--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালাত সংঘটিত হৈছে এক ভংকৰ ঘটনা৷ এজন ৰোগীৰ বিৰুদ্ধে এজন চিকিৎসকক চুৰিৰে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। চিকিৎসকজনে যুৱকজনৰ ভৰিৰ আঘাত আৰোগ্য কৰিবলৈ চেষ্টা কৰি আছিল। হঠাতে যুৱকজনে তেওঁক  চুৰিৰে আঘাত কৰে৷  ফলত  চিকিৎসকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু পিছত তেওঁৰ মৃত্যু হয়।

ঘটনাটো কেৰালাৰ কোল্লাম জিলাৰ কোট্টাৰাক্ৰা চহৰত সংঘটিত হৈছে। মৃত চিকিৎসকগৰাকীৰ নাম বন্দনা দাস। তেওঁ কোট্টাৰকাৰৰ এখন  চিকিৎসালয়ত কাম কৰি আছিল। জানিব পৰা মতে বুধবাৰে আৰক্ষীয়ে এজন যুৱকক চিকিৎসাৰ বাবে তালৈ নিছিল। যুৱকজনে তেওঁৰ পৰিয়ালৰ আন সদস্যসকলৰ সৈতে হতাহতিত লিপ্ত হৈছিল বুলি অভিযোগ কৰা হৈছে। তেতিয়াই তেওঁ আঘাত পাইছিল। আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ লৈ গৈছিল। কিন্তু অভিযুক্তজনে চিকিৎসালয়ত অধিক জঘন্য কাৰ্য্য সংঘটিত কৰিলে।

আৰক্ষীয়ে জনোৱা অনুসৰি, চিকিৎসকে যুৱকজনৰ ভৰিত পোৱা  আঘাতৰ স্থানত  ঔষধ প্ৰয়োগ কৰি থকাৰ সময়তে হঠাতে ৰোগীজনে তেওঁক আক্ৰমণ কৰে৷   যুৱকজনে অস্ত্ৰোপচাৰত ব্যৱহৃত কেঁচি আৰু চুৰিৰে চিকিৎসকগৰাকীক আক্ৰমণ কৰে৷  ঘটনাটোত এজন আৰক্ষীও আঘাতপ্ৰাপ্ত হৈছে৷

ঘটনাটোৰ পিছত, চিকিৎসকজনক ততাতৈয়াকৈ তিৰুৱন্তপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু তেওঁক বচাব পৰা নগ'ল।

আনসকলে আৰক্ষীৰ চকুৰ সন্মুখতে ৰোগীক চিকিৎসা কৰিবলৈ যাওঁতে চিকিৎসকজনৰ মৃত্যু হোৱাৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ । ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে (আইএমএ) চিকিৎসকজনৰ মৃত্যুৰ প্ৰতিবাদত ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি