--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিবাদী কৃষকসকলে কোনো পধ্যে মানি ল’ব খোজা নাই চৰকাৰৰ প্ৰস্তাৱ৷ চৰকাৰ কৃষকসকলক পাঁচ বছৰৰ বাবে শস্যৰ নূন্যতম মূল্য দিব বুলি প্ৰস্তাৱ দিছিল যদিও সংযুক্ত কিষাণ মৰ্চাই চৰকাৰৰ এনে প্ৰস্তাৱ কোনোপধ্যে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে৷ কৃষকসকলে চৰকাৰৰ  পাঁচ বছৰৰ বাবে নূন্যতম  সমৰ্থন মূল্যত শস্য ক্ৰয় কৰাৰ প্ৰস্তাৱ নাকচ কৰি ২১ ফেব্ৰুৱাৰীত দিল্লী চলো অভিযান আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। কৃষকসকলৰ মতে তেওঁলোকৰ সকলো দাবী পূৰণ নোহোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব।

 কেন্দ্ৰই অহা পাঁচ বছৰৰ বাবে শস্যৰ নূন্যতম  সমৰ্থন মূল্যত কৃষকসকলৰ পৰা শস্য ক্ৰয় কৰিব বুলি কথা দিছিল৷  কেন্দ্ৰীয় খাদ্য মন্ত্ৰী পীয়ুষ গোৱেল, কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে এখন বৈঠকত এই কথা প্ৰকাশ কৰিছিল৷

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানো বৈঠকত  উপস্থিত আছিল। দেওবাৰে মাজনিশালৈকে দুয়োপক্ষৰ মাজত আলোচনা অব্যাহত আছিল। কিন্তু পিছদিনাই, কৃষকসকলে প্ৰস্তাৱটো নাকচ কৰে। এজন কৃষক নেতা চাৰৱান সিং পান্ধেৰে কয়, "চৰকাৰে আমি দিল্লী পোৱাটো নিবিচাৰে। কিন্তু যদি আলোচনাৰ জৰিয়তে কোনো সমাধান নাথাকে, আমি দিল্লীলৈ যাম। এতিয়া আমাক কন্দুৱা  গেছ  প্ৰয়োগ কৰিও ৰখাব নোৱাৰিব৷  হাৰিয়ানাত কাশ্মীৰৰ দৰে এক পৰিস্থিতিৰ সৃষ্টি হৈছে। "

একে সময়তে, কৃষকসকলৰ ফালৰ পৰা এইটো স্পষ্ট কৰা হৈছে  যে শস্যৰ বাবে নূন্যতম  সমৰ্থন মূল্যৰ বাবে চৰকাৰৰ প্ৰস্তাৱ কৃষকসকলৰ বাবে লাভজনক নহয়। দৰাচলতে, চৰকাৰে কৃষকসকলৰ মনোযোগ আন্দোলনৰ পৰা আঁতৰাই আনিবলৈ এনে  প্ৰস্তাৱ দিয়া বুলি কৃষকসকলে মন্তব্য কৰিছে৷  পান্ধেৰে সতৰ্ক কৰি দিছিল যে এইবাৰ যি ঘটিব তাৰ বাবে চৰকাৰ দায়বদ্ধ হ'ব। কৃষকসকলে পুনৰ ২১ ফেব্ৰুৱাৰীত এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব। কৃষক নেতাজনে ইংগিত দিয়ে যে যদি চৰকাৰে দমনৰ নীতি লয়, তেন্তে ইয়াৰ পৰিণাম বেয়া হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু