--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ দলৰ চৰকাৰৰ বিৰুদ্ধেই আন্দোলন কৰিব শচীন পাইলটে! ৰাজস্থানত অশোক গেহলট আৰু শচীন পাইলটৰ মাজত যুঁজ খন এতিয়া অধিক জটিল হৈ পৰিছে। কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা শচীন পাইলটে ঘোষণা কৰিছে যে তেওঁ ১১ এপ্ৰিলত ৰাজস্থানৰ জয়পুৰত দিনজোৰা অনশন  পালন কৰিব। পূৰ্বৰ বিজেপি চৰকাৰৰ সময়ত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত এই প্ৰতিবাদ কৰা হৈছে। 

ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে, পাইলটে পূৰ্বৰ প্ৰশাসনৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ অনশন কৰাৰ কথা ঘোষণা কৰিছে । তেওঁ এইবুলিও  কৈছে যে তেওঁ আৰু আন কংগ্ৰেছ নেতাসকলে দুৰ্নীতিৰ বিষয়টো উত্থাপন কৰি আহিছিল।  তেতিয়া তেওঁলোক বিৰোধী আছিল ।  দলটো শাসনলৈ অহাৰ পিছতো ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু একোৱেই নকৰিলে। 

সংবাদ মাধ্যমক সম্বোধন কৰি পাইলটে কয় যে তেওঁ ইতিমধ্যে জিলা প্ৰশাসনক শ্বহীদ স্মাৰকত অনশন অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে আশ্বাস স্বত্বেও দুৰ্নীতিৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই আৰু তেওঁ অনশন  হৈছে ব্যৱস্থা গ্ৰহণৰ দাবীৰ বাবে দিয়া এক  হেঁচা ।ইয়াৰ পূৰ্বে, পাইলটে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ অযোগ্যতা সন্দৰ্ভতো মন্তব্য কৰিছিল। তেওঁ ইয়াক ৰাজনৈতিক প্ৰতিহিংসা বুলি কৈছিল আৰু কৈছিল যে ৰাহুল গান্ধীয়ে আদানিৰ বিৰুদ্ধে মাত মাতিছিল বাবেই আনৰ ৰোষত পৰিছিল। 

পাইলটে জয়পুৰ ধাৰাবাহিক বিস্ফোৰণ গোচৰৰ সকলো অভিযুক্তক দোষমুক্ত কৰাত হতাশা ব্যক্ত কৰে। তেওঁ ইয়াক দুখজনক বুলি অভিহিত কৰি কয় যে তদন্তত অৱহেলাৰ বিষয়টো  গ্ৰহণযোগ্য নহয়। তেওঁ চৰকাৰক বিষয়টো পুনৰ তদন্ত কৰিবলৈ আহ্বান জনায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ