--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন-গণ-মনক বিকৃত ৰূপত পৰিবেশন কৰি এতিয়া বিপদত পৰিছে দুগৰাকী যুৱতী। কলকাতাৰ যুৱতীদুগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হৈছে। শেহতীয়াকৈ  ফেচবুকত ৰাষ্ট্ৰীয় সংগীতক উপহাস কৰি এটা ভিডিঅ' আপলোড কৰাৰ বাবে পশ্চিম বংগৰ যুৱতী দুগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

এগৰাকী অধিবক্তাই যুৱতীদুগৰাকীৰ বিৰুদ্ধে কলকাতাৰ   লালবজাৰ চাইবাৰ চেল আৰু বাৰাকপুৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছে। অৱশ্যে বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে যুৱতীদুগৰাকীয়ে  ভিডিঅ'টো  ফেচবুক একাউণ্টৰ পৰা ডিলিট কৰি দিছে৷জানিব পৰা মতে  যুৱতীদুগৰাকীয়ে  ধূমপান কৰি থকাৰ সময়ত বিকৃতভাবে  ৰাষ্ট্ৰীয় সংগীত গাইছিল৷


তেওঁলোকে সেই ভিডিঅ’ সামাজিক মাধ্যমতো পোষ্ট কৰিছিল৷যুৱতী দুগৰাকীৰ বিৰুদ্ধে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত আৰু ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অভিযোগত চাইবাৰ অপৰাধ আৰক্ষী থানা, বাৰাকপুৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা, ডিটেকটিভ বিভাগ, লালবজাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷  অভিযোগ অনুসৰি যুৱতীদুগৰাকীয়ে  ভাৰত আৰু সকলো ভাৰতীয়ৰ অনুভূতিক আঘাত হানিছে। আৰক্ষী বিভাগৰ সূত্ৰই এই বিষয়ত  অভিযোগ পোৱাৰ কথাটো নিশ্চিত কৰিছে  আৰু কৈছে যে এইবিষয়ত তদন্ত চলি আছে। 

এজন আৰক্ষী বিষয়াই কয়, "আমি এটা অভিযোগ পাইছো আৰু তদন্ত আৰম্ভ কৰিছো। আইনে  নিজৰ পথেৰে গতি কৰিব’’৷  এতিয়ালৈকে চিগাৰেট হুপি হুপি ৰাষ্ট্ৰীয় সংগীত গোৱা যুৱতীদুগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷ উল্লেখ্য ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন-গণ-মন গোৱাৰ কেতবোৰ বিশেষ নিয়ম আছে৷ ৰাষ্ট্ৰীয় সংগীত জন-গণ-মন গোৱাৰ সময়ত সকলোৱে সন্মানসহকাৰে থিয় হোৱাটো এক নিয়ম৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ