--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ডত এইবাৰ যাদু নচলিল চম্পাই ছোৰেনৰ৷ জেএমএমৰ বিৰুদ্ধে বিদ্ৰোহ কৰি নির্বাচনৰ ঠিক পূর্বে বিজেপিত যোগদান কৰা প্রাক্তন মুখ্যমন্ত্রী চম্পাই সোৰেনৰ চেৰাইকেলাৰ আসনৰ পৰা জয়লাভ কৰে যদিও লাকলহানত তেওঁৰ প্ৰভাৱ দেখা নগ’ল। ঘাটচিলা, পোটকা, জগন্নাথপুৰৰ দৰে গুৰুত্বপূৰ্ণ সমষ্টিকে ধৰি অঞ্চলটোৰ ১৪খন আসনৰ ভিতৰত ১১খন আসন হেৰুৱাই এন ডি এয়ে৷ আনহাতে জেএমএমে ১০খন আসন আৰু কংগ্ৰেছে ১খন আসন লাভ কৰিবলৈ সক্ষম হয়।

নিৰ্বাচনত এন ডি এৰ পৰাজয়ৰ পিছত এক্সত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চম্পাই ছোৰেনে।
তেওঁ লিখিছে, ‘জোহৰ বন্ধুসকল, আগতে কোৱাৰ দৰে ঝাৰখণ্ডত নিত্য বৃদ্ধি পোৱা বাংলাদেশীৰ অনুপ্ৰৱেশৰ বিৰুদ্ধে আমাৰ আন্দোলন কোনো ৰাজনৈতিক বা নিৰ্বাচনী বিষয় নহয়, সামাজিক প্ৰচাৰহে।  স্পষ্টভাৱে বিশ্বাস কৰোঁ যে অনুপ্ৰৱেশকাৰীয়ে বীৰৰ এই ভূমিত কোনো ধৰণৰ সুৰক্ষা লাভ কৰা উচিত নহয়। আজি পাকুৰ, চাহিবগঞ্জকে ধৰি বহু জিলাত জনজাতি জনগোষ্ঠী সংখ্যালঘু হৈ পৰিছে।

চম্পাই ছোৰেনে আৰু লিখিছে, ‘নিৰ্বাচনী অস্থিৰতাৰ পিছত বীৰ ছিডো-কানহু, চান্দ-ভৈৰৱ আৰু সাহসী মহিলা ফুলো-ঝানোক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত অতি সোনকালে আমি আমাৰ প্ৰচাৰৰ পৰৱৰ্তী পৰ্যায়ৰ সাহসী ভূমিত আৰম্ভ কৰিম সন্থাল পৰগনাত। আৰু কয় যে চৰকাৰ আহিব আৰু যাব, দল গঠন হ’ব আৰু পতন হ’ব, কিন্তু সমাজখন থাকিব লাগিব, আমাৰ জনজাতীয়তাবাদ জীয়াই থাকিব লাগিব, নহ’লে একোৱেই নাথাকিব বুলি উল্লেখ কৰে৷ জয় আদিবাসী! জয় ঝাৰখণ্ড!' বুলি উল্লেখ কৰে

উল্লেখযোগ্য যে ঝাৰখণ্ডত এন ডি এৰ প্ৰচাৰ অভিযানত অনুপ্ৰৱেশকাৰীয়ে ৰাজ্যৰ জনগাঁথনি সলনি কৰা আৰু জনজাতীয় ভূমি আৰু চাকৰি দখল কৰা আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰচাৰ চলাইছিল। ইয়াৰ পিছতো অনুসূচিত জনজাতিসকলৰ বাবে সংৰক্ষিত আসনসমূহৰ ওপৰত ইণ্ডিয়া মিত্ৰজোঁটে বিপুল সমৰ্থন লাভ কৰে। জেএমএমৰ প্ৰাক্তন নেতা চম্পাই ছোৰেনক দলত অন্তৰ্ভুক্ত কৰাৰ পিছত জনজাতীয় আসন জয় কৰাৰ বাবে বিজেপিয়ে তেওঁৰ ওপৰত আশা কৰিছিল যদিও বেজেপিৰ আশাত চেচাপানী পৰিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement