--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চজিনাৰ কোমল পাত শাক হিচাপে হিচাপে খোৱা হয়। ই বিশেষকৈ বসন্ত কালত খালে বসন্ত ৰোগৰ পৰা হাত সাৰিব পাৰি বুলি বিশ্বাস কৰা হয়। তদুপৰি পানীলগা, জ্বৰ-কাহ, যকৃৎজনিত ৰোগ আৰু কৃমি ৰোগত ইয়াৰ ব্যৱহাৰে সুফল প্ৰদান কৰে। অতীজৰে পৰা আমি বতৰ পৰিৱৰ্তিত সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে চজিনা খাই আহিছো। চজিনাত যথেষ্ট পৰিমাণে এন্টিঅক্সিডেন্ট, এন্টি-পক্স আৰু এন্টি-ইনফ্লেমেটৰী যৌগসমূহ থকাৰ বাবে চিকিৎসকে অধিক পৰিমাণে খোৱাৰ পৰামৰ্শ দিয়ে।

চজিনাৰ শিপাৰ ২৫ গ্ৰাম ৰস সমপৰিমাণৰ মৌৰ লগত মিহলি কৰি খালে শৰীৰৰ ভিতৰত হোৱা ফোঁহা পৰা সোনকালে উপশম পাব পাৰি। কোনো আঘাতৰ ফলত শৰীৰৰ কোনো ঠাই ফুলি উঠি বিষ হ’লে চজিনাৰ পাত পিহি অকণমান গৰম কৰি লেপন দিলে আৰাম পোৱা যায়। উশাহ-নিশাহৰ সমস্যা হ’লে যেনে-ব্ৰংকাইটিছ, এজমা, যক্ষ্মা আদি ৰোগৰ বাবে চজিনা অতি উপকাৰী।

 চজিনাই কি কি উপকাৰ কৰে?

১. তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰেঃ-উচ্চ গ্লাইচেমিক খাদ্য পৰিহাৰ কৰি নিয়মিতভাৱে চজিনাই ডায়েবেটিছ ৰোগীৰ তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।

২. হজম শক্তিত সহায় কৰেঃ-চজিনাত এনে গুৰুত্বপূৰ্ণ যৌগ যেনে-নিয়াচিন, ৰাইবোফ্লেভিন আৰু ভিটামিন-বি১২ থাকে। শৰীৰত এই যৌগবোৰৰ অভাৱৰ পূৰণ কৰিব পাৰি। ইয়াৰ উপৰি যদি গেষ্ট্ৰিক সমস্যাৰ পৰা পৰিত্ৰাণ দিয়ে।

৩. শ্বাস-প্ৰশ্বাসতন্ত্ৰ ভালে ৰাখেঃ-প্ৰদূষণৰ মাত্ৰা বৃদ্ধিয়ে হাওঁফাওঁত চৰ্দি আৰু কাহ, বিভিন্ন সংক্ৰামক ৰোগৰ সম্ভাৱনা বাঢ়ি যায়। নিয়মিতভাৱে চজিনা সেৱনে এই সমস্যা বহু পৰিমাণে হ্ৰাস কৰে।

৪. হাড়ৰ মজবুত কৰেঃ-বয়সৰ লগে লগে হাড়ৰ শক্তি কমি যোৱাটো স্বাভাৱিক। বাহিৰৰ পৰা কেলছিয়ামৰ ঔষধ খোৱাৰ পৰিৱৰ্তে চজিনাই এই সমস্যা সমাধান দিয়ে কাৰণ ইয়াত উচ্চ মাত্ৰাত কেলচিয়াম থাকে, যিয়ে হাড়ৰ ক্ষয় ৰোধ কৰাত সহায় কৰে।

৫. বৃক্ক সুস্থ ৰাখেঃ-বৃক্ক বা মূত্ৰাশয়ত পাথৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে। এন্টি অক্সিডেন্টৰে সমৃদ্ধ ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement