--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  হাৰিয়ানাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। আৰক্ষীৰ ভানতে মহিলা কয়েদীক ধৰ্ষণ কৰিলে সতীৰ্থ পুৰুষ কয়েদীয়ে! আৰক্ষীৰ  ভানত থকা এগৰাকী মহিলা কয়েদীক দুজন বন্দীয়ে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । খবৰ অনুসৰি হাৰিয়ানাৰ ৰোহতক জিলাত কেইগৰাকীমান  বন্দীক   চিকিৎসাৰ বাবে বাহিৰলৈ নিয়াৰ সময়তে এই ঘটনা ঘটে। ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰা অনুসৰি  তেওঁ ৰোহতকৰ স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত (পিজিআইএমএছ) লৈ আন দুজন কয়েদীৰ সৈতে আৰক্ষীয়ে  তালৈ লৈ গৈছিল।

 ঘটনা সংঘটিত কৰা মনীষ আৰু সতীশ নামৰ দুজন অভিযুক্তই   মহিলাগৰাকীক ঠাণ্ডা পানীয় আগবঢ়াইছিল। তাৰ পিছত, দুয়োজনে তেওঁক  বন্দী কঢ়িয়াই নিয়া ভানৰ ভিতৰতে  ধৰ্ষণ কৰে । ভানখনত নিযুক্ত নিৰাপত্তাকৰ্মীসকল তেতিয়া সন্মুখৰ আসনত বহি কাগজ-পত্ৰ ঠিক কৰাত  ব্যস্ত আছিল। সেয়ে এই ঘটনাৰ বিষয়ে তেওঁলোকে গম পোৱা নাছিল বুলি মহিলাগৰাকীয়ে কয়। মহিলাগৰাকীৰ  অভিযোগৰ ভিত্তিত দুয়োজন অভিযুক্তৰ বিৰুদ্ধে ধাৰা ৩৭৬ ৰ অধীনত  এজাহাৰ দাখিল কৰা হৈছে বুলি আৰক্ষীৰ চিভিল লাইন ষ্টেচন হাউচৰ বিষয়া সুখবীৰ সিঙে জনাইছে ।

 এজাহাৰখন ৰোহতক আৰক্ষীলৈ প্ৰেৰণ কৰা হৈছে কিয়নো অপৰাধটো তেওঁলোকৰ অধিকাৰক্ষেত্ৰত সংঘটিত হৈছিল। বিষয়টোৰ পৰৱৰ্তী তদন্ত তেওঁলোকৰ দ্বাৰা কৰা হ'ব। আৰক্ষীয়ে ভুক্তভোগীৰ দ্বাৰা উত্থাপিত সকলো তথ্য আৰু অভিযোগ পৰীক্ষা কৰি আছে প্ৰতিবেদনত কোৱা হৈছে। অপৰাধৰ তাৰিখ এজাহাৰত উল্লেখ কৰা হোৱা নাই। বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰা হৈছে বুলি  বিষয়াজনে প্ৰকাশ কৰে । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু