--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন-গণ-মনক বিকৃত ৰূপত পৰিবেশন কৰি এতিয়া বিপদত পৰিছে দুগৰাকী যুৱতী। কলকাতাৰ যুৱতীদুগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হৈছে। শেহতীয়াকৈ  ফেচবুকত ৰাষ্ট্ৰীয় সংগীতক উপহাস কৰি এটা ভিডিঅ' আপলোড কৰাৰ বাবে পশ্চিম বংগৰ যুৱতী দুগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

এগৰাকী অধিবক্তাই যুৱতীদুগৰাকীৰ বিৰুদ্ধে কলকাতাৰ   লালবজাৰ চাইবাৰ চেল আৰু বাৰাকপুৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছে। অৱশ্যে বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতে যুৱতীদুগৰাকীয়ে  ভিডিঅ'টো  ফেচবুক একাউণ্টৰ পৰা ডিলিট কৰি দিছে৷জানিব পৰা মতে  যুৱতীদুগৰাকীয়ে  ধূমপান কৰি থকাৰ সময়ত বিকৃতভাবে  ৰাষ্ট্ৰীয় সংগীত গাইছিল৷


তেওঁলোকে সেই ভিডিঅ’ সামাজিক মাধ্যমতো পোষ্ট কৰিছিল৷যুৱতী দুগৰাকীৰ বিৰুদ্ধে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত আৰু ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অভিযোগত চাইবাৰ অপৰাধ আৰক্ষী থানা, বাৰাকপুৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা, ডিটেকটিভ বিভাগ, লালবজাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷  অভিযোগ অনুসৰি যুৱতীদুগৰাকীয়ে  ভাৰত আৰু সকলো ভাৰতীয়ৰ অনুভূতিক আঘাত হানিছে। আৰক্ষী বিভাগৰ সূত্ৰই এই বিষয়ত  অভিযোগ পোৱাৰ কথাটো নিশ্চিত কৰিছে  আৰু কৈছে যে এইবিষয়ত তদন্ত চলি আছে। 

এজন আৰক্ষী বিষয়াই কয়, "আমি এটা অভিযোগ পাইছো আৰু তদন্ত আৰম্ভ কৰিছো। আইনে  নিজৰ পথেৰে গতি কৰিব’’৷  এতিয়ালৈকে চিগাৰেট হুপি হুপি ৰাষ্ট্ৰীয় সংগীত গোৱা যুৱতীদুগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷ উল্লেখ্য ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন-গণ-মন গোৱাৰ কেতবোৰ বিশেষ নিয়ম আছে৷ ৰাষ্ট্ৰীয় সংগীত জন-গণ-মন গোৱাৰ সময়ত সকলোৱে সন্মানসহকাৰে থিয় হোৱাটো এক নিয়ম৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল