--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী চিকিৎসকে মদ্যপান কৰি চিকিৎসালয়ৰ ভিতৰত উলংগ হৈ ঘূৰি ফুৰাৰ অভিযোগ উঠিছে। শেহতীয়াকৈ এই ঘটনাই স্তম্ভিত কৰি তুলিছে মহাৰাষ্ট্ৰৰ এখন চৰকাৰী চিকিৎসালয়।

ৰাজ্যৰ ছাত্ৰপতি শম্ভজিনগৰ জিলাৰ এখন গ্ৰাম্য চিকিৎসালয়ত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অভিযোগ উত্থাপন হৈছে যে পঞ্চল্লিশ বছৰীয়া চিকিৎসকজনে কাম কৰি থকা অৱস্থাত মদ্যপান কৰিছিল। ইমানেই মদ খাইছিল যে জ্ঞান হেৰুৱাই পেলাইছিল। সেই অৱস্থাতে ঘৰৰ পৰা উলংগ হৈ আহি চিকিৎসালয়ৰ ভিতৰত ঘূৰি ফুৰিবলৈ ধৰে।

চিকিৎসালয়খনৰ এজন কৰ্মচাৰীয়ে সেই অৱস্থাত চিকিৎসকজনক দেখে। কিন্তু তেতিয়ালৈকে এই খবৰটো সমগ্ৰ চিকিৎসালয়খনতে বিয়পি পৰিছিল। এই ঘটনাৰ পিছত ৰোগীজনৰ আত্মীয়ই চিকিৎসকজনৰ বিৰুদ্ধে আপত্তি কৰিব ধৰে। চিকিৎসকজনক শাস্তি প্ৰদানৰ দাবী জনাইছে। চিকিৎসকগৰাকীৰ ঘটনাক লৈ হুলস্থুল বাঢ়ি অহাৰ লগে লগে চিকিৎসালয় কৰ্তৃপক্ষই বিষয়টোৰ তদন্তৰ আশ্বাস দিয়ে।

জিলা স্বাস্থ্য বিষয়া তথা চিকিৎসক দয়ানন্দ মতিপাভলে কয় যে চিকিৎসালয়ৰ ভিতৰত চিকিৎসকগৰাকীয়ে উলংগ হৈ ঘূৰি ফুৰাৰ অভিযোগ উত্থাপন হৈছে। কৰ্তব্যৰত অৱস্থাত মদ্যপানৰ অভিযোগো উত্থাপন হৈছে। কিন্তু সঠিকভাৱে কি হৈছিল তদন্ত চলি আছে। যদি চিকিৎসকজনক দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক