--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  হাৰিয়ানাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। আৰক্ষীৰ ভানতে মহিলা কয়েদীক ধৰ্ষণ কৰিলে সতীৰ্থ পুৰুষ কয়েদীয়ে! আৰক্ষীৰ  ভানত থকা এগৰাকী মহিলা কয়েদীক দুজন বন্দীয়ে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । খবৰ অনুসৰি হাৰিয়ানাৰ ৰোহতক জিলাত কেইগৰাকীমান  বন্দীক   চিকিৎসাৰ বাবে বাহিৰলৈ নিয়াৰ সময়তে এই ঘটনা ঘটে। ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি  তেওঁ ৰোহতকৰ স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত (পিজিআইএমএছ) লৈ আন দুজন কয়েদীৰ সৈতে আৰক্ষীয়ে  তালৈ লৈ গৈছিল।

 ঘটনা সংঘটিত কৰা মনীষ আৰু সতীশ নামৰ দুজন অভিযুক্তই   মহিলাগৰাকীক ঠাণ্ডা পানীয় আগবঢ়াইছিল। তাৰ পিছত, দুয়োজনে তেওঁক  বন্দী কঢ়িয়াই নিয়া ভানৰ ভিতৰতে  ধৰ্ষণ কৰে । ভানখনত নিযুক্ত নিৰাপত্তাকৰ্মীসকল তেতিয়া সন্মুখৰ আসনত বহি কাগজ-পত্ৰ ঠিক কৰাত  ব্যস্ত আছিল। সেয়ে এই ঘটনাৰ বিষয়ে তেওঁলোকে গম পোৱা নাছিল বুলি মহিলাগৰাকীয়ে কয়। মহিলাগৰাকীৰ  অভিযোগৰ ভিত্তিত দুয়োজন অভিযুক্তৰ বিৰুদ্ধে ধাৰা ৩৭৬ ৰ অধীনত  এজাহাৰ দাখিল কৰা হৈছে বুলি আৰক্ষীৰ চিভিল লাইন ষ্টেচন হাউচৰ বিষয়া সুখবীৰ সিঙে জনাইছে ।

 এজাহাৰখন ৰোহতক আৰক্ষীলৈ প্ৰেৰণ কৰা হৈছে কিয়নো অপৰাধটো তেওঁলোকৰ অধিকাৰক্ষেত্ৰত সংঘটিত হৈছিল। বিষয়টোৰ পৰৱৰ্তী তদন্ত তেওঁলোকৰ দ্বাৰা কৰা হ'ব। আৰক্ষীয়ে ভুক্তভোগীৰ দ্বাৰা উত্থাপিত সকলো তথ্য আৰু অভিযোগ পৰীক্ষা কৰি আছে প্ৰতিবেদনত কোৱা হৈছে। অপৰাধৰ তাৰিখ এজাহাৰত উল্লেখ কৰা হোৱা নাই। বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰা হৈছে বুলি  বিষয়াজনে প্ৰকাশ কৰে । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ