--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালাত সংঘটিত হৈছে এক ভংকৰ ঘটনা৷ এজন ৰোগীৰ বিৰুদ্ধে এজন চিকিৎসকক চুৰিৰে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। চিকিৎসকজনে যুৱকজনৰ ভৰিৰ আঘাত আৰোগ্য কৰিবলৈ চেষ্টা কৰি আছিল। হঠাতে যুৱকজনে তেওঁক  চুৰিৰে আঘাত কৰে৷  ফলত  চিকিৎসকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু পিছত তেওঁৰ মৃত্যু হয়।

ঘটনাটো কেৰালাৰ কোল্লাম জিলাৰ কোট্টাৰাক্ৰা চহৰত সংঘটিত হৈছে। মৃত চিকিৎসকগৰাকীৰ নাম বন্দনা দাস। তেওঁ কোট্টাৰকাৰৰ এখন  চিকিৎসালয়ত কাম কৰি আছিল। জানিব পৰা মতে বুধবাৰে আৰক্ষীয়ে এজন যুৱকক চিকিৎসাৰ বাবে তালৈ নিছিল। যুৱকজনে তেওঁৰ পৰিয়ালৰ আন সদস্যসকলৰ সৈতে হতাহতিত লিপ্ত হৈছিল বুলি অভিযোগ কৰা হৈছে। তেতিয়াই তেওঁ আঘাত পাইছিল। আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ লৈ গৈছিল। কিন্তু অভিযুক্তজনে চিকিৎসালয়ত অধিক জঘন্য কাৰ্য্য সংঘটিত কৰিলে।

আৰক্ষীয়ে জনোৱা অনুসৰি, চিকিৎসকে যুৱকজনৰ ভৰিত পোৱা  আঘাতৰ স্থানত  ঔষধ প্ৰয়োগ কৰি থকাৰ সময়তে হঠাতে ৰোগীজনে তেওঁক আক্ৰমণ কৰে৷   যুৱকজনে অস্ত্ৰোপচাৰত ব্যৱহৃত কেঁচি আৰু চুৰিৰে চিকিৎসকগৰাকীক আক্ৰমণ কৰে৷  ঘটনাটোত এজন আৰক্ষীও আঘাতপ্ৰাপ্ত হৈছে৷

ঘটনাটোৰ পিছত, চিকিৎসকজনক ততাতৈয়াকৈ তিৰুৱন্তপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু তেওঁক বচাব পৰা নগ'ল।

আনসকলে আৰক্ষীৰ চকুৰ সন্মুখতে ৰোগীক চিকিৎসা কৰিবলৈ যাওঁতে চিকিৎসকজনৰ মৃত্যু হোৱাৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ । ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে (আইএমএ) চিকিৎসকজনৰ মৃত্যুৰ প্ৰতিবাদত ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে