--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিবাদী কৃষকসকলে কোনো পধ্যে মানি ল’ব খোজা নাই চৰকাৰৰ প্ৰস্তাৱ৷ চৰকাৰ কৃষকসকলক পাঁচ বছৰৰ বাবে শস্যৰ নূন্যতম মূল্য দিব বুলি প্ৰস্তাৱ দিছিল যদিও সংযুক্ত কিষাণ মৰ্চাই চৰকাৰৰ এনে প্ৰস্তাৱ কোনোপধ্যে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে৷ কৃষকসকলে চৰকাৰৰ  পাঁচ বছৰৰ বাবে নূন্যতম  সমৰ্থন মূল্যত শস্য ক্ৰয় কৰাৰ প্ৰস্তাৱ নাকচ কৰি ২১ ফেব্ৰুৱাৰীত দিল্লী চলো অভিযান আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। কৃষকসকলৰ মতে তেওঁলোকৰ সকলো দাবী পূৰণ নোহোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব।

 কেন্দ্ৰই অহা পাঁচ বছৰৰ বাবে শস্যৰ নূন্যতম  সমৰ্থন মূল্যত কৃষকসকলৰ পৰা শস্য ক্ৰয় কৰিব বুলি কথা দিছিল৷  কেন্দ্ৰীয় খাদ্য মন্ত্ৰী পীয়ুষ গোৱেল, কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে এখন বৈঠকত এই কথা প্ৰকাশ কৰিছিল৷

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানো বৈঠকত  উপস্থিত আছিল। দেওবাৰে মাজনিশালৈকে দুয়োপক্ষৰ মাজত আলোচনা অব্যাহত আছিল। কিন্তু পিছদিনাই, কৃষকসকলে প্ৰস্তাৱটো নাকচ কৰে। এজন কৃষক নেতা চাৰৱান সিং পান্ধেৰে কয়, "চৰকাৰে আমি দিল্লী পোৱাটো নিবিচাৰে। কিন্তু যদি আলোচনাৰ জৰিয়তে কোনো সমাধান নাথাকে, আমি দিল্লীলৈ যাম। এতিয়া আমাক কন্দুৱা  গেছ  প্ৰয়োগ কৰিও ৰখাব নোৱাৰিব৷  হাৰিয়ানাত কাশ্মীৰৰ দৰে এক পৰিস্থিতিৰ সৃষ্টি হৈছে। "

একে সময়তে, কৃষকসকলৰ ফালৰ পৰা এইটো স্পষ্ট কৰা হৈছে  যে শস্যৰ বাবে নূন্যতম  সমৰ্থন মূল্যৰ বাবে চৰকাৰৰ প্ৰস্তাৱ কৃষকসকলৰ বাবে লাভজনক নহয়। দৰাচলতে, চৰকাৰে কৃষকসকলৰ মনোযোগ আন্দোলনৰ পৰা আঁতৰাই আনিবলৈ এনে  প্ৰস্তাৱ দিয়া বুলি কৃষকসকলে মন্তব্য কৰিছে৷  পান্ধেৰে সতৰ্ক কৰি দিছিল যে এইবাৰ যি ঘটিব তাৰ বাবে চৰকাৰ দায়বদ্ধ হ'ব। কৃষকসকলে পুনৰ ২১ ফেব্ৰুৱাৰীত এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব। কৃষক নেতাজনে ইংগিত দিয়ে যে যদি চৰকাৰে দমনৰ নীতি লয়, তেন্তে ইয়াৰ পৰিণাম বেয়া হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী