--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিংৰা, লালমোহন, চিকেন ডিশ্বকে ধৰি এনেকুৱা বহুতো খাদ্য আছে যিবোৰ মানুহৰ প্ৰিয় খাদ্য তালিকাত অন্তৰ্ভুক্ত। এনে বহুতো খাদ্য আছে যিবোৰ ভাৰতীয় নহয় কিন্তু ভাৰতীয় খাদ্য যেন লাগে। এই খাদ্যবোৰ ভাৰতত অতি জনপ্ৰিয় আৰু সকলোৱে খায় ভালপায়।

আহকচোন জানো ৫ বিধ বিদেশী খাদ্যৰ বিষয়ে যি ভাৰতৰ নিজৰ খাদ্যৰ দৰে হৈ পৰিছে।
Kulfi | Traditional Ice Cream From India
১) কুলফি: সাধাৰণতে ভাৰতীয় আইচক্ৰীম নামেৰে জনাজাত কুলফি জনপ্ৰিয় ক্ৰীমযুক্ত ডেজাৰ্ট। ইয়াৰ নামটো পাৰ্চী শব্দ কুলফিৰ পৰা লাভ কৰিছে, যাৰ অৰ্থ হৈছে ঢাকি থোৱা কাপ। কুলফীৰ ইতিহাস যদি চাওঁ, মোগল শাসনৰ সময়ত গাখীৰত শুকান ফল আৰু কেশৰ মিহলাই ধাতুৰ কাপত জমা কৰি ৰখা হৈছিল। তাৰ পিছত ইয়াক ধাতুৰ কাপৰ পৰা উলিয়াই পৰিবেশন কৰা হয় আৰু সেয়েহে ইয়াক কুলফি বুলি কোৱা হয়।

২) চিংৰাঃ ভাৰতীয় মানুহৰ চিংৰা অতিকৈ প্ৰিয়। কিন্তু আপুনি জানেনে যে চিংৰা ভাৰতীয় খাদ্য নহয়। চিংৰা ইৰাণৰ খাদ্য। ইৰাণৰ ব্যৱসায়ীসকলে চিংৰা ভাৰতলৈ লৈ আহিছিল। ভাৰতীয়সকলে চিংৰাক নিজৰ খাদ্য হিচাপে গণ্য কৰে যদিও ই ইৰাণী মূলৰ। তাত চিংৰাক সংভোছাগ নামেৰে জনা যায়।
Lalmohan Recipe| Lalmohan Mishti with powder milk | So Tasty Food - YouTube
৩) লালমোহনঃ আমাৰ মুখত মধুৰতা আনি দিয়া লালমোহনো ভাৰতীয় খাদ্য নহয়। লালমোহন আচলতে পাৰ্চীমূলৰ। লালমোহনক মোগলে ভাৰতলৈ আনিছিল। ভাৰতীয়সকলে ইয়াক ইমান ভালকৈ আদৰি ললে যে বৰ্তমান সময়ত আমাৰ উৎসৱবোৰ ইয়াৰ অবিহনে সম্পূৰ্ণ নহয়।
Bakery-style Soft Eggless Ladi pav (pao) | लादी पाव | Indian savory Buns/  Dinner Rolls - YouTube
৪) পাওঃ মুম্বাইবাসীৰ প্ৰথম পছন্দ হৈছে পাও। মুম্বাই আৰু মহাৰাষ্ট্ৰৰ মানুহৰ এটা পাও অবিহনে দিনটো আৰম্ভ নহয়। আমাৰ জীৱনশৈলীত ই ইমানেই শিপাই গৈছে যে মানুহে ইয়াক ভাৰতীয় খাদ্য বুলিয়ে ভাবে। পাও পৰ্তুগীজসকলে ভাৰতলৈ লৈ আহিছিল। সেই সময়ত তেওঁলোকে ভাৰতলৈ পাও লৈ আহিছিল চেপেটা ব্ৰেডৰ লগত প্ৰতিযোগিতা কৰিবলৈ।

৫) চিকেন টিক্কা মছলাঃ এই কথা শুনি আপুনি নিশ্চয় স্তম্ভিত হ’ব কিন্তু সঁচা। চিকেন টিক্কা মছলা প্ৰথমে আমেৰিকা যুক্তৰাজ্যত এজন ভাৰতীয় চেফে তৈয়াৰ কৰিছিল যদিও ভাৰতীয়সকলৰ মাজত ই ইমানেই জনপ্ৰিয় যে মানুহে ইয়াক নিজৰ বুলি মানি ল’বলৈ আৰম্ভ কৰিছিল। আপুনি আৰু এটা কথা জানি আচৰিত হ’ব যে চিকেন টিক্কা মছলা ইংলেণ্ডৰ জাতীয় খাদ্য।
Kulcha recipe - Garlic Butter Kulcha — Spiceindiaonline
৬) নান: আপুনি আচৰিত হ'লেও, এই কথা সঁচা। ভাৰতৰ প্ৰায় সকলো হোটেল আৰু ৰেষ্টুৰেণ্টতে সৰ্বাধিক খোৱা খাদ্য নান। আচলতে নানৰ মূলত পাৰ্চী আৰু ইৰাণৰ খাদ্য। এই ৰুটী তণ্ডুৰত প্ৰস্তুত কৰা হয়. যিটো ভাৰতীয় নহয় যদিও বেছিভাগ ভাৰতীয়ই খাই ভাল পায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক