--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনত পুনৰবাৰ শাসকীয় মিত্ৰজোঁটে জয়লাভ কৰিছে। একে সময়তে বিজেপি দলৰ এই হাৰত হতাশা প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত ক্ষমতা অক্ষুণ্ণ ৰখা ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বাধীন মিত্ৰজোঁটক কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি ঝাৰখণ্ডৰ পৰা উভতাই পঠিয়াই সাংবিধানিক কৰ্তব্য পালন কৰিবলৈ শাসকীয় দলসমূহক আবেদন জনাইছে হিমন্ত বিশ্ব শৰ্মাই।

নৱনিৰ্বাচিত দলীয় বিধায়কসকলক বিধানসভাত অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰিবলৈ আহ্বান জনাইছে৷ তেওঁ কয় যে, অবৈধ অনুপ্ৰৱেশকাৰীসকল ৰাজ্যখনৰ বাবে এক ভয়াৱহ ভাবুকি। ঝাৰখণ্ড বিধানসভা নিৰ্বাচনী প্ৰচাৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে অনুপ্ৰৱেশৰ বিষয়টো লৈ সৰৱ হৈ পৰা দেখা গৈছিল। ৰাজ্যখনত মূল বিৰোধী দলৰ ভূমিকা পালন কৰা বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত এই বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। 

২৩ নৱেম্বৰ নিৰ্বাচনৰ ফলাফল উলোৱাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজ নিশা ফেচবুক লাইভত কয় যে, ‘আগন্তুক দিনত অনুপ্ৰৱেশৰ সমস্যাই ঝাৰখণ্ডৰ যথেষ্ট ক্ষতি কৰিব বুলি তেওঁ এতিয়াও বিশ্বাস কৰে। এইখন আপোনালোকৰ চৰকাৰ আৰু আপোনালোকক আহ্বান জনাইছো যে এই অনুপ্ৰৱেশকাৰীসকলক ঘূৰাই পঠিয়াওক অন্য নহ’লেও অন্ততঃ অনুপ্ৰৱেশকাৰী চিনাক্ত কৰক। এয়া আপোনাৰ সাংবিধানিক কৰ্তব্য।’

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, ‘মই নিশ্চিত যে ঝাৰখণ্ড চৰকাৰে এই দায়িত্ব পালন কৰিব।’ একে সময়তে নৱনিৰ্বাচিত বিজেপি বিধায়কসকলকো বিধানসভাত অনুপ্ৰৱেশৰ বিষয়টো উত্থাপন কৰিবলৈ আহ্বান জনায়।
 
উল্লেখনীয় যে হেমন্ত ছোৰেনৰ জেএমএম নেতৃত্বাধীন মিত্ৰজোঁটে ঝাৰখণ্ডত বিধানসভাৰ ৮১ আসনৰ ৫৬খন আসন লাভ কৰি শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাই একেৰাহে দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহে। ইয়াৰ পৰিৱৰ্তে বিজেপি নেতৃত্বাধীন নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সে মাত্ৰ ২২খন আসনহে লাভ কৰিবলৈ সক্ষম হয় আৰু অন্যান্য দলে ৪ খন আসন লাভ কৰিবলৈ সক্ষম হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু