--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃ শ্বেতা তিৱাৰী টেলিভিছনৰ চিনাকি মুখ। কিন্তু কন্যা পলক তিৱাৰীয়ে বলীউডত প্ৰৱেশ কৰিবলৈ ওলাইছে। ছলমান খানৰ ‘কিছি কা ভাই কিছি জান’ ছবিৰে বলীউডত অভিষেক ঘটাবলৈ গৈ আছে পলকে। এই ছবিখন অহা ঈদত মুক্তি পাব। ছবিখনত কাম কৰাৰ অভিজ্ঞতা সকলোৰে সৈতে ভাগ-বতৰা কৰাৰ সময়তে পলকে বলীউডৰ ভাইজানৰ এটা বিশেষ নিয়মৰ কথা ক’লে।

বলীউডত ভৰি দিয়াৰ পূৰ্বে পলক তিৱাৰীক দেখা গৈছিল ‘বিজলী বিজলী’ মিউজিক ভিডিঅ’ত। অতি কম সময়ৰ ভিতৰতে পৰ্দাত মনোমোহা উপস্থিতিৰ বাবেই ‘বিজলী গাৰ্ল’ উপাধি লাভ কৰে। অৱশ্যে ‘কিছি কা ভাই কিচি কি জান’ ছবিখনত তাই ‘ভাল ছোৱালী’ হ’ব লগা হৈছে।

পলকে কয় যে ছলমান খানে ছবিখনৰ চেটত মহিলাৰ সাজ-পোছাকৰ বাবে বিশেষ নিয়ম আৰোপ কৰিছিল। চেটত উপস্থিত থকা সকলো মহিলাকে বুকুত ঢাকি থোৱা কাপোৰ পিন্ধিবলৈ ভাইজানে নিৰ্দেশ দিছিল।

এই নিয়ম কেৱল ‘কিছি কা ভাই কিছি কি জান’ ছবিৰ বাবে প্ৰযোজ্য নহয়। পলকে কয় যে, ছলমানে ‘অণ্টিম: দ্য ফাইনেল ট্ৰুথ’ৰ চেটত একে নিয়ম ৰাখিছিল। এক সাক্ষাৎকাৰত নতুন অভিনেত্ৰীগৰাকীয়ে কয় যে ‘কিছি কা ভাই কিছি কি জান’ ছবিত অভিনয়ৰ অভিষেক ঘটাৰ পূৰ্বে তেওঁ ‘অণ্টিম: দ্য ফাইনেল ট্ৰুথ’ত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। মহেশ মঞ্জৰেকাৰৰ ছবিখনত ছলমানে একে নিয়ম পালন কৰিছিল।

পলকে কয়- ''এদিন মোক চাৰ্ট আৰু জগাৰ পিন্ধি ঘৰৰ পৰা ওলাই অহা দেখি মা আচৰিত হৈছিল। মোক সোধাত মই কৈছিলো যে মই ছলমান ছাৰৰ চেটলৈ যাম। মোক সেই পোছাক পিন্ধা দেখি মায়ে বৰ সুখী হৈছিল!''

অভিনেত্ৰীগৰাকীয়ে কয়- ''ছলমান অলপ পুৰণাপন্থী মানুহ! আমি যিকোনো ধৰণৰ কাপোৰ পিন্ধিলে তেওঁৰ আপত্তি নাই। কিন্তু তেওঁ বিচাৰে আমি সুৰক্ষিত হও, সাৱধান হও। বিশ্বাস নকৰালৈকে তেওঁ কাকো বিশ্বাস নকৰে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰেল টিকট বুকিঙৰ ৪০ বছৰীয়া পুৰণি নিয়মৰ অন্ত: কনফৰ্ম টিকটৰ পৰা ৰিফাণ্ডলৈকে সকলো হ’ব সহজ
পাক প্ৰতিৰক্ষা মন্ত্ৰীৰ ঘোষণা: ছৌডি আৰবৰে থকা প্ৰতিৰক্ষা চুক্তিত যোগ দিব কাটাৰ, তুৰস্কই
বিয়াৰ হালধি অনুষ্ঠানত হালধি লগাই ICUত ভৰ্তি কইনা
চীনত আমেৰিকান কোম্পানীৰ বাবে সুদিন ; ট্ৰাম্পৰ সৈতে বৈঠকৰ পিছত বাণিজ্যিক যুদ্ধ সমাপ্তিৰ ইংগিত জিনপিঙৰ
ডিগবৈ শোধনাগাৰত কৰ্মৰত অৱস্থাত ঠিকাভিত্তিক শ্ৰমিক পৰেশ বৰগোহাঁইৰ ৰহস্যজনক মৃত্যু
ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চিলনী চোৰ মহিদুল ইছলামক গ্ৰেপ্তাৰ ধিং আৰক্ষীৰ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই