--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ প্ৰেক্ষাপটত ৰাহুল গান্ধীৰ পোহনীয়া কুকুৰ৷ সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমিনৰ নেতা মহম্মদ ফাৰহানে বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তেওঁৰ কুকুৰৰ নাম ‘নুৰী’ ৰখাৰ বাবে সমালোচনা কৰি ইয়াক “মুছলমান কন্যাক অপমান” বুলি অভিহিত কৰে।

শেহতীয়াকৈ ৰাহুল গান্ধীয়ে তেওঁলোকৰ পৰিয়ালত নতুনকৈ এটা সদস্যৰ সংযোজন কৰি মাতৃ ছোনিয়া গান্ধীক আচৰিত কৰি তুলিছে,সেই উপহাৰটো হ’ল ‘নূৰী’ নামৰ তিনিমহীয়া জেক ৰাছেল টেৰিয়াৰ কুকুৰ পোৱালি এটা।

ৰাহুল গান্ধীয়ে নিজৰ কুকুৰটোক 'নুৰী' নাম দিয়াত আপত্তি জনাই এআইএমআইএমৰ নেতাজনে কয়, "ৰাহুল গান্ধীয়ে যেতিয়া তেওঁৰ পোহনীয়া কুকুৰটোক "নূৰী" নাম দিছে, ৰাহুল গান্ধীৰ এই কাৰ্য গৰিহণাদায়ক আৰু লজ্জাজনক। কুকুৰ এটাক নুৰী নাম দিয়াটো অপমান একে নামৰ মুছলমান কন্যা আৰু ইয়াৰ দ্বাৰা গান্ধী পৰিয়ালৰ মুছলমান কন্যা আৰু মুছলমান সম্প্ৰদায়ৰ প্ৰতি থকা সন্মানৰ ওপৰত নেতিবাচক প্ৰতিফলন ঘটে।"

কংগ্ৰেছ নেতাগৰাকীয়ে নিজৰ ইউটিউব চেনেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰি দেখুৱাইছে যে কেনেদৰে তেওঁ গোৱাৰ পৰা কুকুৰ পোৱালিটোক দত্তক লৈ দিল্লীলৈ লৈ আহিছিল মাতৃৰ বাবে উপহাৰ হিচাপে প্ৰদান কৰিছিল।

ভিডিঅ’টোত ৰাহুল গান্ধীয়ে কয় যে-“ গোৱাৰ পৰা পোনে পোনে আমাৰ কোলাত উৰি আহি আমাৰ জীৱনৰ পোহৰ হৈ পৰিছে নুৰী।”ভিডিঅ'টোত ছোনিয়া গান্ধীয়ে নুৰীক ধৰি থকা দেখা গৈছিল, আৰু উচ্চাৰণ কৰা দেখা গৈছিল, "তাই ইমান মৰমলগা।"তদুপৰি তেওঁ ৰাহুল গান্ধীক ধন্যবাদ জনাইছিল আৰু কুকুৰ পোৱালিটোৰ সৈতে খেলা দেখা গৈছিল, আৰু ছোনিয়া গান্ধীৰ আনটো পোহনীয়া কুকুৰ ‘লাপো’ৰ সৈতে  চিনাকি কৰাই দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু