--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনত পুনৰবাৰ শাসকীয় মিত্ৰজোঁটে জয়লাভ কৰিছে। একে সময়তে বিজেপি দলৰ এই হাৰত হতাশা প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত ক্ষমতা অক্ষুণ্ণ ৰখা ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বাধীন মিত্ৰজোঁটক কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি ঝাৰখণ্ডৰ পৰা উভতাই পঠিয়াই সাংবিধানিক কৰ্তব্য পালন কৰিবলৈ শাসকীয় দলসমূহক আবেদন জনাইছে হিমন্ত বিশ্ব শৰ্মাই।

নৱনিৰ্বাচিত দলীয় বিধায়কসকলক বিধানসভাত অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰিবলৈ আহ্বান জনাইছে৷ তেওঁ কয় যে, অবৈধ অনুপ্ৰৱেশকাৰীসকল ৰাজ্যখনৰ বাবে এক ভয়াৱহ ভাবুকি। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনী প্ৰচাৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে অনুপ্ৰৱেশৰ বিষয়টো লৈ সৰৱ হৈ পৰা দেখা গৈছিল। ৰাজ্যখনত মূল বিৰোধী দলৰ ভূমিকা পালন কৰা বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত এই বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। 

২৩ নৱেম্বৰ নিৰ্বাচনৰ ফলাফল উলোৱাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজ নিশা ফেচবুক লাইভত কয় যে, ‘আগন্তুক দিনত অনুপ্ৰৱেশৰ সমস্যাই ঝাৰখণ্ডৰ যথেষ্ট ক্ষতি কৰিব বুলি তেওঁ এতিয়াও বিশ্বাস কৰে। এইখন আপোনালোকৰ চৰকাৰ আৰু আপোনালোকক আহ্বান জনাইছো যে এই অনুপ্ৰৱেশকাৰীসকলক ঘূৰাই পঠিয়াওক অন্য নহ’লেও অন্ততঃ অনুপ্ৰৱেশকাৰী চিনাক্ত কৰক। এয়া আপোনাৰ সাংবিধানিক কৰ্তব্য।’

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, ‘মই নিশ্চিত যে ঝাৰখণ্ড চৰকাৰে এই দায়িত্ব পালন কৰিব।’ একে সময়তে নৱনিৰ্বাচিত বিজেপি বিধায়কসকলকো বিধানসভাত অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰিবলৈ আহ্বান জনায়।
 
উল্লেখনীয় যে হেমন্ত ছোৰেনৰ জেএমএম নেতৃত্বাধীন মিত্ৰজোঁটে ঝাৰখণ্ডত বিধানসভাৰ ৮১ আসনৰ ৫৬খন আসন লাভ কৰি শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাই একেৰাহে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহে। ইয়াৰ পৰিৱৰ্তে বিজেপি নেতৃত্বাধীন নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সে মাত্ৰ ২২খন আসনহে লাভ কৰিবলৈ সক্ষম হয় আৰু অন্যান্য দলে ৪ খন আসন লাভ কৰিবলৈ সক্ষম হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ