট্ৰই খেলা মেচখনত ২ অভাৰত পাঁচটা উইকেট দখল কৰিলে মিডিয়াম ফাষ্টবলাৰগৰাকীয়ে।

জয়দেৱ উনাড়কাটৰ এই প্ৰদৰ্শনৰ দ্বাৰাই দিল্লীক পৰাস্ত কৰে সৌৰাষ্ট্ৰই। মেচখনৰ প্ৰথম অভাৰতে হেট্ৰিক অৰ্জন কৰে বলাৰগৰাকীয়ে। তাতেই এটা নতুন অভিলেখৰ সৃষ্টি হয়। ৰঞ্জীৰ ৮৮ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এজন বলাৰে প্ৰথম অভাৰত হেট্ৰিক অৰ্জন কৰে।

মেচখনত দুটা অভাৰতে ৫ টা উইকেট দখল কৰে উনাড়কাটে। ফলস্বৰূপে দিল্লীয়ে মাত্ৰ ১০ ৰাণত সাতটা উইকেট হেৰুৱায়। অৱশ্যে তৰুণ তাৰকা হৃত্বিকৰ ৬৪ ৰাণৰ ইনিংছটোৰ আধাৰত ১৩৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় দিল্লীয়ে।

উনাদকাটে তেওঁৰ প্ৰথম অভাৰৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম বলত তিনিটা উইকেট দখল কৰে। ধ্ৰুৱ শোৰে, বৈভৱ ৰাৱাল আৰু দিল্লীৰ অধিনায়ক যশ ধুলে উনাড়কাটৰ বলত পেভিলিয়নলৈ উভতি যায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে কৰ্ণাটকৰ বিনয় কুমাৰৰ ৰঞ্জীত হেট্ৰিক লোৱাৰ অভিলেখ আছে। উনাড়কাটে প্ৰথম অভাৰত হেট্ৰিক লৈ ৰঞ্জীৰ ইতিহাসত সোণালী আখৰত তেওঁৰ নাম খোদিত কৰি ৰাখিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক