--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চিৰতৰুণ এজন অভিনেতা৷ পুনৰ সাজু হৈছে নতুন চিনেমাৰ বাবে৷ ৰজনীকান্ত৷ যাৰ অভিনয় আৰু কলাত্মক চিন্তাত মন্ত্ৰমুগ্ধ নহৈ নোৱাৰে তেওঁৰ অনুৰাগী৷ পিছে আপুনি জানেনে জনাদৃত অভিনেতা ৰজনীকান্তে কিমান লয় পাৰিশ্ৰমিক?

সম্প্ৰতি অনুৰাগীসকলে ৰজনীকান্তৰ নতুন চিনেমাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেওঁৰ যিকোনো চিনেমা মুক্তিৰ পূৰ্বেই চিনেমাজগতত সৃষ্টি হয় মৃদু গুঞ্জন। আহি আছে ৰজনীকান্ত জড়িত থকা নতুন চিনেমা ‘লাল চালাম’৷ মুক্তি পাইছে টীজাৰ৷ 

ৰজনীকান্তক লাল চালামত এটা কেমিঅ’ কৰা দেখা যাব। চিনেমাখন ৰজনীকান্তৰ জীয়ৰী ঐশ্বৰ্যই পৰিচালনা কৰিছে। খবৰ অনুসৰি, ৰজনীকান্তে এই চিনেমাখনত এটা কেমিঅ’ কৰিবলৈ লৈছে বৃহৎ মাচুল। 

একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি, লাল চালামত ৰজনীকান্তৰ ভূমিকা আছে ৩০ৰ পৰা ৪০ মিনিট সময়৷

ৰজনীকান্তে চিনেমাখনত অভিনয় কৰা নাই কিন্তু তেওঁ ছবিখনৰ সংলাপত সহায় কৰিছিল৷
tracktollywood.com নামৰ ৱেবছাইটটোত প্ৰকাশিত তথ্য অনুসৰি, ৰজনীকান্তৰ চিনেমাখনত ৩০-৪০ মিনিটৰ বাবে এটা কেমিঅ’ আছে। যাৰ বাবে তেওঁ ১ মিনিটৰ বাবে ১ কোটি টকা পাৰিশ্ৰমিক লৈছে। যাৰ অৰ্থ হৈছে তেওঁ প্ৰায় ৪০ কোটি টকা মাচুল লৈছে চিনেমাখনৰ পৰা। অৱশ্যে, চৰ্চা চলা এই খবৰৰ সত্যাসত্য সম্পৰ্কত কোনো মন্তব্য কৰা নাই যশস্বী অভিনেতাগৰাকীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য