--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ‘কিং অৱ ৰোমাঞ্চ’ শ্বাহৰুখ খান আৰু প্ৰিয়ংকা চোপ্ৰা জোনাছৰ বিচ্ছিন্ন সম্পৰ্কক লৈ এসময়ত বলিউড উত্তপ্ত হৈ পৰিছিল। পুৰণি এটা ভিডিঅ’ই শ্বাহৰুখ আৰু প্ৰিয়ংকাৰ সম্পৰ্কক লৈ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে।

২০০৯ চনত সংবাদ সংস্থাৰ আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত প্ৰিয়ংকাই মনোৰঞ্জন শাখাত বঁটা লাভ কৰিছিল। কিন্তু সেই অনুষ্ঠানত তেওঁ শাৰীৰিকভাৱে উপস্থিত নাছিল। ভিডিঅ’ কলৰ জৰিয়তে তেওঁক দেখা গ’ল। এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে কৰ্ণ জোহৰৰ লগতে বলীউডৰ বহু বিখ্যাত তাৰকা। আলহী আসনত শ্বাহৰুখকো দেখা যায়।

ভিডিঅ’ কলৰ জৰিয়তে প্ৰিয়ংকা উপস্থিত হোৱাৰ কিছু মুহূৰ্তৰ পিছতে শ্বাহৰুখে অতিথি আসনৰ পৰাই অভিনেত্ৰীগৰাকীৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰে। তাৰকাৰে ভৰা অনুষ্ঠানটোত শ্বাহৰুখে হাতত মাইক্ৰ’ফোনটো লৈ প্ৰিয়ংকাক সম্বোধন কৰি কয় যে, “আপুনি কিমান ভালকৈ গান গায় সেয়া অতি কমেইহে জানে। আজি মই তোমাক গীতেৰে এটা কথা ক'ম যাৰ উত্তৰ গীতেৰেই দিব লাগিব।’’

ভাষণ শেষ কৰাৰ পাছত শ্বাহৰুখে এটি ইংৰাজী গীত গাইছিল। অভিনেতাজনে ‘দ্য বিটলছ’ ৰক বেণ্ডৰ 'লেট ইট বি’ গীতটি গাবলৈ আৰম্ভ কৰে। কিন্তু গানটোৰ প্ৰথম দুটা কোলি গোৱাৰ পাছত শ্বাহৰুখে হঠাৎ গীতটোৰ কথা সলনি কৰি দিলে। ‘let it be’ৰ সলনি অভিনেতাজনে ‘মেৰি মি’ শব্দ দুটা সেই ঠাইত ৰাখিলে। তেওঁ প্ৰিয়ংকাৰ ফালে চাই সুৰত বাৰে বাৰে ‘মেৰী মি’ (‘মেৰী মি’) বুলি কৈছিল।

শ্বাহৰুখে গীতটোৰ জৰিয়তে প্ৰিয়ংকাক বিয়াৰ প্ৰস্তাৱ দিছিল? অভিনেতাজনৰ এই আচৰণ দেখি প্ৰিয়ংকা আচৰিত হৈ পৰিল। মুখখনত এটা হাঁহি বিৰিঙি উঠিল। শ্বাহৰুখে প্ৰিয়ংকাক গান গাই উত্তৰ দিবলৈ অনুৰোধ কৰিলে। অভিনেত্ৰীগৰাকীৰ মুখত অপ্ৰস্তুত ভাব এটা দেখা গ’ল। এগৰাকী হাঁহিমুখীয়া প্ৰিয়ংকাই ক'লে, "এই কথাৰ উত্তৰ গানৰ জৰিয়তে, যিকোনো শব্দ ব্যৱহাৰ কৰি কিয় দিব নোৱাৰি।"

প্ৰিয়ংকাৰ উত্তৰ শুনাৰ পিছত শ্বাহৰুখে উত্তৰ দিলে, "তেন্তে দুষ্ট ওঁঠৰ ভংগীমাৰেও উত্তৰ দিব পাৰিবা।" এইদৰে কৈ সি চুমা এটাৰে প্ৰিয়ংকাৰ ফালে ইংগিত দিলে। কিন্তু কথা-বতৰা শেষ কৰে শ্বাহৰুখেই। প্ৰিয়ংকাৰ উত্তৰলৈ অপেক্ষা নকৰাকৈয়ে শ্বাহৰুখে হঠাতে ক'লে, "ইয়াতকৈ বেছি প্ৰিয়ংকাক লজ্জিত কৰাটো উচিত নহয়।" এই কথা কৈ অভিনেতাজনে কথা-বতৰাৰ অন্ত পেলায়।

এই অনুষ্ঠানৰ কেইবছৰমানৰ ভিতৰতে প্ৰিয়ংকা বলীউডৰ পৰা হলিউডলৈ যায়। একাংশৰ মতে, অভিনেত্ৰীগৰাকীয়ে কেৰিয়াৰ গঢ়িবলৈ হলিউডলৈ গৈছিল। কিন্তু ইয়াৰ আঁৰত আৰু এটা কাৰণ আছিল। গুজৱ আছে শ্বাহৰুখে ২০০৬ চনত মুক্তি পোৱা ‘ডন’ ছবিৰ শ্বুটিংৰ সময়ত সহ অভিনেতা প্ৰিয়ংকাৰ সৈতে ঘনিষ্ঠ বন্ধুত্ব গঢ়ি তুলিছিল। তাৰকা দুগৰাকীৰ সম্পৰ্কতো জড়িত হৈ পৰে। তাৰপাছৰখিনি ইতিহাস।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক