--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শোকাৱহ ঘটনা সংঘটিত হৈছে দিল্লীত ।  মাত্ৰ তিনি মাহ পূৰ্বে  বিবাহপাশত আৱদ্ধ হোৱা দম্পত্তীৰ শোকাৱহভাবে মৃত্যু ঘটিল। ।  উত্তৰ প্ৰদেশৰ দম্পতীহালৰ এনে মৃত্যুৱে এতিয়া সকলোকে শোকস্তব্ধ কৰি তুলিছে। 

২৫ বছৰীয়া অভিষেক আহলুৱালিয়াই  দিল্লী চিৰিয়াখানালৈ গৈছিল।  চিৰিয়াখানাত ঘূৰি-ফুৰি থকাৰ সময়তে অভিষেকে হঠাতে  বুকুৰ বিষ অনুভৱ কৰিবলৈ  আৰম্ভ কৰে। তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ অৱস্থাৰ অধিক  অৱনতি ঘটাত  তেওঁক গুৰু টেগ বাহাদুৰ চিকিৎসালয়ৰ পৰা চফদৰজং চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়। কিন্তু তাতেই  অভিষেকৰ মৃত্যু হয়। চিকিৎসকসকলে প্ৰকাশ কৰা মতে তেওঁৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে।অভিষেকৰ মৃতদেহ ঘৰলৈ  নিয়া হয়। 

অভিষেকৰ পত্নী অঞ্জলীয়ে তেওঁৰ স্বামীৰ মৃতদেহ দেখি কান্দোনত ভাগি পৰে। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পত্নীয়ে অভিষেকৰ   মৃতদেহ দেখি  অষ্টম মহলাৰ বাৰান্দাৰ ফালে দৌৰি গৈছিল। তাৰ পিছতে তেওঁ অষ্টম মহলাৰ পৰা তললৈ জঁপিয়াই দিয়ে।  তেওঁক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়।কিন্তু অঞ্জলীৰ মৃত্যু হয়।

এই শোকাৱহ ঘটনা সন্দৰ্ভত অভিষেকৰ আত্মীয়ই কয় , "অভিষেকৰ মৃতদেহ ঘৰলৈ অনাৰ পিছৰে পৰা অঞ্জলীয়ে অস্থিৰ হৈ কান্দিছিল । হঠাতেওপৰৰ মহলালৈ উঠি গৈছিল। তাৰ পিছতেই তেওঁ তললৈ জাঁপ মাৰিছিল।  গাজিয়াবাদৰ দম্পতীহালে ৩০ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দাম্পত্য জীৱন মাত্ৰ তিনি মাহতে শেষ হৈ গ’ল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক