--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৰম্ভ হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত পোষ্টাৰ যুদ্ধ৷ সামাজিক মাধ্যমত তীব্ৰতৰ হৈ পৰে দুয়োটা দলৰ ‘পোষ্টাৰ ৱাৰ’৷ 

শাসকীয় দল বিজেপিয়ে তীব্ৰ শ্লেষাত্মকভাৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ৰ ওপৰত এখন পোষ্টাৰ শ্বেয়াৰ কৰি ৰাহুল গান্ধীক নতুন যুগৰ ৰাৱণ হিচাপে চিত্ৰায়ণ কৰিছে৷ বিজেপিৰ এই কাৰ্যক তীব্ৰ সমালোচনা কৰিছে বিৰোধী দলসমূহে৷ বিৰোধী দলসমূহে ইয়াক অগ্ৰহণযোগ্য আৰু একেবাৰে বিপজ্জনক বুলি অভিহিত কৰে।

কংগ্ৰেছে ‘এক্স’ত প্ৰধানমন্ত্ৰী মোদীৰ এখন ফটো পোষ্ট কৰাৰ এদিন পাছতে বিজেপিয়ে এই পোষ্টাৰখন প্ৰকাশ কৰিছে৷ কংগ্ৰেছৰ পোষ্টাৰৰ শিৰোনাম আছিল ‘দ্য বিগেষ্ট লায়াৰ’ আৰু ‘জুমলা বয়’ বুলি অভিহিত কৰিছে৷
 
তীক্ষ্ণ প্ৰত্যুত্তৰত বিজেপিয়ে ‘এক্স’ত দলটোৰ অফিচিয়েল হেণ্ডেলত গান্ধীৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰিছিল যাৰ শিৰোনাম আছিল ‘ভাৰত খাত্ৰে মে হে - এ কংগ্ৰেছ পাৰ্টি প্ৰডাকচন, জৰ্জ চোৰোছৰ দ্বাৰা পৰিচালিত’।
‘নতুন যুগৰ ৰাৱণ ইয়াত আছে। তেওঁ দুষ্ট। ধৰ্ম বিৰোধী। ৰাম বিৰোধী। তেওঁৰ লক্ষ্য হৈছে ভাৰতক ধ্বংস কৰা।’- বিজেপিয়ে এক্সত কৈছিল।

বিজেপিৰ এই আচৰণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে৷ ৰমেশে কয়, ইয়াৰ উদ্দেশ্য হৈছে প্ৰাক্তন কংগ্ৰেছ মুৰব্বীজনৰ বিৰুদ্ধে হিংসামূলক আচৰণ, যাৰ পিতৃ আৰু আইতাকক ভাৰতক বিভাজন কৰিব বিচৰা শক্তিয়ে হত্যা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ