--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃৰ ধাৰ পৰিশোধ কৰাটো সন্তানৰ বাবে সম্ভৱপৰ কথা নহয়। তথাপি নিজৰ সামৰ্থ্যৰ ভিত্তিতে নিজৰ পিতৃক এটা বৃক্ক দান কৰি নৱজীৱন দিব বিচাৰিছে আৰজেডিৰ মুৰব্বী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৰ কন্যা ৰোহিনীয়ে। 

ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) পিতৃপুৰুষ লালু যাদৱ সম্প্ৰতি গুৰুতৰ ভাবে অসুস্থ। সম্প্ৰতি তেওঁক উন্নত চিকিৎসাৰ প্ৰয়োজন, প্ৰয়োজন এটা বৃক্কৰ।  সেয়ে পিতৃক নৱজীৱন দিবলৈ আগুৱাই আহিছে লালু প্ৰসাদৰ  ছিংগাপুৰস্থিত কন্যাই ৰোহিনীয়ে।  ৰোহিনীয়ে তেওঁৰ পিতৃক  এটা বৃক্ক দান কৰিব।  পৰিয়ালৰ এগৰাকী  ঘনিষ্ঠ সদস্যই এই কথা প্ৰকাশ কৰিছে।

৭৪ বছৰীয়া যাদৱে যোৱা মাহত ছিংগাপুৰৰ পৰা উভতি আহিছে।  ছিংগাপুৰলৈ  তেওঁ বৃক্কৰ সমস্যাৰ  চিকিৎসাৰ বাবে গৈছিল।

একাধিক স্বাস্থ্য জনিত সমস্যাত ভুগি থকা আৰজেডিৰ  সভাপতিগৰাকীক বৃক্ক সংৰোপণৰ পৰামৰ্শ দিয়া হৈছিল।

ছিংগাপুৰত বাস কৰা  তেওঁৰ জীয়ৰী ৰোহিনী  আচাৰ্যই তেওঁৰ দেউতাকক নৱ জীৱন দিবলৈ আগুৱাই আহিছে। বৰ্তমান দিল্লীত থকা যাদৱ জামিনত মুক্ত হৈ আছে। তেওঁ পশুখাদ্যৰ গোচৰত জড়িত থকাৰ বাবে কাৰাগাৰলৈ যাবলগীয়া হৈছিল। চিকিৎসাৰ বাবে তেওঁক দিল্লী আৰু ৰাঁচীত কেইবাবাৰো চিকিৎসাধীন কৰিবলগীয়া হৈছিল। 

পিতৃৰ বাবে নিজৰ এটা বৃক্ত দান কৰিবলৈ পাই অতি সুখী ৰোহিনী । তেওঁ কয় ’মোৰ দেউতাৰ বাবে এনে কৰিবলৈ পাই মই  গৌৰৱান্বিত" ।

প্ৰথমে  লালুৱে তেওঁৰ কন্যাৰ বৃক্ক ল'ব নিবিচাৰিছিল। কিন্তু  ৰোহিনীয়ে  লালুক বুজাই দিছিল যে যদি পৰিয়ালৰে কোনোৱাই দান কৰা  বৃক্ক তেওঁৰ শৰীৰত সংৰোপণ কৰা হয় তেন্তে সফলতাৰ সম্ভাৱনা কিয় হ’ব।অৱশেষত  পিতৃ লালুৱে তেওঁৰ কন্যাৰ কথাত মান্তি হ’বলগীয়া হৈছে। 

লালুৱে তেওঁৰ কন্যাৰ  তত্বাৱধানত নৱেম্বৰ মাহৰ  শেষৰ ফালে ছিংগাপুৰলৈ উৰা মাৰিব। তাতেই তেওঁ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ কৰাৰ কথা ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক