--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ মানুহে বহু ধৰণৰ বস্তু সেৱন কৰে, আনহাতে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। বহুতে কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে বিভিন্ন ঔষধ সেৱন কৰিবলৈ আৰম্ভ কৰে। কিন্তু এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ অৱনতিও হ’ব পাৰে। এই ক্ষেত্ৰত আপুনি খাদ্য তালিকাত কিছু পানীয় অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াত জনাম কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ কোনবোৰ পানীয় খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে...

পানীয় বনোৱাৰ উপকৰণ

এক চামুচ মেথি গুটি, ৩ টুকুৰা ডালচেনি, এক চামুচ কুটি লোৱা আদা, ষ্টাৰ এনাইজ, এচামুচ লিনচিড গুটি।

পানীয় বনোৱাৰ পদ্ধতি-
এই পানীয় বনাবলৈ এগিলাচ পানী গৰম কৰক। এতিয়া এই পানীত মেথি গুটি, দালচেনিৰ টুকুৰা, আদা, ষ্টাৰ এনাইজ, আৰু এচামুচ ফ্লেক্স দি পানীখিনি ৪ মিনিট উতলাওক। পানীখিনি উতলাৰ পাছত ফিল্টাৰ কৰি তাত নেমুৰ ৰস এচামুচ মিহলাই খাব।

এই পানীয় খোৱাৰ উপকাৰিতা-

১-এই পানীয় সেৱন কৰিলে শৰীৰৰ পৰা বেয়া কলেষ্টেৰল কমি যায় আৰু শৰীৰ সুস্থ কৰি ৰাখে।
২-এই পানীয় খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু হৃদযন্ত্ৰও সুস্থ হৈ থাকে।
এই পানীয়ত এণ্টিফাংগেল, এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি বেক্টেৰিয়েল গুণ পোৱা যায়।
৪- এই পানীয়ত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায় যিয়ে পাচনতন্ত্ৰ মজবুত কৰাত সহায় কৰে।

এই পানীয় এইদৰে পান কৰক-

এই পানীয় দিনটোৰ যিকোনো সময়তে পান কৰিব পাৰে। কিন্তু মনত ৰাখিব যে এই পানীয় কেতিয়াও খালী পেটত নাখাব। আনহাতে, যদি আপোনাৰ এলাৰ্জী বা আন কোনো ৰোগ আছে, তেন্তে লগতে আপুনি এই পানীয় খোৱাৰ পৰা বিৰত থাকিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক