--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিপদত বাবা। হয়, স্বদেশীৰ নাম লৈ ব্যৱসায়ৰ বিশাল সাম্ৰাজ্য মেলি দিয়া বাবা ৰামদেৱ পুনৰ বিপদত পৰিছে। অৱশ্যে এই বিপদ চৰকাৰৰ পৰা অহা নাই। এই বিপদ আহিছে খোদ উচ্চতম ন্যায়ালয়ৰ পৰা। 'ভুৱা আৰু বিভ্ৰান্তিকৰ' বিজ্ঞাপনৰ বাবে  পতঞ্জলিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে এইবাৰ কঠোৰ বাক্যবাণ শুনাইছে। মোদীৰ চৰকাৰক লক্ষ্য কৰি উচ্চতম  ন্যায়ালয়ে মন্তব্য কৰে, "চৰকাৰে চকু বন্ধ কৰি বহি আছে।’’ 

যোৱা বছৰৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে মিছা তথ্যৰ সৈতে বিজ্ঞাপন প্ৰকাশ  কৰাৰ বাবে যোগ গুৰু ৰামদেৱৰ মালিকানাধীন কোম্পানীবোৰৰ ওপৰত ১ কোটি টকালৈকে জৰিমনা আৰোপ কৰিছিল। মোদী চৰকাৰকো সেই সময়ত উচ্চতম ন্যায়ালয়ে তীব্ৰ  নিন্দাৰ কৰিছিল। ইমানৰ পিছতো মোদীৰ চৰকাৰে ৰামদেৱৰ কোম্পানীৰ ভুৱা বিজ্ঞাপনৰ বিৰুদ্ধে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাছিল। চৰকাৰৰ ভাতঘৰৰ মানুহ হৈ পৰা ৰামদেৱক আনকি চৰকাৰে বিভিন্ন ৰাজ্যত উদ্যোগ স্থাপনৰ বাবে মাটিহে উলিয়াই দিছিল। কিন্তু এইবাৰ পুনৰ চৰকাৰী পৃষ্ঠপোষকতায়ো ৰক্ষা কৰিব নোৱাৰিলে বাবা ৰামদেৱক। উল্লেখ্য  পতঞ্জলীয়ে আধুনিক ঔষধৰ বিৰোধিতা কৰি ভুল তথ্যৰে বিজ্ঞাপন  প্ৰকাশ কৰি অহা বুলি আইএমএই  এটা গোচৰ ৰুজু কৰিছিল । ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে পতঞ্জলিৰ বিজ্ঞাপনসমূহ সন্দৰ্ভত  তীব্ৰ ভৰ্ৎসনা কৰিছিল। আদালতে  স্পষ্ট কৰি দিছে যে বিভ্ৰান্তিকৰ বা মিছা তথ্যৰে বিজ্ঞাপন প্ৰকাশ কৰিব  নোৱাৰি।


ন্যায়ালয়ে  বিষয়টোক লৈ কেন্দ্ৰকো সমালোচনা কৰে। বিচাৰপীঠে কয় "এয়া অতি দুৰ্ভাগ্যজনক । চৰকাৰে দ্ৰুততাৰে কাম কৰিব লাগিব।"   কেন্দ্ৰৰ হৈ উপস্থিত থকা অধিবক্তাসকলক এইটোও কৈছিল যে ই এনে ভুৱা চিকিৎসা বিজ্ঞাপনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও আদালতে কয়। 

যোৱা বছৰৰ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে পতঞ্জলিৰ লগতে  ৰামদেৱক ভৰ্ৎসনা কৰি কৈছিল, " ৰামদেৱ বাবাৰ কি হ'ল? তেওঁ যিদৰে যোগক জনপ্ৰিয় কৰিছিল আমি তেওঁক সন্মান কৰোঁ। কিন্তু তেওঁ আন প্ৰণালীক সমালোচনা কৰা উচিত নহয়। আপুনি দেখিছে যে কেনেকৈ সকলো চিকিৎসকক তেওঁলোকৰ বিজ্ঞাপনত হত্যাকাৰী হিচাপে দেখুওৱা হৈছে।  "

উচ্চতম ন্যায়ালয়ত বাবা ৰামদেৱৰ বিৰুদ্ধে কেইবাটাও গোচৰ চলি  আছে। কোভিড মহামাৰীৰ সময়তযোগ গুৰুজনে কৰোনাৰ চিকিৎসাত এলোপেথিৰ ব্যৱহাৰ সম্পৰ্কে  আপত্তিজনক  মন্তব্য কৰিছিল। তেওঁ চিকিৎসকসকলকো তীব্ৰ সমালোচনা কৰিছিল। ইয়াৰ পিছত  আইএমএফে কেইবাখনো ৰাজ্যত এজাহাৰ দাখিল কৰিছিল। যোগ গুৰুজনে সকলো অভিযোগৰ তদন্তৰ  স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু