--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ দলৰ চৰকাৰৰ বিৰুদ্ধেই আন্দোলন কৰিব শচীন পাইলটে! ৰাজস্থানত অশোক গেহলট আৰু শচীন পাইলটৰ মাজত যুঁজ খন এতিয়া অধিক জটিল হৈ পৰিছে। কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা শচীন পাইলটে ঘোষণা কৰিছে যে তেওঁ ১১ এপ্ৰিলত ৰাজস্থানৰ জয়পুৰত দিনজোৰা অনশন  পালন কৰিব। পূৰ্বৰ বিজেপি চৰকাৰৰ সময়ত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত এই প্ৰতিবাদ কৰা হৈছে। 

ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে, পাইলটে পূৰ্বৰ প্ৰশাসনৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ অনশন কৰাৰ কথা ঘোষণা কৰিছে । তেওঁ এইবুলিও  কৈছে যে তেওঁ আৰু আন কংগ্ৰেছ নেতাসকলে দুৰ্নীতিৰ বিষয়টো উত্থাপন কৰি আহিছিল।  তেতিয়া তেওঁলোক বিৰোধী আছিল ।  দলটো শাসনলৈ অহাৰ পিছতো ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু একোৱেই নকৰিলে। 

সংবাদ মাধ্যমক সম্বোধন কৰি পাইলটে কয় যে তেওঁ ইতিমধ্যে জিলা প্ৰশাসনক শ্বহীদ স্মাৰকত অনশন অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে আশ্বাস স্বত্বেও দুৰ্নীতিৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই আৰু তেওঁ অনশন  হৈছে ব্যৱস্থা গ্ৰহণৰ দাবীৰ বাবে দিয়া এক  হেঁচা ।ইয়াৰ পূৰ্বে, পাইলটে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ অযোগ্যতা সন্দৰ্ভতো মন্তব্য কৰিছিল। তেওঁ ইয়াক ৰাজনৈতিক প্ৰতিহিংসা বুলি কৈছিল আৰু কৈছিল যে ৰাহুল গান্ধীয়ে আদানিৰ বিৰুদ্ধে মাত মাতিছিল বাবেই আনৰ ৰোষত পৰিছিল। 

পাইলটে জয়পুৰ ধাৰাবাহিক বিস্ফোৰণ গোচৰৰ সকলো অভিযুক্তক দোষমুক্ত কৰাত হতাশা ব্যক্ত কৰে। তেওঁ ইয়াক দুখজনক বুলি অভিহিত কৰি কয় যে তদন্তত অৱহেলাৰ বিষয়টো  গ্ৰহণযোগ্য নহয়। তেওঁ চৰকাৰক বিষয়টো পুনৰ তদন্ত কৰিবলৈ আহ্বান জনায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ