--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া ছুইগি-জোমাটোৰ দৰে খাদ্য বিৰণ এপ সমূহে ব্যাপত জনপ্ৰিয়তা লাভ কৰিছে৷ ছুইগি-জোমাটোৰ দৰে এপ সমূহক প্ৰত্যাহ্বান জনাব পৰাকৈ এতিয়া  বলীউডৰ অভিনেতা সুনীল ছেট্টীয়ে  এটা  নতুন খাদ্য বিতৰণ এপ 'Waayu'(ৱায়ু) মুকলি কৰিছে। এই খাদ্য বিতৰণ এপৰ উদ্দেশ্য হৈছে জনসাধাৰণক ঘৰতে বহি সুস্বাদু খাদ্যৰ যোগান ধৰা৷  শীঘ্ৰে দেশৰ কেইবাখনো চহৰত এই এপ উপলব্ধ হ’ব৷ অনিৰুদ্ধ কোটগিয়েৰ আৰু মন্দৰ লেণ্ডে 'ৱায়ু' এপটো প্ৰতিষ্ঠা কৰিছে। 

'ৱায়ু' এপটোৱে হোটেল আৰু ৰেষ্টুৰেণ্টসমূহক কোনো কমিছন অবিহনে খাদ্য বিতৰণৰ অৰ্ডাৰ লগ কৰাত সহায় কৰিব। এই মুহূৰ্তত এই এপটোৰ সেৱা কেৱল মুম্বাইত আৰম্ভ কৰা হৈছে।মুম্বাইৰ বহুতো হোটেল আৰু ৰেষ্টুৰেণ্ট এপটোৰ সৈতে জড়িত কৰা হৈছে । ৱায়ুক মুম্বাইস্থিত ইণ্ডিয়ান হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েচনে পূৰ্ণ সমৰ্থন জনাইছে। এই এপটো মুম্বাই বিএমচি, মীৰা ভায়ান্দৰ, নৱী মুম্বাই, থানে, পুনে, পালঘৰ ঠাইৰ  ৰেষ্টুৰেণ্টৰ সৈতে সংযোগ হৈ আছে৷  

 বৰ্তমান এপটোত ১৫০০ ৰো অধিক ৰেষ্টুৰেণ্ট পঞ্জীয়ন কৰা হৈছে আৰু  ২৫,০০০ ৰো অধিক লোকে এপটো  ডাউনলোড কৰিছে বুলি জানিব পৰা গৈছে।কোম্পানীটোৱে অন্যান্য মেট্ৰ' আৰু অ-মেট্ৰ' চহৰসমূহতো ইয়াৰ সেৱা সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে। সুনীল ছেট্টী হৈছে এই কোম্পানীৰ ব্ৰেণ্ড এম্বেচেডৰ। কেৱল সেয়াই নহয়, তেওঁলোক কোম্পানীটোৰ এগৰাকী  বিনিয়োগকাৰীও।এপটোৱে বৰ্তমান সকলো আউটলেটৰ পৰা নিৰ্ধাৰিত মাচুল হিচাপে প্ৰতি মাহে ১,০০০  টকা আদায় কৰি আছে।

 এই মাচুল পিছত ২,০০০  টকালৈ বৃদ্ধি কৰিব পাৰে বুলি জানিব পৰা গৈছে৷উল্লেখ্য সুনীল ছেট্টীয়ে ইতিমধ্যে বহু  ষ্টাৰ্টআপত বিনিয়োগ কৰিছে। যোৱা বছৰৰ  ফেব্ৰুৱাৰীমাহত অভিনেতাগৰাকীয়ে  একুৱাটিন নামৰ এক ফিটনেছ ষ্টাৰ্টআপত বিনিয়োগ কৰিছিল। তেওঁ এই ষ্টাৰ্টআপৰ ব্ৰেণ্ড এম্বেচেডৰো।অভিনেতাজনে কয়  যে তেওঁ ২০২৩ চনতে তেওঁ আৰু বহুতো ষ্টাৰ্টআপত বিনিয়োগ কৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
'আমি এছিয়া কাপ জিকিলোঁ, এতিয়া পৰৱৰ্তী লক্ষ্য বিশ্বকাপ'-টিম ইণ্ডিয়াৰ গৰ্জন
এলুমিনিয়ামৰ বাচনত ৰন্ধা খাদ্য খালে ‘কেন্সাৰ’ হয় নেকি? ডাক্তৰৰ পৰামৰ্শ জানি লওক
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ