--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী চিকিৎসকে মদ্যপান কৰি চিকিৎসালয়ৰ ভিতৰত উলংগ হৈ ঘূৰি ফুৰাৰ অভিযোগ উঠিছে। শেহতীয়াকৈ এই ঘটনাই স্তম্ভিত কৰি তুলিছে মহাৰাষ্ট্ৰৰ এখন চৰকাৰী চিকিৎসালয়।

ৰাজ্যৰ ছাত্ৰপতি শম্ভজিনগৰ জিলাৰ এখন গ্ৰাম্য চিকিৎসালয়ত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অভিযোগ উত্থাপন হৈছে যে পঞ্চল্লিশ বছৰীয়া চিকিৎসকজনে কাম কৰি থকা অৱস্থাত মদ্যপান কৰিছিল। ইমানেই মদ খাইছিল যে জ্ঞান হেৰুৱাই পেলাইছিল। সেই অৱস্থাতে ঘৰৰ পৰা উলংগ হৈ আহি চিকিৎসালয়ৰ ভিতৰত ঘূৰি ফুৰিবলৈ ধৰে।

চিকিৎসালয়খনৰ এজন কৰ্মচাৰীয়ে সেই অৱস্থাত চিকিৎসকজনক দেখে। কিন্তু তেতিয়ালৈকে এই খবৰটো সমগ্ৰ চিকিৎসালয়খনতে বিয়পি পৰিছিল। এই ঘটনাৰ পিছত ৰোগীজনৰ আত্মীয়ই চিকিৎসকজনৰ বিৰুদ্ধে আপত্তি কৰিব ধৰে। চিকিৎসকজনক শাস্তি প্ৰদানৰ দাবী জনাইছে। চিকিৎসকগৰাকীৰ ঘটনাক লৈ হুলস্থুল বাঢ়ি অহাৰ লগে লগে চিকিৎসালয় কৰ্তৃপক্ষই বিষয়টোৰ তদন্তৰ আশ্বাস দিয়ে।

জিলা স্বাস্থ্য বিষয়া তথা চিকিৎসক দয়ানন্দ মতিপাভলে কয় যে চিকিৎসালয়ৰ ভিতৰত চিকিৎসকগৰাকীয়ে উলংগ হৈ ঘূৰি ফুৰাৰ অভিযোগ উত্থাপন হৈছে। কৰ্তব্যৰত অৱস্থাত মদ্যপানৰ অভিযোগো উত্থাপন হৈছে। কিন্তু সঠিকভাৱে কি হৈছিল তদন্ত চলি আছে। যদি চিকিৎসকজনক দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই