--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ প্ৰেক্ষাপটত ৰাহুল গান্ধীৰ পোহনীয়া কুকুৰ৷ সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমিনৰ নেতা মহম্মদ ফাৰহানে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তেওঁৰ কুকুৰৰ নাম ‘নুৰী’ ৰখাৰ বাবে সমালোচনা কৰি ইয়াক “মুছলমান কন্যাক অপমান” বুলি অভিহিত কৰে।

শেহতীয়াকৈ ৰাহুল গান্ধীয়ে তেওঁলোকৰ পৰিয়ালত নতুনকৈ এটা সদস্যৰ সংযোজন কৰি মাতৃ ছোনিয়া গান্ধীক আচৰিত কৰি তুলিছে,সেই উপহাৰটো হ’ল ‘নূৰী’ নামৰ তিনিমহীয়া জেক ৰাছেল টেৰিয়াৰ কুকুৰ পোৱালি এটা।

ৰাহুল গান্ধীয়ে নিজৰ কুকুৰটোক 'নুৰী' নাম দিয়াত আপত্তি জনাই এআইএমআইএমৰ নেতাজনে কয়, "ৰাহুল গান্ধীয়ে যেতিয়া তেওঁৰ পোহনীয়া কুকুৰটোক "নূৰী" নাম দিছে, ৰাহুল গান্ধীৰ এই কাৰ্য গৰিহণাদায়ক আৰু লজ্জাজনক। কুকুৰ এটাক নুৰী নাম দিয়াটো অপমান একে নামৰ মুছলমান কন্যা আৰু ইয়াৰ দ্বাৰা গান্ধী পৰিয়ালৰ মুছলমান কন্যা আৰু মুছলমান সম্প্ৰদায়ৰ প্ৰতি থকা সন্মানৰ ওপৰত নেতিবাচক প্ৰতিফলন ঘটে।"

কংগ্ৰেছ নেতাগৰাকীয়ে নিজৰ ইউটিউব চেনেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰি দেখুৱাইছে যে কেনেদৰে তেওঁ গোৱাৰ পৰা কুকুৰ পোৱালিটোক দত্তক লৈ দিল্লীলৈ লৈ আহিছিল মাতৃৰ বাবে উপহাৰ হিচাপে প্ৰদান কৰিছিল।

ভিডিঅ’টোত ৰাহুল গান্ধীয়ে কয় যে-“ গোৱাৰ পৰা পোনে পোনে আমাৰ কোলাত উৰি আহি আমাৰ জীৱনৰ পোহৰ হৈ পৰিছে নুৰী।”ভিডিঅ'টোত ছোনিয়া গান্ধীয়ে নুৰীক ধৰি থকা দেখা গৈছিল, আৰু উচ্চাৰণ কৰা দেখা গৈছিল, "তাই ইমান মৰমলগা।"তদুপৰি তেওঁ ৰাহুল গান্ধীক ধন্যবাদ জনাইছিল আৰু কুকুৰ পোৱালিটোৰ সৈতে খেলা দেখা গৈছিল, আৰু ছোনিয়া গান্ধীৰ আনটো পোহনীয়া কুকুৰ ‘লাপো’ৰ সৈতে  চিনাকি কৰাই দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ