--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া ছুইগি-জোমাটোৰ দৰে খাদ্য বিৰণ এপ সমূহে ব্যাপত জনপ্ৰিয়তা লাভ কৰিছে৷ ছুইগি-জোমাটোৰ দৰে এপ সমূহক প্ৰত্যাহ্বান জনাব পৰাকৈ এতিয়া  বলীউডৰ অভিনেতা সুনীল ছেট্টীয়ে  এটা  নতুন খাদ্য বিতৰণ এপ 'Waayu'(ৱায়ু) মুকলি কৰিছে। এই খাদ্য বিতৰণ এপৰ উদ্দেশ্য হৈছে জনসাধাৰণক ঘৰতে বহি সুস্বাদু খাদ্যৰ যোগান ধৰা৷  শীঘ্ৰে দেশৰ কেইবাখনো চহৰত এই এপ উপলব্ধ হ’ব৷ অনিৰুদ্ধ কোটগিয়েৰ আৰু মন্দৰ লেণ্ডে 'ৱায়ু' এপটো প্ৰতিষ্ঠা কৰিছে। 

'ৱায়ু' এপটোৱে হোটেল আৰু ৰেষ্টুৰেণ্টসমূহক কোনো কমিছন অবিহনে খাদ্য বিতৰণৰ অৰ্ডাৰ লগ কৰাত সহায় কৰিব। এই মুহূৰ্তত এই এপটোৰ সেৱা কেৱল মুম্বাইত আৰম্ভ কৰা হৈছে।মুম্বাইৰ বহুতো হোটেল আৰু ৰেষ্টুৰেণ্ট এপটোৰ সৈতে জড়িত কৰা হৈছে । ৱায়ুক মুম্বাইস্থিত ইণ্ডিয়ান হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েচনে পূৰ্ণ সমৰ্থন জনাইছে। এই এপটো মুম্বাই বিএমচি, মীৰা ভায়ান্দৰ, নৱী মুম্বাই, থানে, পুনে, পালঘৰ ঠাইৰ  ৰেষ্টুৰেণ্টৰ সৈতে সংযোগ হৈ আছে৷  

 বৰ্তমান এপটোত ১৫০০ ৰো অধিক ৰেষ্টুৰেণ্ট পঞ্জীয়ন কৰা হৈছে আৰু  ২৫,০০০ ৰো অধিক লোকে এপটো  ডাউনলোড কৰিছে বুলি জানিব পৰা গৈছে।কোম্পানীটোৱে অন্যান্য মেট্ৰ' আৰু অ-মেট্ৰ' চহৰসমূহতো ইয়াৰ সেৱা সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে। সুনীল ছেট্টী হৈছে এই কোম্পানীৰ ব্ৰেণ্ড এম্বেচেডৰ। কেৱল সেয়াই নহয়, তেওঁলোক কোম্পানীটোৰ এগৰাকী  বিনিয়োগকাৰীও।এপটোৱে বৰ্তমান সকলো আউটলেটৰ পৰা নিৰ্ধাৰিত মাচুল হিচাপে প্ৰতি মাহে ১,০০০  টকা আদায় কৰি আছে।

 এই মাচুল পিছত ২,০০০  টকালৈ বৃদ্ধি কৰিব পাৰে বুলি জানিব পৰা গৈছে৷উল্লেখ্য সুনীল ছেট্টীয়ে ইতিমধ্যে বহু  ষ্টাৰ্টআপত বিনিয়োগ কৰিছে। যোৱা বছৰৰ  ফেব্ৰুৱাৰীমাহত অভিনেতাগৰাকীয়ে  একুৱাটিন নামৰ এক ফিটনেছ ষ্টাৰ্টআপত বিনিয়োগ কৰিছিল। তেওঁ এই ষ্টাৰ্টআপৰ ব্ৰেণ্ড এম্বেচেডৰো।অভিনেতাজনে কয়  যে তেওঁ ২০২৩ চনতে তেওঁ আৰু বহুতো ষ্টাৰ্টআপত বিনিয়োগ কৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে