--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহজনে  সামাজিক মাধ্যমত নিজকে ছোৱালী হিচাপে পৰিচয় দিছিল আৰু তাৰ পিছতে বহু পুৰুষৰ সৈতে  অন্তৰংগতা গঢ়ি তুলিছিল  তেওঁ     'পুৰুষ বন্ধু'ৰ অন্তৰংগ ফটো আৰু ভিডিঅ' সংগ্ৰহ কৰিছিল। সেইবোৰ পিছত ভাৰেল কৰিম বুলি ভাবুকি দি তেওঁ ৩৬ লাখ টকা দিবলৈ  হেঁচা দিছিল । কলকাতা আৰক্ষীৰ চাইবাৰ অপৰাধ বিভাগে সামাজিক মাধ্যমত এনে ধৰণৰ অপৰাধৰ অভিযোগ পোৱাৰ পিছতে  ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীয়ে দূৰহাৰিয়াৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁক হাৰিয়ানাৰ এখন আদালতত হাজিৰ কৰোৱা হয় আৰু শীঘ্ৰে  ট্ৰেঞ্জিট ৰিমাণ্ডত কলকাতালৈ অনা হ'ব। তেওঁক ২৪ এপ্ৰিললৈকে  আআৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

প্ৰকৃততে কি ঘটিছিল ? ২০ ফেব্ৰুৱাৰীত কলকাতা আৰক্ষীৰ চাইবাৰ অপৰাধ বিভাগত দাখিল কৰা অভিযোগ অনুসৰি হাৰিয়ানাৰ ফিৰোজপুৰৰ বাসিন্দা ৩৭ বছৰীয়া জাহিদে ছ'চিয়েল মিডিয়াত এজন ব্যক্তিৰ সৈতে ছোৱালী ৰ ৰূপ ধৰি বাৰ্তালাপ কৰিছিল। লাহে লাহে অন্তৰংগতা বাঢ়ি আহিছিল  আৰু জাহিদে ভাৰ্চুৱেল মিডিয়াৰ জৰিয়তে পুৰুষ বন্ধুজনৰ কিছুমান নগ্ন আৰু আপত্তিজনক ছবি তথা  ভিডিঅ' সংগ্ৰহ কৰি লৈছিল  । তাৰ পিছত  তেওঁ সেই বোৰ দেখুৱাই ব্লেকমেইলিং  কৰিবলৈ আৰম্ভ কৰিলে। অভিযোগকাৰীজনে ৩৬ লাখ টকা দিবলৈ বাধ্য হৈছিল।

নিজৰ বিপদ অনুভৱ কৰি কলকাতাৰ যুৱকজনে   চাইবাৰ অপৰাধ বিভাগৰ কাষ চাপিছিল। তেওঁৰ অভিযোগৰ ওপৰত  ভিত্তি  কৰি অপৰাধী আৰু তথ্য প্ৰযুক্তি আইনৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল। দুমাহৰ তালাচীৰ পিছত, অভিযুক্তজনক অৱশেষত হাৰিয়ানাত  বিচাৰি উলিওৱা হৈছিল। চাইবাৰ অপৰাধ বিভাগৰ বিষয়াসকলে বৃহস্পতিবাৰে নিশা হাৰিয়ানাৰ ফিৰোজপুৰৰ নুহ জিলাৰ ঝিৰকা গাঁৱত অভিযান চলাই   জাহিদ নামৰ যুৱকজনক তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ