অসমৰ কোনোখন চৰকাৰেই অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিত অহিৰণা যোগোৱা নাই। এইক্ষেত্ৰত চৰকাৰবোৰৰ কোনোধৰণৰ আগ্ৰহো নাই। মন্ত্ৰী-বিষয়াসকল এনেকুৱা এটা পৰিমণ্ডলত বাস কৰে, যিটো পৰিমণ্ডলত অসমৰ সৰ্বসাধাৰণ নাগৰিকৰ আৱেগক বুজি পোৱাটো অত্যন্ত কঠিন। আপুনি নাভাবিব যে, অসমৰ মুখ্যমন্ত্ৰী বা অন্য কোনো নেতাই অসমীয়া মানুহৰ ভাষা আৰু সংস্কৃতিক লৈ আৱেগ অনুভৱ কৰিব পাৰে। অসমীয়া ভাষাক লৈ কোনো আৱেগ নথকা এইসকল ৰাজনৈতিক নেতা বাৰে বাৰে নিৰ্বাচনত জয়ী হৈছে আৰু নেতৃত্ব লৈ অসমীয়াবিৰোধী বিভিন্ন সিদ্ধান্তও জাপি দিছে। এই সিদ্ধান্তবোৰ প্ৰতিবাদ কৰি কেতিয়াবা মানিও ল’বলগীয়া হৈছে। ৰাজনৈতিক নেতাসকলে ভাবে যে, সৰ্বসাধাৰণ নাগৰিকৰ মূল সমস্যা অৰ্থকেন্দ্ৰিক।
সঁচাকৈয়ে সৰ্বসাধাৰণ নাগৰিকৰ মূল সমস্যা অৰ্থকেন্দ্ৰিক। সেয়ে বিজেপিয়ে সাধাৰণ নাগৰিকৰ বেংক একাউণ্টত নিৰ্বাচনৰ আগে আগে কেইহাজাৰমান নগদ ধন কেইবাটাও কিস্তিত ভৰাই দিয়ে। চৰকাৰে কিন্তু কেতিয়াও এই ধন এটা কিস্তিত নিদিয়ে। এটা কিস্তিত ধন দিলে ৰাইজে পাহৰি যাব আৰু ধনৰ মূল্য অনুভৱ কৰিব নোৱাৰিব বুলি বিশ্বাস কৰে ৰাজনৈতিক নেতাবোৰে। কৃষকৰ বাবে নিৰ্বাচনৰ আগে আগে ৬ হাজাৰকৈ টকা কেন্দ্ৰীয় চৰকাৰে আগবঢ়াছিল। এই ৬ হাজাৰ টকা তিনিটা কিস্তিত দিছিল। অসমতো ‘অৰুণোদয়’ আঁচনিৰ জৰিয়তে এজাহাৰ টকাকৈ এটা পৰিয়ালক দিবলৈ লোৱা হৈছে। ছাইনব’ৰ্ড, হৰ্ডিং, জনসংযোগৰ বিজ্ঞাপনৰ জৰিয়তে ইয়াৰ প্ৰচাৰ এনেকুৱাকৈ কৰা হৈছে যে, এই এজাহাৰ টকাৰ বাবে অসমীয়া সমাজখন যেন স্বাধীনতাৰ পাছত ৭৫ বছৰ ৰৈ আছিল। অসমীয়া মানুহৰ সকলো সমস্যা এই এহাজাৰ টকাত সমাধান হোৱা বুলিয়ে চৰকাৰে প্ৰচাৰ চলাইছে।
মাটিৰ খাজানা তিনিশ গুণপৰ্যন্ত বৃদ্ধি কৰাৰ পাছত এহাজাৰ টকাৰ মূল্য আছেনে? আছেনে চৰকাৰৰ ওচৰত জনজাতীয় লোকৰ ভূমিৰ অধিকাৰ? এইখন চৰকাৰেই জনজাতীয় বেষ্টনীৰ ভূমি উপায়ুক্তৰ অনুমতি লৈ অজনজাতীয় লোকে ক্ৰয় কৰাৰ এটা ভয়ংকৰ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰিছিল। এই সিদ্ধান্তৰ বিৰুদ্ধে কেতবোৰ জনজাতীয় দল-সংগঠনে প্ৰতিবাদ কৰিছিল যদিও চৰকাৰে সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে। চৰকাৰে কোনো গুৰুত্বই নিদিলে এই প্ৰতিবাদত। অসমৰ জনজাতীয় লোকৰ ভূমি কেইজনমান নিৰ্দিষ্ট ব্যৱসায়ীৰ হাতলৈ যোৱাৰ পথ এই সিদ্ধান্তৰ জৰিয়তে চৰকাৰে মুকলি কৰিলে।
ইয়াৰ পাছতে অসমীয়া ভাষাক লৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যত যিবোৰ প্ৰতিবাদ হৈছিল, তাৰো কোনো সুফল ভাষাটোৱে নাপালে। যি সময়ত অসমীয়া ভাষাক অসম চৰকাৰে অপমান কৰিছে, সেই সময়ত কবি নীলমণি ফুকনে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি ‘জ্ঞানপীঠ’ সন্মান লাভেৰে জাতিটোক গৌৰৱান্বিত কৰি তুলিলে। ৯ জানুৱাৰীত সামৰণি পৰা ‘অসম-গ্ৰন্থমেলা’ত অংশ লৈ ‘বড়ো সাহিত্য সভা’ৰ সভাপতি তৰেন বড়োৱে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যি সময়ত অসম চৰকাৰে অসমীয়া ভাষাৰ মৰ্যাদা লাঘৱ কৰিবলৈ উঠি-পৰি লাগিছে, সেই সময়ত বড়ো সাহিত্য সভাৰ সভাপতিগৰাকীয়ে মন্তব্য কৰিছে যে পৃথিৱীৰ ভিতৰতে অসমীয়া ভাষা এটা চহকী আৰু উন্নত ভাষা হিচাপে পৰিগণিত হৈছে। জনসংখ্যাৰ ফালৰ পৰা অসমীয়াভাষীৰ সংখ্যা বহুত নহ’লেও এই ভাষাটোৰ চৰ্চা কৰি এইপৰ্যন্ত তিনিজনকৈ সাহিত্যিকে ‘জ্ঞানপীঠ’ লাভ কৰাটো মুখৰ কথা নহয়। ‘অসম সাহিত্য সভা’ৰ বাবে জানিবলগীয়া কথাটো হ’ল যে, ‘জ্ঞানপীঠ’ লাভ কৰা তিনিগৰাকী অসমীয়া সাহিত্যিকৰ দুগৰাকীয়ে সাহিত্য সভাৰ সভাপতিৰ আসনত কোনোদিন বহি নাপালে। তদুপৰি ‘জ্ঞানপীঠ’ লাভ কৰা তিনিওগৰাকী অসমীয়া সাহিত্যিক চৰকাৰী বঁটা আৰু চৰকাৰী মানুহৰ পৰা যিদৰে আঁতৰি থাকিল, সেইদৰে কোনোদিন দিছপুৰত তেওঁলোকক দেখিবলৈ পোৱা নগ’ল। আনকি এওঁলোকে কোনোদিন চৰকাৰৰ বন্দনাও নকৰিলে।
আমি বিচাৰো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বেংকৰ চেকৰ পৰা আৰম্ভ কৰি পাৰ-পত্ৰত কৰা স্বাক্ষৰপৰ্যন্ত অসমীয়াতে কৰি ভাষাটোক সন্মান কৰক। পাৰ-পত্ৰত অসমীয়াত স্বাক্ষৰ কৰি ৰঞ্জিত গগৈৰ দৰে বিহুৱাই লণ্ডন, আমেৰিকাত সাংস্কৃতিক অনুষ্ঠানত অংশ লোৱাৰ উদাহৰণ আছে। অসমীয়া ভাষাৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত যদি বাধা হৈছে, তেনেহ’লে চৰকাৰখন আৰু চৰকাৰ পৰিচালনা কৰা মানুহৰ পৰিয়ালবোৰ। চৰকাৰখনৰ মুৰব্বীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিষয়াৰ পৰিয়ালৰ লোকসকলৰ মাজত অসমীয়া ভাষাৰ কোনোধৰণৰ চৰ্চা নহয়। এওঁলোকৰ ঘৰত পিতৃ-মাতৃ আৰু সন্তানে ইংৰাজী ভাষাত ভাবৰ আদান-প্ৰদান কৰাই নহয়, এটা এনেকুৱা পৰিৱেশৰ মাজত দিন-ৰাতি পাৰ কৰে, যাৰ ফলত অসমীয়া পঢ়িবও নাজানে আৰু অতি ভুলকৈ অসমীয়া ভাষাত কথা পাতে।
ইয়াৰ পাছতো অসমীয়া ভাষাৰ বিকাশ আৰু শ্ৰীবৃদ্ধিত নতুন প্ৰজন্মৰ অতি শিক্ষিত আৰু মেধাৱী হিচাপে পৰিচিত অসমীয়াসকল জড়িত হৈছে। অসমীয়া ভাষাৰ বিনাশ ঘটাবলৈ চৰকাৰী স্তৰত শেহতীয়াকৈ চলা সকলো প্ৰস্তুতিৰ বিৰুদ্ধে নতুন প্ৰজন্মৰ এইসকল অসমীয়া আগবাঢ়ি আহিব লাগিব।