--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃৰ ধাৰ পৰিশোধ কৰাটো সন্তানৰ বাবে সম্ভৱপৰ কথা নহয়। তথাপি নিজৰ সামৰ্থ্যৰ ভিত্তিতে নিজৰ পিতৃক এটা বৃক্ক দান কৰি নৱজীৱন দিব বিচাৰিছে আৰজেডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৰ কন্যা ৰোহিনীয়ে। 

ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) পিতৃপুৰুষ লালু যাদৱ সম্প্ৰতি গুৰুতৰ ভাবে অসুস্থ। সম্প্ৰতি তেওঁক উন্নত চিকিৎসাৰ প্ৰয়োজন, প্ৰয়োজন এটা বৃক্কৰ।  সেয়ে পিতৃক নৱজীৱন দিবলৈ আগুৱাই আহিছে লালু প্ৰসাদৰ  ছিংগাপুৰস্থিত কন্যাই ৰোহিনীয়ে।  ৰোহিনীয়ে তেওঁৰ পিতৃক  এটা বৃক্ক দান কৰিব।  পৰিয়ালৰ এগৰাকী  ঘনিষ্ঠ সদস্যই এই কথা প্ৰকাশ কৰিছে।

৭৪ বছৰীয়া যাদৱে যোৱা মাহত ছিংগাপুৰৰ পৰা উভতি আহিছে।  ছিংগাপুৰলৈ  তেওঁ বৃক্কৰ সমস্যাৰ  চিকিৎসাৰ বাবে গৈছিল।

একাধিক স্বাস্থ্য জনিত সমস্যাত ভুগি থকা আৰজেডিৰ  সভাপতিগৰাকীক বৃক্ক সংৰোপণৰ পৰামৰ্শ দিয়া হৈছিল।

ছিংগাপুৰত বাস কৰা  তেওঁৰ জীয়ৰী ৰোহিনী  আচাৰ্যই তেওঁৰ দেউতাকক নৱ জীৱন দিবলৈ আগুৱাই আহিছে। বৰ্তমান দিল্লীত থকা যাদৱ জামিনত মুক্ত হৈ আছে। তেওঁ পশুখাদ্যৰ গোচৰত জড়িত থকাৰ বাবে কাৰাগাৰলৈ যাবলগীয়া হৈছিল। চিকিৎসাৰ বাবে তেওঁক দিল্লী আৰু ৰাঁচীত কেইবাবাৰো চিকিৎসাধীন কৰিবলগীয়া হৈছিল। 

পিতৃৰ বাবে নিজৰ এটা বৃক্ত দান কৰিবলৈ পাই অতি সুখী ৰোহিনী । তেওঁ কয় ’মোৰ দেউতাৰ বাবে এনে কৰিবলৈ পাই মই  গৌৰৱান্বিত" ।

প্ৰথমে  লালুৱে তেওঁৰ কন্যাৰ বৃক্ক ল'ব নিবিচাৰিছিল। কিন্তু  ৰোহিনীয়ে  লালুক বুজাই দিছিল যে যদি পৰিয়ালৰে কোনোৱাই দান কৰা  বৃক্ক তেওঁৰ শৰীৰত সংৰোপণ কৰা হয় তেন্তে সফলতাৰ সম্ভাৱনা কিয় হ’ব।অৱশেষত  পিতৃ লালুৱে তেওঁৰ কন্যাৰ কথাত মান্তি হ’বলগীয়া হৈছে। 

লালুৱে তেওঁৰ কন্যাৰ  তত্বাৱধানত নৱেম্বৰ মাহৰ  শেষৰ ফালে ছিংগাপুৰলৈ উৰা মাৰিব। তাতেই তেওঁ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ কৰাৰ কথা ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু