--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি তেওঁৰ জন্মদিনত অনুৰাগীসকলে তেওঁক শুভেচ্ছাৰে উপচাই পেলাইছে।

ডিজিটেল ডেস্কঃ দাক্ষিণাত্যৰ চলচ্চিত্ৰ জগতৰ অন্যতম প্ৰতিভাশালী আৰু মোহময়ী অভিনেত্ৰী ছাই পল্লৱীৰ আজি জন্মদিন। কোনো ধৰণৰ গ্লেমাৰ বা কৃতিম মেকআপৰ আশ্ৰয় নোলোৱাকৈ কেৱল শক্তিশালী অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰা এইগৰাকী অভিনেত্ৰীৰ জীৱন যাত্ৰা যিকোনো নৱাগতৰ বাবে এক আদৰ্শস্বৰূপ।


তামিলনাডুৰ কইম্বাটুৰত জন্মগ্ৰহণ কৰা ছাই পল্লৱী প্ৰকৃততে এগৰাকী উচ্চশিক্ষিত চিকিৎসক। তেওঁ জৰ্জিয়াৰ পৰা তেওঁৰ MBBS ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। অৱশ্যে, সৰুৰে পৰা নৃত্য আৰু অভিনয়ৰ প্ৰতি থকা তীব্ৰ ইচ্ছাৰ বাবে তেওঁ চিকিৎসা পেছাৰ বিপৰীতে ৰূপালী পৰ্দাকহে নিজৰ কৰ্মক্ষেত্ৰ হিচাপে বাছি লয়।


আজিৰ তাৰিখত দক্ষিণ ভাৰতীয় ছবিৰ বাবে অপৰিহাৰ্য হৈ পৰা ছাই পল্লৱীয়ে এদিন এজন জুনিয়ৰ আৰ্টিষ্ট হিচাপেহে কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০০৫ চনত 'কস্তুৰী মান' আৰু ২০০৮ চনত কংগনা ৰাণাৱটৰ ছবি 'ধাম ধুম'ত তেওঁক অতি সামান্য চৰিত্ৰত দেখা গৈছিল। সেই সময়ত কোনেও কল্পনা কৰা নাছিল যে ভিৰৰ মাজত থকা এইগৰাকী ছোৱালীয়েই এদিন দক্ষিণৰ চিনেমা জগতত ৰাজত্ব কৰিব।


২০১৫ চনত মুক্তি পোৱা মালায়ালম ছবি 'প্ৰেমম' (Premam) আছিল তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্ণিং পইণ্ট। এই ছবিখনত 'মালাৰ মিছ'ৰ চৰিত্ৰত মেকআপ বিহীনভাৱে অভিনয় কৰি তেওঁ সমগ্ৰ ভাৰততে চৰ্চা লাভ কৰিছিল। তেওঁৰ সৰলতা আৰু স্বাভাৱিক অভিনয়ে তেওঁক নিশাৰ ভিতৰতে এগৰাকী তাৰকাত পৰিণত কৰে।


ছাই পল্লৱী কেৱল এজনী অভিনেত্ৰীয়েই নহয়, তেওঁ এগৰাকী নীতিবাদী মানুহো। এবাৰ এটা ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপনে তেওঁক ২ কোটি টকাৰ অফাৰ দিছিল। কিন্তু ছালৰ বৰণক লৈ মানুহৰ মাজত হীনমন্যতা সৃষ্টি কৰিব বিচৰা এনে বিজ্ঞাপনৰ অংশ হ’বলৈ তেওঁ স্পষ্টকৈ অস্বীকাৰ কৰে। তেওঁৰ মতে, প্ৰাকৃতিক ৰূপেই হ’ল আচল সৌন্দৰ্য।


ছাই পল্লৱীৰ এই যাত্ৰাই প্ৰমাণ কৰে যে ছবি জগতত তিষ্ঠি থাকিবলৈ কেৱল সুন্দৰ চেহেৰাৰ প্ৰয়োজন নাই, বৰঞ্চ প্ৰতিভা, আত্মবিশ্বাস আৰু নিজৰ কামৰ প্ৰতি থকা সততাহে আচল মূলধন। আজি তেওঁৰ জন্মদিনত অনুৰাগীসকলে তেওঁক শুভেচ্ছাৰে উপচাই পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু