--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহজনে  সামাজিক মাধ্যমত নিজকে ছোৱালী হিচাপে পৰিচয় দিছিল আৰু তাৰ পিছতে বহু পুৰুষৰ সৈতে  অন্তৰংগতা গঢ়ি তুলিছিল  তেওঁ     'পুৰুষ বন্ধু'ৰ অন্তৰংগ ফটো আৰু ভিডিঅ' সংগ্ৰহ কৰিছিল। সেইবোৰ পিছত ভাৰেল কৰিম বুলি ভাবুকি দি তেওঁ ৩৬ লাখ টকা দিবলৈ  হেঁচা দিছিল । কলকাতা আৰক্ষীৰ চাইবাৰ অপৰাধ বিভাগে সামাজিক মাধ্যমত এনে ধৰণৰ অপৰাধৰ অভিযোগ পোৱাৰ পিছতে  ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীয়ে দূৰহাৰিয়াৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁক হাৰিয়ানাৰ এখন আদালতত হাজিৰ কৰোৱা হয় আৰু শীঘ্ৰে  ট্ৰেঞ্জিট ৰিমাণ্ডত কলকাতালৈ অনা হ'ব। তেওঁক ২৪ এপ্ৰিললৈকে  আআৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

প্ৰকৃততে কি ঘটিছিল ? ২০ ফেব্ৰুৱাৰীত কলকাতা আৰক্ষীৰ চাইবাৰ অপৰাধ বিভাগত দাখিল কৰা অভিযোগ অনুসৰি হাৰিয়ানাৰ ফিৰোজপুৰৰ বাসিন্দা ৩৭ বছৰীয়া জাহিদে ছ'চিয়েল মিডিয়াত এজন ব্যক্তিৰ সৈতে ছোৱালী ৰ ৰূপ ধৰি বাৰ্তালাপ কৰিছিল। লাহে লাহে অন্তৰংগতা বাঢ়ি আহিছিল  আৰু জাহিদে ভাৰ্চুৱেল মিডিয়াৰ জৰিয়তে পুৰুষ বন্ধুজনৰ কিছুমান নগ্ন আৰু আপত্তিজনক ছবি তথা  ভিডিঅ' সংগ্ৰহ কৰি লৈছিল  । তাৰ পিছত  তেওঁ সেই বোৰ দেখুৱাই ব্লেকমেইলিং  কৰিবলৈ আৰম্ভ কৰিলে। অভিযোগকাৰীজনে ৩৬ লাখ টকা দিবলৈ বাধ্য হৈছিল।

নিজৰ বিপদ অনুভৱ কৰি কলকাতাৰ যুৱকজনে   চাইবাৰ অপৰাধ বিভাগৰ কাষ চাপিছিল। তেওঁৰ অভিযোগৰ ওপৰত  ভিত্তি  কৰি অপৰাধী আৰু তথ্য প্ৰযুক্তি আইনৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল। দুমাহৰ তালাচীৰ পিছত, অভিযুক্তজনক অৱশেষত হাৰিয়ানাত  বিচাৰি উলিওৱা হৈছিল। চাইবাৰ অপৰাধ বিভাগৰ বিষয়াসকলে বৃহস্পতিবাৰে নিশা হাৰিয়ানাৰ ফিৰোজপুৰৰ নুহ জিলাৰ ঝিৰকা গাঁৱত অভিযান চলাই   জাহিদ নামৰ যুৱকজনক তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু