--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৰম্ভ হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত পোষ্টাৰ যুদ্ধ৷ সামাজিক মাধ্যমত তীব্ৰতৰ হৈ পৰে দুয়োটা দলৰ ‘পোষ্টাৰ ৱাৰ’৷ 

শাসকীয় দল বিজেপিয়ে তীব্ৰ শ্লেষাত্মকভাৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ৰ ওপৰত এখন পোষ্টাৰ শ্বেয়াৰ কৰি ৰাহুল গান্ধীক নতুন যুগৰ ৰাৱণ হিচাপে চিত্ৰায়ণ কৰিছে৷ বিজেপিৰ এই কাৰ্যক তীব্ৰ সমালোচনা কৰিছে বিৰোধী দলসমূহে৷ বিৰোধী দলসমূহে ইয়াক অগ্ৰহণযোগ্য আৰু একেবাৰে বিপজ্জনক বুলি অভিহিত কৰে।

কংগ্ৰেছে ‘এক্স’ত প্ৰধানমন্ত্ৰী মোদীৰ এখন ফটো পোষ্ট কৰাৰ এদিন পাছতে বিজেপিয়ে এই পোষ্টাৰখন প্ৰকাশ কৰিছে৷ কংগ্ৰেছৰ পোষ্টাৰৰ শিৰোনাম আছিল ‘দ্য বিগেষ্ট লায়াৰ’ আৰু ‘জুমলা বয়’ বুলি অভিহিত কৰিছে৷
 
তীক্ষ্ণ প্ৰত্যুত্তৰত বিজেপিয়ে ‘এক্স’ত দলটোৰ অফিচিয়েল হেণ্ডেলত গান্ধীৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰিছিল যাৰ শিৰোনাম আছিল ‘ভাৰত খাত্ৰে মে হে - এ কংগ্ৰেছ পাৰ্টি প্ৰডাকচন, জৰ্জ চোৰোছৰ দ্বাৰা পৰিচালিত’।
‘নতুন যুগৰ ৰাৱণ ইয়াত আছে। তেওঁ দুষ্ট। ধৰ্ম বিৰোধী। ৰাম বিৰোধী। তেওঁৰ লক্ষ্য হৈছে ভাৰতক ধ্বংস কৰা।’- বিজেপিয়ে এক্সত কৈছিল।

বিজেপিৰ এই আচৰণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে৷ ৰমেশে কয়, ইয়াৰ উদ্দেশ্য হৈছে প্ৰাক্তন কংগ্ৰেছ মুৰব্বীজনৰ বিৰুদ্ধে হিংসামূলক আচৰণ, যাৰ পিতৃ আৰু আইতাকক ভাৰতক বিভাজন কৰিব বিচৰা শক্তিয়ে হত্যা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল