--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চজিনাৰ কোমল পাত শাক হিচাপে হিচাপে খোৱা হয়। ই বিশেষকৈ বসন্ত কালত খালে বসন্ত ৰোগৰ পৰা হাত সাৰিব পাৰি বুলি বিশ্বাস কৰা হয়। তদুপৰি পানীলগা, জ্বৰ-কাহ, যকৃৎজনিত ৰোগ আৰু কৃমি ৰোগত ইয়াৰ ব্যৱহাৰে সুফল প্ৰদান কৰে। অতীজৰে পৰা আমি বতৰ পৰিৱৰ্তিত সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে চজিনা খাই আহিছো। চজিনাত যথেষ্ট পৰিমাণে এন্টিঅক্সিডেন্ট, এন্টি-পক্স আৰু এন্টি-ইনফ্লেমেটৰী যৌগসমূহ থকাৰ বাবে চিকিৎসকে অধিক পৰিমাণে খোৱাৰ পৰামৰ্শ দিয়ে।

চজিনাৰ শিপাৰ ২৫ গ্ৰাম ৰস সমপৰিমাণৰ মৌৰ লগত মিহলি কৰি খালে শৰীৰৰ ভিতৰত হোৱা ফোঁহা পৰা সোনকালে উপশম পাব পাৰি। কোনো আঘাতৰ ফলত শৰীৰৰ কোনো ঠাই ফুলি উঠি বিষ হ’লে চজিনাৰ পাত পিহি অকণমান গৰম কৰি লেপন দিলে আৰাম পোৱা যায়। উশাহ-নিশাহৰ সমস্যা হ’লে যেনে-ব্ৰংকাইটিছ, এজমা, যক্ষ্মা আদি ৰোগৰ বাবে চজিনা অতি উপকাৰী।

 চজিনাই কি কি উপকাৰ কৰে?

১. তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰেঃ-উচ্চ গ্লাইচেমিক খাদ্য পৰিহাৰ কৰি নিয়মিতভাৱে চজিনাই ডায়েবেটিছ ৰোগীৰ তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।

২. হজম শক্তিত সহায় কৰেঃ-চজিনাত এনে গুৰুত্বপূৰ্ণ যৌগ যেনে-নিয়াচিন, ৰাইবোফ্লেভিন আৰু ভিটামিন-বি১২ থাকে। শৰীৰত এই যৌগবোৰৰ অভাৱৰ পূৰণ কৰিব পাৰি। ইয়াৰ উপৰি যদি গেষ্ট্ৰিক সমস্যাৰ পৰা পৰিত্ৰাণ দিয়ে।

৩. শ্বাস-প্ৰশ্বাসতন্ত্ৰ ভালে ৰাখেঃ-প্ৰদূষণৰ মাত্ৰা বৃদ্ধিয়ে হাওঁফাওঁত চৰ্দি আৰু কাহ, বিভিন্ন সংক্ৰামক ৰোগৰ সম্ভাৱনা বাঢ়ি যায়। নিয়মিতভাৱে চজিনা সেৱনে এই সমস্যা বহু পৰিমাণে হ্ৰাস কৰে।

৪. হাড়ৰ মজবুত কৰেঃ-বয়সৰ লগে লগে হাড়ৰ শক্তি কমি যোৱাটো স্বাভাৱিক। বাহিৰৰ পৰা কেলছিয়ামৰ ঔষধ খোৱাৰ পৰিৱৰ্তে চজিনাই এই সমস্যা সমাধান দিয়ে কাৰণ ইয়াত উচ্চ মাত্ৰাত কেলচিয়াম থাকে, যিয়ে হাড়ৰ ক্ষয় ৰোধ কৰাত সহায় কৰে।

৫. বৃক্ক সুস্থ ৰাখেঃ-বৃক্ক বা মূত্ৰাশয়ত পাথৰ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে। এন্টি অক্সিডেন্টৰে সমৃদ্ধ ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু