--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিপদত বাবা। হয়, স্বদেশীৰ নাম লৈ ব্যৱসায়ৰ বিশাল সাম্ৰাজ্য মেলি দিয়া বাবা ৰামদেৱ পুনৰ বিপদত পৰিছে। অৱশ্যে এই বিপদ চৰকাৰৰ পৰা অহা নাই। এই বিপদ আহিছে খোদ উচ্চতম ন্যায়ালয়ৰ পৰা। 'ভুৱা আৰু বিভ্ৰান্তিকৰ' বিজ্ঞাপনৰ বাবে  পতঞ্জলিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে এইবাৰ কঠোৰ বাক্যবাণ শুনাইছে। মোদীৰ চৰকাৰক লক্ষ্য কৰি উচ্চতম  ন্যায়ালয়ে মন্তব্য কৰে, "চৰকাৰে চকু বন্ধ কৰি বহি আছে।’’ 

যোৱা বছৰৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে মিছা তথ্যৰ সৈতে বিজ্ঞাপন প্ৰকাশ  কৰাৰ বাবে যোগ গুৰু ৰামদেৱৰ মালিকানাধীন কোম্পানীবোৰৰ ওপৰত ১ কোটি টকালৈকে জৰিমনা আৰোপ কৰিছিল। মোদী চৰকাৰকো সেই সময়ত উচ্চতম ন্যায়ালয়ে তীব্ৰ  নিন্দাৰ কৰিছিল। ইমানৰ পিছতো মোদীৰ চৰকাৰে ৰামদেৱৰ কোম্পানীৰ ভুৱা বিজ্ঞাপনৰ বিৰুদ্ধে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাছিল। চৰকাৰৰ ভাতঘৰৰ মানুহ হৈ পৰা ৰামদেৱক আনকি চৰকাৰে বিভিন্ন ৰাজ্যত উদ্যোগ স্থাপনৰ বাবে মাটিহে উলিয়াই দিছিল। কিন্তু এইবাৰ পুনৰ চৰকাৰী পৃষ্ঠপোষকতায়ো ৰক্ষা কৰিব নোৱাৰিলে বাবা ৰামদেৱক। উল্লেখ্য  পতঞ্জলীয়ে আধুনিক ঔষধৰ বিৰোধিতা কৰি ভুল তথ্যৰে বিজ্ঞাপন  প্ৰকাশ কৰি অহা বুলি আইএমএই  এটা গোচৰ ৰুজু কৰিছিল । ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে পতঞ্জলিৰ বিজ্ঞাপনসমূহ সন্দৰ্ভত  তীব্ৰ ভৰ্ৎসনা কৰিছিল। আদালতে  স্পষ্ট কৰি দিছে যে বিভ্ৰান্তিকৰ বা মিছা তথ্যৰে বিজ্ঞাপন প্ৰকাশ কৰিব  নোৱাৰি।


ন্যায়ালয়ে  বিষয়টোক লৈ কেন্দ্ৰকো সমালোচনা কৰে। বিচাৰপীঠে কয় "এয়া অতি দুৰ্ভাগ্যজনক । চৰকাৰে দ্ৰুততাৰে কাম কৰিব লাগিব।"   কেন্দ্ৰৰ হৈ উপস্থিত থকা অধিবক্তাসকলক এইটোও কৈছিল যে ই এনে ভুৱা চিকিৎসা বিজ্ঞাপনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও আদালতে কয়। 

যোৱা বছৰৰ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে পতঞ্জলিৰ লগতে  ৰামদেৱক ভৰ্ৎসনা কৰি কৈছিল, " ৰামদেৱ বাবাৰ কি হ'ল? তেওঁ যিদৰে যোগক জনপ্ৰিয় কৰিছিল আমি তেওঁক সন্মান কৰোঁ। কিন্তু তেওঁ আন প্ৰণালীক সমালোচনা কৰা উচিত নহয়। আপুনি দেখিছে যে কেনেকৈ সকলো চিকিৎসকক তেওঁলোকৰ বিজ্ঞাপনত হত্যাকাৰী হিচাপে দেখুওৱা হৈছে।  "

উচ্চতম ন্যায়ালয়ত বাবা ৰামদেৱৰ বিৰুদ্ধে কেইবাটাও গোচৰ চলি  আছে। কোভিড মহামাৰীৰ সময়তযোগ গুৰুজনে কৰোনাৰ চিকিৎসাত এলোপেথিৰ ব্যৱহাৰ সম্পৰ্কে  আপত্তিজনক  মন্তব্য কৰিছিল। তেওঁ চিকিৎসকসকলকো তীব্ৰ সমালোচনা কৰিছিল। ইয়াৰ পিছত  আইএমএফে কেইবাখনো ৰাজ্যত এজাহাৰ দাখিল কৰিছিল। যোগ গুৰুজনে সকলো অভিযোগৰ তদন্তৰ  স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান