--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি তেওঁৰ জন্মদিনত অনুৰাগীসকলে তেওঁক শুভেচ্ছাৰে উপচাই পেলাইছে।

ডিজিটেল ডেস্কঃ দাক্ষিণাত্যৰ চলচ্চিত্ৰ জগতৰ অন্যতম প্ৰতিভাশালী আৰু মোহময়ী অভিনেত্ৰী ছাই পল্লৱীৰ আজি জন্মদিন। কোনো ধৰণৰ গ্লেমাৰ বা কৃতিম মেকআপৰ আশ্ৰয় নোলোৱাকৈ কেৱল শক্তিশালী অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰা এইগৰাকী অভিনেত্ৰীৰ জীৱন যাত্ৰা যিকোনো নৱাগতৰ বাবে এক আদৰ্শস্বৰূপ।


তামিলনাডুৰ কইম্বাটুৰত জন্মগ্ৰহণ কৰা ছাই পল্লৱী প্ৰকৃততে এগৰাকী উচ্চশিক্ষিত চিকিৎসক। তেওঁ জৰ্জিয়াৰ পৰা তেওঁৰ MBBS ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। অৱশ্যে, সৰুৰে পৰা নৃত্য আৰু অভিনয়ৰ প্ৰতি থকা তীব্ৰ ইচ্ছাৰ বাবে তেওঁ চিকিৎসা পেছাৰ বিপৰীতে ৰূপালী পৰ্দাকহে নিজৰ কৰ্মক্ষেত্ৰ হিচাপে বাছি লয়।


আজিৰ তাৰিখত দক্ষিণ ভাৰতীয় ছবিৰ বাবে অপৰিহাৰ্য হৈ পৰা ছাই পল্লৱীয়ে এদিন এজন জুনিয়ৰ আৰ্টিষ্ট হিচাপেহে কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৫ চনত 'কস্তুৰী মান' আৰু ২০০৮ চনত কংগনা ৰাণাৱটৰ ছবি 'ধাম ধুম'ত তেওঁক অতি সামান্য চৰিত্ৰত দেখা গৈছিল। সেই সময়ত কোনেও কল্পনা কৰা নাছিল যে ভিৰৰ মাজত থকা এইগৰাকী ছোৱালীয়েই এদিন দক্ষিণৰ চিনেমা জগতত ৰাজত্ব কৰিব।


২০১৫ চনত মুক্তি পোৱা মালায়ালম ছবি 'প্ৰেমম' (Premam) আছিল তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট। এই ছবিখনত 'মালাৰ মিছ'ৰ চৰিত্ৰত মেকআপ বিহীনভাৱে অভিনয় কৰি তেওঁ সমগ্ৰ ভাৰততে চৰ্চা লাভ কৰিছিল। তেওঁৰ সৰলতা আৰু স্বাভাৱিক অভিনয়ে তেওঁক নিশাৰ ভিতৰতে এগৰাকী তাৰকাত পৰিণত কৰে।


ছাই পল্লৱী কেৱল এজনী অভিনেত্ৰীয়েই নহয়, তেওঁ এগৰাকী নীতিবাদী মানুহো। এবাৰ এটা ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপনে তেওঁক ২ কোটি টকাৰ অফাৰ দিছিল। কিন্তু ছালৰ বৰণক লৈ মানুহৰ মাজত হীনমন্যতা সৃষ্টি কৰিব বিচৰা এনে বিজ্ঞাপনৰ অংশ হ’বলৈ তেওঁ স্পষ্টকৈ অস্বীকাৰ কৰে। তেওঁৰ মতে, প্ৰাকৃতিক ৰূপেই হ’ল আচল সৌন্দৰ্য।


ছাই পল্লৱীৰ এই যাত্ৰাই প্ৰমাণ কৰে যে ছবি জগতত তিষ্ঠি থাকিবলৈ কেৱল সুন্দৰ চেহেৰাৰ প্ৰয়োজন নাই, বৰঞ্চ প্ৰতিভা, আত্মবিশ্বাস আৰু নিজৰ কামৰ প্ৰতি থকা সততাহে আচল মূলধন। আজি তেওঁৰ জন্মদিনত অনুৰাগীসকলে তেওঁক শুভেচ্ছাৰে উপচাই পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান