--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃ শ্বেতা তিৱাৰী টেলিভিছনৰ চিনাকি মুখ। কিন্তু কন্যা পলক তিৱাৰীয়ে বলীউডত প্ৰৱেশ কৰিবলৈ ওলাইছে। ছলমান খানৰ ‘কিছি কা ভাই কিছি জান’ ছবিৰে বলীউডত অভিষেক ঘটাবলৈ গৈ আছে পলকে। এই ছবিখন অহা ঈদত মুক্তি পাব। ছবিখনত কাম কৰাৰ অভিজ্ঞতা সকলোৰে সৈতে ভাগ-বতৰা কৰাৰ সময়তে পলকে বলীউডৰ ভাইজানৰ এটা বিশেষ নিয়মৰ কথা ক’লে।

বলীউডত ভৰি দিয়াৰ পূৰ্বে পলক তিৱাৰীক দেখা গৈছিল ‘বিজলী বিজলী’ মিউজিক ভিডিঅ’ত। অতি কম সময়ৰ ভিতৰতে পৰ্দাত মনোমোহা উপস্থিতিৰ বাবেই ‘বিজলী গাৰ্ল’ উপাধি লাভ কৰে। অৱশ্যে ‘কিছি কা ভাই কিচি কি জান’ ছবিখনত তাই ‘ভাল ছোৱালী’ হ’ব লগা হৈছে।

পলকে কয় যে ছলমান খানে ছবিখনৰ চেটত মহিলাৰ সাজ-পোছাকৰ বাবে বিশেষ নিয়ম আৰোপ কৰিছিল। চেটত উপস্থিত থকা সকলো মহিলাকে বুকুত ঢাকি থোৱা কাপোৰ পিন্ধিবলৈ ভাইজানে নিৰ্দেশ দিছিল।

এই নিয়ম কেৱল ‘কিছি কা ভাই কিছি কি জান’ ছবিৰ বাবে প্ৰযোজ্য নহয়। পলকে কয় যে, ছলমানে ‘অণ্টিম: দ্য ফাইনেল ট্ৰুথ’ৰ চেটত একে নিয়ম ৰাখিছিল। এক সাক্ষাৎকাৰত নতুন অভিনেত্ৰীগৰাকীয়ে কয় যে ‘কিছি কা ভাই কিছি কি জান’ ছবিত অভিনয়ৰ অভিষেক ঘটাৰ পূৰ্বে তেওঁ ‘অণ্টিম: দ্য ফাইনেল ট্ৰুথ’ত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। মহেশ মঞ্জৰেকাৰৰ ছবিখনত ছলমানে একে নিয়ম পালন কৰিছিল।

পলকে কয়- ''এদিন মোক চাৰ্ট আৰু জগাৰ পিন্ধি ঘৰৰ পৰা ওলাই অহা দেখি মা আচৰিত হৈছিল। মোক সোধাত মই কৈছিলো যে মই ছলমান ছাৰৰ চেটলৈ যাম। মোক সেই পোছাক পিন্ধা দেখি মায়ে বৰ সুখী হৈছিল!''

অভিনেত্ৰীগৰাকীয়ে কয়- ''ছলমান অলপ পুৰণাপন্থী মানুহ! আমি যিকোনো ধৰণৰ কাপোৰ পিন্ধিলে তেওঁৰ আপত্তি নাই। কিন্তু তেওঁ বিচাৰে আমি সুৰক্ষিত হও, সাৱধান হও। বিশ্বাস নকৰালৈকে তেওঁ কাকো বিশ্বাস নকৰে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?